শান্তি বৰ্তাই ৰখাৰ লগতে এখন প্ৰাণৱন্ত বড়ো সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এক বৃহৎ অনুষ্ঠান
প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত এই মহোৎসৱে পুনৰুদ্ধাৰ আৰু স্থায়িত্বৰ যাত্ৰা উদযাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নতুন দিল্লীৰ এছএআই ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত প্ৰথম বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰিব। তেওঁ অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰিব।

১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। শান্তি বৰ্তাই ৰখাৰ লগতে এখন প্ৰাণৱন্ত বড়ো সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এয়া এক বৃহৎ অনুষ্ঠান। ইয়াৰ লক্ষ্য হৈছে বড়োলেণ্ডৰ উপৰি অসম, পশ্চিমবংগ, নেপাল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বাস কৰা থলুৱা বড়ো লোকসকলক একত্ৰিত কৰা। মহোৎসৱৰ বিষয়বস্তু হৈছে বড়ো সম্প্ৰদায়ৰ লগতে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ৰ অন্যান্য সম্প্ৰদায়ৰ সমৃদ্ধ সংস্কৃতি, ভাষা আৰু শিক্ষা সন্দৰ্ভত বিশেষ গুৰুত্বসহ 'সমৃদ্ধ ভাৰতৰ বাবে শান্তি আৰু সম্প্ৰীতি'। ইয়াৰ লক্ষ্য হৈছে পাৰিপাৰ্শ্বিক জীৱ বৈচিত্ৰ্য, বড়োলেণ্ডৰ পৰ্যটনৰ সম্ভাৱনা আৰু সাংস্কৃতিক আৰু ভাষিক ঐতিহ্যৰ ঐশ্বৰ্যক শক্তিশালী কৰা।

তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছৰে পৰা পুনৰুদ্ধাৰ আৰু স্থায়িত্বৰ উল্লেখযোগ্য যাত্ৰা হিচাপে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই শান্তি চুক্তিয়ে বড়োলেণ্ডত কেইবাদশক ধৰি চলা সংঘৰ্ষ, হিংসা আৰু প্ৰাণহানিৰ সমাধান কৰাৰ লগতে অন্যান্য দিশত শান্তিপূৰ্ণ নিষ্পত্তিৰ ক্ষেত্ৰতো অনুঘটক হিচাপে কাম কৰিছে।

"ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি অৱদান আগবঢ়োৱা সমৃদ্ধ বড়ো সংস্কৃতি, পৰম্পৰা তথা সাহিত্য" সন্দৰ্ভত বিশেষ বৈঠক মহোৎসৱৰ মুখ্য আকৰ্ষণ হিচাপে পৰিগণিত হোৱাৰ লগতে ইয়াত বিভিন্ন সমৃদ্ধ বড়ো সংস্কৃতি, পৰম্পৰা, ভাষা তথা সাহিত্য সন্দৰ্ভত আলোচনা কৰা হ'ব। "ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ জৰিয়তে নিৰ্দেশনাৰ মাধ্যম হিচাপে মাতৃভাষাৰ প্ৰত্যাহ্বান আৰু সুযোগ" সন্দৰ্ভত আন এখন বৈঠকো অনুষ্ঠিত হ'ব। বড়োলেণ্ড অঞ্চলৰ পৰ্যটন আৰু সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্যে "সংস্কৃতি আৰু পৰ্যটনৰ জৰিয়তে 'প্ৰাণৱন্ত বড়োলেণ্ড' নিৰ্মাণ সন্দৰ্ভত আলোচনা তথা থলুৱা সাংস্কৃতিক বৈঠক"ৰো আয়োজন কৰা হ'ব।

এই সমাৱেশত অন্যান্যসকলৰ লগতে বড়োলেণ্ড অঞ্চল, অসম, পশ্চিমবংগ, ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ তথা ভাৰতৰ অন্যান্য প্ৰান্তৰ উপৰি চুবুৰীয়া ৰাজ্য নেপাল আৰু ভূটানৰ পৰা পাঁচ হাজাৰৰো অধিক সাংস্কৃতিক, ভাষিক আৰু কলাৰ ক্ষেত্ৰত আগ্ৰহী লোকে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership