প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে ১৮ জানুৱাৰী, ২০২৩ৰ দুপৰীয়া ১ বজাত বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷

২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভ দুটা পৰ্যায়ত আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায় ২০২২ চনৰ ১০ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল। ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাকুম্ভ অনুষ্ঠিত হ’ব।

খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়। খেল মহাকুম্ভাই বস্তি জিলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰ লগতে ক্ৰীড়াক পেছা হিচাপে বাছি ল’বলৈ প্ৰেৰণা যোগোৱাৰ এক মঞ্চ হিচাপে কাম কৰে। তদুপৰি অঞ্চলটোৰ যুৱ সমাজৰ মাজত অনুশাসন, দলীয় কাম, সুস্থ প্ৰতিযোগিতা, আত্মবিশ্বাস আৰু দেশপ্ৰেমৰ ভাৱ গঢ়ি তোলাত সহায় কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India