দেশখনৰ পূব আৰু উত্তৰ-পূব অংশৰ কৰ্কট ৰোগীসকলকে প্ৰমুখ্য কৰি ৰোগীসকললৈ বিস্তৃত কেয়াৰ প্ৰশস্ত কৰিব এই চৌহদে
সমগ্ৰ দেশখনতে স্বাস্থ্য সুবিধা সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰ সৈতে সংগতি ৰাখিয়েই এই আয়োজন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২ ৰ ৭ জানুৱাৰীৰ দুপৰীয়া ১ বজাত কলকাতাত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (CNCI) ৰ দ্বিতীয় চৌহদ উদ্বোধন কৰিব।

দেশখনৰ সকলো প্ৰান্ততে স্বাস্থ্য সুবিধাসমূহৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰ সৈতে সংগতি ৰাখিয়েই চিএনচিআইৰ দ্বিতীয় চৌহদটো নিৰ্মাণ কৰা হৈছে। চিএনচিআয়ে অধিক কৰ্কট ৰোগীক সেৱা আগবঢ়াবলগীয়া হৈছিল আৰু বহু সময়ত সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা যায়। এই প্ৰয়োজনীয়তা দ্বিতীয় চৌহদটোৰ জৰিয়তে পূৰণ কৰা হ'ব।

চিএনচিআইৰ দ্বিতীয় চৌহদটো ৫৩০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে, যাৰ ভিতৰত প্ৰায় ৪০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে আৰু বাকীখিনি পশ্চিম বংগ চৰকাৰে ৭৫:২৫ অনুপাতত প্ৰদান কৰিছে। চৌহদটো হৈছে কৰ্কট ৰোগ নিৰ্ণয়, ষ্টেজিং, চিকিৎসা আৰু যত্নৰ বাবে অত্যাধুনিক আন্তঃগাঁথনিৰে ৪৬০ খন বিচনাযুক্ত সামগ্ৰিক কৰ্কট কেন্দ্ৰ গোট। চৌহদটোত আধুনিক সুবিধা যেনেঃ নিউক্লিয়াৰ মেডিচিন (PET), ৩.০ টেছলা এমআৰআই, ১২৮ শ্লাইচ চিটি স্কেনাৰ, ৰেডিঅ'নিউক্লাইড থেৰাপী ইউনিট, এণ্ড’স্ক’পী চুইট, আধুনিক ব্ৰেকিথেৰাপী ইউনিট আদি আছে। চৌহদটোৱে এক উন্নত কৰ্কট গৱেষণা সুবিধা হিচাপেও কাম কৰিব আৰু দেশখনৰ পূব আৰু উত্তৰ-পূব অংশৰ কৰ্কট ৰোগীসকলকে প্ৰমুখ্য কৰি ৰোগীসকললৈ বিস্তৃত কেয়াৰ প্ৰশস্ত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"Overwhelmed By The Warmth": PM Modi Receives Grand Welcome In Uzbekistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi