Ro-Pax ferry service will reduce travel time, logistics cost and lower environmental footprint
It will create new avenues for jobs & enterprises and give a boost to tourism in the region
Event marks a big step towards PM’s vision of harnessing waterways and integrating them with economic development of the country

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নবেম্বৰ, ২০২০ত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰিব। এয়া জলপথৰ ব্যৱহাৰ আৰু তাক দেশৰ অৰ্থনৈতিক বিকাশৰ সৈতে একত্ৰিত কৰিবৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিজ্যনৰ দিশত এক বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত এই সেৱা ব্যৱহাৰ কৰা স্থানীয় মানুহৰ সৈতে বাৰ্তালাপো কৰিব। এই উপলক্ষে শ্বিপিং ৰাজ্য মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

 

হাজাৰিত আৰম্ভ কৰা ৰো-পেক্স টাৰ্মিনেল ১০০ মিটাৰ দীঘল আৰু ৪০ মিটাৰ বহল, যাৰ ওপৰত আনুমানিক ২৫ কোটি টকাৰ ব্যয় হৈছে। এই টাৰ্মিনেলত প্ৰশাসনীয় কাৰ্যালয় ভবন, পাৰ্কিং ক্ষেত্ৰ, ছাবষ্টেচন আৰু ৱাটাৰ টাৱাৰ আদি বিভিন্ন সুবিধা আছে।

 

ৰো-পেক্স ফেৰী ভেছেল 'ভয়েজ ছীম্ফনি' ভিডব্লিউটি ২৫০০-২৭০০ এমটি, ১২,০০০ৰ পৰা ১৫,০০০ জিটি স্থাপনেৰে এখন তিনিমহলীয়া জাহাজ। ইয়াৰ প্ৰধান ডেকৰ ভাৰ সমতা ৩০ ট্ৰাক (প্ৰত্যেকত ৫০ এমটি), ওপৰৰ ডেকৰ ১০০ যাত্ৰী কাৰ আৰু যাত্ৰী ডেকৰ ক্ষমতা ৫০০ যাত্ৰী তথা ৩৪ ক্ৰু আৰু অতিথি সেৱা কৰ্মচাৰীৰ।

 

হাজাৰি-ঘোঘা ৰো-পেক্স ফেৰী সেৱাৰ কেইবাটাও লাভ হ'ব। ই দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰ ক্ষেত্ৰৰ দুৱাৰ হিচাপে কাম কৰিব। ইয়াৰ ফলত ঘোঘা আৰু হাজিৰাৰ মাজৰ দূৰত্ব ৩৭ কিলোমিটাৰৰ পৰা কমি ৯০ কিলোমিটাৰ হ'ব। ইয়াৰ উপৰিও কাৰ্গো লজিষ্টিকৰ সময় ১০-১২ ঘণ্টাৰ পৰা কমি প্ৰায় ৪ ঘণ্টা হোৱাৰ পৰিণতিত ইন্ধন (দৈনিক প্ৰায় ৯,০০০ লিটাৰ)ৰ বৃহৎ ৰাহি হ'ব আৰু বাহনৰ চোৱাচিতাৰ ব্যয় যথেষ্ট হ্ৰাস পাব। ফেৰী সেৱা ঘোঘা-হাজিৰা পথত দৈনিক ৩ ৰাউণ্ড ট্ৰিপৰ মাধ্যমত বছৰি প্ৰায় ৫ লাখ যাত্ৰী, ৮০,০০০ যাত্ৰী বাহন, ৫০,০০০ দুচকীয়া বাহন আৰু ৩০,০০০ ট্ৰাকৰ পৰিবহন কৰিব। ইয়াৰ ফলত ট্ৰাক চালকৰ কষ্ট কম হ'ব আৰু অতিৰিক্ত ট্ৰিপৰ অধিক সুবিধা পোৱা বাবে তেওঁলোকৰ আয়ো বৃদ্ধি পাব। ইয়াৰ ফলত চিঅ'২ৰ সৃষ্টিত নিতৌ প্ৰায় ২৪এমটি পৰ্যন্ত হ্ৰাস হ'ব আৰু বছৰি মুঠ প্ৰায় ৮৬৫৩ এমটি ৰাহি হ'ব। ইয়াৰ ফলত সৌৰাষ্ট্ৰ ক্ষেত্ৰ পৰ্যন্ত যোৱাটো সহজ হোৱাৰ লগতে পৰ্যটন উদ্যোগে গতি লাভ কৰিব আৰু কৰ্ম সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব। ফেৰী সেৱা আৰম্ভ হোৱাৰ লগে লগে, সৌৰাষ্ট্ৰ আৰু কচ্ছ ক্ষেত্ৰত বন্দৰ ক্ষেত্ৰ, ফাৰ্ণিচাৰ আৰু সাৰ উদ্যোগ উৎসাহিত হ'ব। গুজৰাট বিশেষকৈ পোৰবন্দৰ, সোমনাথ, দ্বাৰকা আৰু পলিটানাত পৰিস্থিতিৰ পৰ্যটন আৰু ধাৰ্মিক পৰ্যটনত যথেষ্ট উন্নতি হ'ব। এই ফেৰী সেৱাৰ মাধ্যমত সংযোগৰ সংস্কাৰৰ ফলত গিৰৰ প্ৰসিদ্ধ এছীয় সিংহ বন্যজীৱ অভয়াৰণ্যলৈ অহা পৰ্যটকৰ সংখ্যাও বাঢ়িব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
E-Samudra: India’s digital push to reshape maritime governance

Media Coverage

E-Samudra: India’s digital push to reshape maritime governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to release the Autobiography of Former President Shri Ram Nath Kovind on 12 August
August 11, 2026
Title of the Autobiography: “Triumph of the Indian Republic: My Life, My Struggles”

Prime Minister Shri Narendra Modi will release the autobiography of former President of India, Shri Ram Nath Kovind, titled “Triumph of the Indian Republic: My Life, My Struggles”, on 12 August, 2026, at 9:30 AM at Vigyan Bhavan, New Delhi. Prime Minister will also address the gathering on the occasion.

The release of the autobiography by the Prime Minister will mark a significant occasion celebrating the life and contributions of one of India’s most distinguished public figures. The autobiography offers a deeply personal account of Shri Ram Nath Kovind’s remarkable life journey, tracing his experiences, struggles and achievements from his early years to his distinguished public life and eventual service as the 14th President of India. The book provides insights into the values, experiences and circumstances that shaped his journey and public service.