ফৰামে 'ফিনটেক বিয়ণ্ড বাউণ্ডেৰী', 'ফিনটেক বিয়ণ্ড ফাইনেন্স' আৰু 'ফিনটেক বিয়ণ্ড নেক্সট'কে ধৰি ভিন্ন উপ থীমৰে 'বিয়ণ্ড' বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২১ ৰ পুৱা ১০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ফিনটেক সন্দৰ্ভত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফৰাম উদ্বোধন কৰিব।

২০২১ ৰ ৩ আৰু ৪ ডিচেম্বৰত জিআইএফটি চিটি আৰু ব্লুমবাৰ্গৰ সহযোগত ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণে (IFSCA) এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। ইণ্ডোনেছিয়া, দক্ষিণ আফ্ৰিকা আৰু যুক্তৰাজ্য হৈছে ফৰামৰ এই প্ৰথম সংস্কৰণত অংশীদাৰ দেশ।

ইনফিনিটি ফৰামে আলোচনাৰ অৰ্থে বিশ্বখনৰ আগশাৰীৰ ভাৱনাবোৰক নীতি, ব্যৱসায় আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত একত্ৰিত কৰিব আৰু সামগ্ৰিক বিকাশ আৰু বিস্তৃতভাৱে মানৱতাৰ সেৱাৰ বাবে ফিনটেক উদ্যোগটোৰদ্বাৰা কেনেদৰে প্ৰযুক্তি আৰু উদ্ভাৱনক ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে কাৰ্য্যকৰী অন্তৰ্দৃষ্টি যুগুত কৰিব।

মঞ্চৰ কাৰ্য্যসূচীত সীমাৰ বাহিৰত ফিনটেককে ধৰি ভিন্ন উপ-বিষয়বস্তুৰ সৈতে 'বিয়ণ্ড' বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব; চৰকাৰ আৰু ব্যৱসায়সমূহে বিত্তীয় সামগ্ৰিকতা প্ৰোৎসাহনৰ বাবে বৈশ্বিক স্তূপৰ বিকাশত ভৌগোলিক সীমাৰ বাহিৰত গুৰুত্ব আৰোপ; ফিনটেক বিত্তৰ বাহিৰত, বহনক্ষম বিকাশৰ বাবে স্পেচটেক, গ্ৰীণটেক আৰু এগ্ৰিটেকৰ দৰে উদীয়মান ক্ষেত্ৰৰ সৈতে অভিসৃতি; আৰু ফিনটেক বিয়ণ্ড নেক্সট, ভৱিষ্যতে কোৱাণ্টাম কম্পিউটিঙে কেনেদৰে ফিনটেক উদ্যোগৰ প্ৰকৃতি প্ৰভাৱিত কৰিব পাৰে আৰু নতুন সুযোগৰাজিক প্ৰোৎসাহিত কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি।

এই মঞ্চত ৭০ খনৰোধিক দেশে অংশগ্ৰহণ কৰিব। মঞ্চৰ মুখ্য বক্তাসকলৰ ভিতৰত আছে মালয়েছিয়াৰ বিত্তমন্ত্ৰী টেংকু যফৰুল আজিজ, ইণ্ডোনেছিয়াৰ বিত্তমন্ত্ৰী মুলিয়ানী ইন্দ্ৰাৱতী, ইণ্ডোনেছিয়াৰ সৃষ্টিশীল অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী সন্দিয়াগা এছ উনো, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আৰু এমডি মুকেশ আম্বানী, ছফ্টবেংক গ্ৰুপ কৰ্পৰেশ্যনৰ অধ্যক্ষ ও চিইঅ’ মাচায়োশি চোন, আইবিএম কৰ্পৰেশ্যনৰ অধ্যক্ষ আৰু চিইঅ’ অৰবিন্দ কৃষ্ণ, কটক মহিন্দ্ৰা বেংক লিমিটেডৰ এমডি আৰু চিইঅ’ উদয় কটক তথা আন-আনসকল। নিটি আয়োগ, ইনভেষ্ট ইণ্ডিয়া, ফিক্কি আৰু নাছকম হৈছে এই বছৰৰ ফৰামৰ কেইটামান মুখ্য অংশীদাৰ।

আইএফএছচিএ সম্পৰ্কে

গুজৰাটৰ গান্ধীনগৰৰ গিফ্ট চিটিত মুখ্য কাৰ্য্যালয়স্থিত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ (IFSCA) ক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ আইন, ২০১৯ ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল। ই ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ (IFSC) ত বিত্তীয় সামগ্ৰী, বিত্তীয় সেৱা আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বিকাশ আৰু নিয়ন্ত্ৰণৰ অৰ্থে এক একত্ৰিত কৰ্তৃপক্ষ হিচাপে কাম কৰে। বৰ্তমান, গিফ্ট আইএফএছচি হৈছে ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative

Media Coverage

From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 আগষ্ট 2026
August 23, 2026

From Free Coaching to 400+ Space Startups — India’s Atmanirbhar Leap Under PM Modi