ঋণ সংযোগী চৰকাৰী আঁচনিৰ বাবে জন সামৰ্থ শীৰ্ষক ৰাষ্ট্ৰীয় প’ৰ্টেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুন, ২০২২ৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ আইকনিক উইক উদযাপন অনুষ্ঠান উদ্বোধন কৰিব। ৬ৰ পৰা ১১জুন, ২০২২লৈ ‘আজাদী কা অমৃত মহোৎসৱ’(আকাম)ৰ অংশ হিচাপে এই সপ্তাহ উদযাপন কৰা হৈছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঋণ সংযোগী চৰকাৰী আঁচনিৰ বাবে জন সামৰ্থ প’ৰ্টেল শীৰ্ষক এটা ৰাষ্ট্ৰীয় প’ৰ্টেল মুকলি কৰিব। এয়া চৰকাৰী ঋণ আঁচনিসমূহক সংযোগ কৰা ৱান ষ্টপ ডিজিটেল প’ৰ্টেল। এইটো এনেধৰণৰ প্ৰথমটো মঞ্চ, যি হিতাধিকাৰীসকলক ঋণদাতাৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰে। জন সমৰ্থ প’ৰ্টেলৰ মূল উদ্দেশ্য হৈছে সহজ-সৰল ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন খণ্ডক পথ প্ৰদৰ্শন কৰি সঠিকভাৱে চৰকাৰী সুবিধা প্ৰদানেৰে সৰ্বাংগীন বিকাশ আৰু উন্নয়নক উৎসাহিত কৰা। এই প’ৰ্টেলে সকলো সংযুক্ত আঁচনিক সম্পূৰ্ণৰূপে সামৰি লোৱাটো নিশ্চিত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক ডিজিটেল প্ৰদৰ্শনী উদ্বোধন কৰিব, য’ত বিগত আঠ বছৰত দুয়োটা মন্ত্ৰালয়ৰ যাত্ৰাৰ আভাস দিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১টকা, ২টকা, ৫টকা, ১০টকা আৰু ২০টকা মুদ্ৰাৰ বিশেষ ছিৰিজো মুকলি কৰিব। এই বিশেষ ছিৰিজৰ মুদ্ৰাসমূহৰ থিম হ’ব আকামৰ ল’গ’ আৰু ইয়াৰ উপৰি দৃষ্টিশক্তিহীন লোকসকলে এই মু্দ্ৰা সহজে চিনাক্ত কৰিব পাৰিব৷

সমগ্ৰ দেশৰ ৭৫টা স্থানত একেলগে এই কাৰ্যসূচী আয়োজন কৰা হ’ব আৰু প্ৰতিটো স্থান ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে মূল স্থানৰ সৈতে সংযোগ কৰা হ’ব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 06 আগষ্ট 2026
August 06, 2026

New India Defies the Storm: Multi-Front Progress Under PM Modi