প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু চিবিআইৰ শ্ৰেষ্ঠ তদন্তকাৰী বিষয়াৰ স্বৰ্ণ পদক প্ৰদান কৰিব
চিবিআইৰ হীৰক জয়ন্তী উদযাপন বৰ্ষ উপলক্ষে ডাক টিকট আৰু স্মাৰক মুদ্ৰা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় অনুসন্ধান সংস্থা (CBI)ৰ হীৰক জয়ন্তী উদযাপনৰ কাৰ্য্যসূচী উদ্বোধন কৰিব।

এই কাৰ্য্যসূচীত বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু চিবিআইৰ শ্ৰেষ্ঠ তদন্তকাৰী বিষয়াৰ স্বৰ্ণ পদক লাভ কৰাসকলৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াত প্ৰধানমন্ত্ৰীয়ে বঁটাপ্ৰাপকসকলক পদক প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে শ্বিলং, পুনে আৰু নাগপুৰত চিবিআইৰ নৱ-নিৰ্মিত কাৰ্য্যালয় কমপ্লেক্স উদ্বোধন কৰিব। তেখেতে চিবিআইৰ হীৰক জয়ন্তী উদযাপন বৰ্ষ উপলক্ষে ডাক টিকট আৰু স্মাৰক মুদ্ৰা মুকলি কৰিব। লগতে তেখেতে চিবিআইৰ টুইটাৰ হেণ্ডেল মুকলি কৰিব।

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ১৯৬৩ৰ ১ এপ্ৰিলৰ এক প্ৰস্তাৱ অনুসৰি কেন্দ্ৰীয় অনুসন্ধান সংস্থা গঠন কৰা হৈছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
HPV vaccination drive crosses 8 mn doses as India targets cervical cancer

Media Coverage

HPV vaccination drive crosses 8 mn doses as India targets cervical cancer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push