প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ফেব্ৰুৱাৰী, ২০২৪ৰ পুৱা প্ৰায় ১০ বজাত বিজ্ঞান ভৱনত কমনৱেলথ লিগেল এডুকেচন এছ'চিয়েচন (চিএলইএ)-কমনৱেলথ এটৰ্নী আৰু ছলিচিটৰ জেনেৰেল সন্মিলন (চিএএছজিচি) ২০২৪ উদ্বোধন কৰিব।এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

সন্মিলনৰ বিষয়বস্তু হৈছে “ন্যায় প্ৰদানৰ ক্ষেত্ৰত সীমান্তজনিত প্ৰত্যাহ্বান”। এই সন্মিলনত ন্যায়িক পৰিৱৰ্তন আৰু আইনী ব্যৱহাৰৰ নৈতিক মাত্ৰাৰ দৰে আইন আৰু ন্যায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ; কাৰ্যবাহী জবাবদিহিতা; আৰু অন্যান্যৰ লগতে আধুনিক যুগৰ আইনী শিক্ষাৰ পুনৰ বিবেচনা কৰাকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হ’ব৷

এই সন্মিলনত এছিয়া-প্ৰশান্ত মহাসাগৰীয়, আফ্ৰিকা আৰু কেৰিবিয়ানত বিস্তৃত কমনৱেলথ দেশসমূহৰ এটৰ্নী জেনেৰেল আৰু ছলিচিটৰসকলৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। কমনৱেলথ আইনী ভ্ৰাতৃত্ববোধৰ বিভিন্ন অংশীদাৰৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ বাবে এক সুযোগ প্ৰদান কৰা এই সন্মিলনে এক অনন্য মঞ্চ হিচাপে কাম কৰে। তদুপৰি, আইনী শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায় প্ৰদানৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰাৰ লক্ষ্যৰে এটৰ্নী আৰু ছলিচিটৰ জেনেৰেলৰ বাবে গঢ় দিয়া এক একচেটিয়া ঘুৰণীয়া মেজমেল অন্তৰ্ভুক্ত কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future