প্ৰধানমন্ত্ৰীৰ ৫এফ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ ‘ভাৰত টেক্স ২০২৪’য়ে সমগ্ৰ বস্ত্ৰশিল্পৰ মূল্য শৃংখলৰ ওপৰত গুৰুত্ব আৰোপ কৰিব
১০০খনতকৈও অধিক দেশৰ অংশগ্ৰহণেৰে এইখন দেশত এতিয়ালৈকে অনুষ্ঠিত হোৱা বিশ্বব্যাপী বস্ত্ৰশিল্পৰ অন্যতম বৃহৎ অনুষ্ঠান
বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ লগতে বস্ত্ৰ খণ্ডত ৰপ্তানি বৃদ্ধিত সহায় কৰাৰ বাবে এই অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশত এতিয়ালৈকে অনুষ্ঠিত হোৱা বিশ্বব্যাপী বস্ত্ৰশিল্পৰ অন্যতম বৃহৎ অনুষ্ঠান ‘ভাৰত টেক্স ২০২৪’ উদ্বোধন কৰিব।

‘ভাৰত টেক্স ২০২৪’ৰ আয়োজন কৰা হৈছে ২৬-২৯ ফেব্ৰুৱাৰী, ২০২৪ৰ পৰা। প্ৰধানমন্ত্ৰীৰ ৫ এফ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ এই কাৰ্যসূচীত আঁহ, কাপোৰ আৰু ফেশ্বনৰ জৰিয়তে কৃষি (ফাৰ্ম)ৰ পৰা বিদেশ (ফৰেইন)লৈকে সমগ্ৰ বস্ত্ৰশিল্প মূল্য শৃংখল সামৰি এক সংহত মনোনিৱেশ কৰা হৈছে। এই অনুষ্ঠানত বস্ত্ৰ খণ্ডত ভাৰতৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে বিশ্ব বস্ত্ৰ মহাশক্তি হিচাপে ভাৰতৰ স্থিতি পুনৰ দৃঢ় কৰা হ’ব।

মুঠ ১১খন বস্ত্ৰ ৰপ্তানি প্ৰসাৰ পৰিষদৰ কনচৰ্টিয়ামৰ দ্বাৰা আয়োজিত আৰু চৰকাৰৰ সহযোগত, ‘ভাৰত টেক্স ২০২৪’ বাণিজ্য আৰু বিনিয়োগৰ যমজ স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইয়াত দীৰ্ঘস্থায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চাৰিদিনীয়া এই অনুষ্ঠানত ৬৫খনতকৈও অধিক জ্ঞান অধিবেশন অনুষ্ঠিত হ’ব আৰু বিশ্বৰ ১০০ৰো অধিক পেনেলিষ্টে এই খণ্ডৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব। ইয়াৰ উপৰিও, ইয়াত বহনক্ষমতা আৰু বৃত্তাকাৰতাৰ ওপৰত এটা নিবেদিত পেভিলিয়ন, এটা ‘ইণ্ডি হাট’, ভাৰতীয় বস্ত্ৰ ঐতিহ্য, দীৰ্ঘস্থায়িত্ব আৰু বিশ্বব্যাপী ডিজাইনৰ দৰে বিভিন্ন বিষয়বস্তুৰ ওপৰত ফেশ্বন উপস্থাপনৰ লগতে এটা ইন্টাৰেক্টিভ ফেব্ৰিক টেষ্টিং এলেকা আৰু প্ৰডাক্ট প্ৰদৰ্শন আদি অন্তৰ্ভুক্ত কৰা হ’ব।

'ভাৰত টেক্স ২০২৪'ত বস্ত্ৰ খণ্ডৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰী, শিপিনী, কাৰিকৰ আৰু শ্ৰমিকৰ লগতে নীতি নিৰ্ধাৰক আৰু বিশ্বস্তৰৰ চিইঅ', ৩,৫০০ৰো অধিক প্ৰদৰ্শক, ১০০খনতকৈও অধিক দেশৰ ৩,০০০ৰো অধিক ক্ৰেতা আৰু ৪০,০০০ৰো অধিক ব্যৱসায়ীক একত্ৰিত কৰা হ'ব। দৰ্শনাৰ্থীৰ অংশগ্ৰহণ আশা কৰা হৈছে। এই অনুষ্ঠানত ৫০টাতকৈও অধিক ঘোষণা আৰু বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে, যিয়ে বস্ত্ৰ খণ্ডত বিনিয়োগ আৰু বাণিজ্যক অধিক প্ৰসাৰিত কৰিব আৰু ৰপ্তানি বৃদ্ধিত সহায় কৰিব। ই প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু 'বিকশিত ভাৰত’ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi