প্ৰধানমন্ত্ৰীয়ে অশোক বিহাৰৰ ‘স্বাভিমান এপাৰ্টমেণ্ট’ত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ১,৬৭৫ টা ফ্লেট উদ্বোধন কৰিব
দুটা নগৰ পুনৰ্বিকাশ প্ৰকল্প – নৌৰোজী নগৰত ‘বিশ্ব বাণিজ্য কেন্দ্ৰ’ আৰু সৰোজিনী নগৰত ‘জিপিআৰএ টাইপ-২ কোৱাৰ্টাৰ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে দ্বাৰকাত ‘চিবিএছই’-ৰ সংহত কাৰ্যালয় চৌহদ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে নজফগড়ৰ ৰোশনপুৰাত ‘বীৰ সাৱাৰকাৰ মহাবিদ্যালয়’ৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'সকলোৰে বাবে গৃহ নিৰ্মাণ'ৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি ৩ জানুৱাৰী ২০২৫ তাৰিখে দুপৰীয়া প্ৰায় ১২:১০ বজাত দিল্লীৰ ‘স্বাভিমান এপাৰ্টমেণ্ট’ত ‘যথা স্থানত বস্তি পুনৰ্সংস্থাপন প্ৰকল্প’ৰ অধীনত ‘ঝুগি ঝোপৰি (জেজে) গোট’ৰ বাসিন্দাসকলৰ বাবে নৱনিৰ্মিত ফ্লেটসমূহ পৰিদৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২:৪৫ বজাত তেওঁ দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘জে জে ক্লাষ্টাৰ’ৰ বাসিন্দাসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ১,৬৭৫টা ফ্লেট উদ্বোধন কৰাৰ লগতে দিল্লীৰ অশোক বিহাৰৰ ‘স্বাভিমান এপাৰ্টমেণ্ট’ত যোগ্য হিতাধিকাৰীসকলক চাবি প্ৰদান কৰিব। নৱনিৰ্মিত ফ্লেটসমূহৰ উদ্বোধনে ‘দিল্লী উন্নয়ন প্ৰাধিকৰণ’ (ডিডিএ)ৰ দ্বাৰা দ্বিতীয় সফল ‘যথাস্থানত বস্তি পুনৰ্সংস্থাপন প্ৰকল্প’ সম্পূৰ্ণ কৰাটো চিহ্নিত কৰিব। প্ৰকল্পটোৰ উদ্দেশ্য হৈছে দিল্লীৰ ‘জে জে ক্লাষ্টাৰ’ৰ বাসিন্দাসকলক সঠিক সুবিধা আৰু সংসাধনৰে সজ্জিত এক উন্নত আৰু স্বাস্থ্যকৰ জীৱন পৰিৱেশ প্ৰদান কৰা।

চৰকাৰৰ দ্বাৰা এটা ফ্লেট নিৰ্মাণত ব্যয় কৰা প্ৰতি ২৫ লাখ টকাৰ বাবে, যোগ্য হিতাধিকাৰীসকলে মুঠ পৰিমাণৰ ৭% তকৈ কম পৰিশোধ কৰে, যাৰ ভিতৰত আছে নামমাত্ৰ অৱদান হিচাপে ১.৪২ লাখ টকা আৰু পাঁচ বছৰৰ তত্বাৱধানৰ বাবে ৩০,০০০ টকা।

প্ৰধানমন্ত্ৰীয়ে দুটা নগৰ পুনৰ্বিকাশ প্ৰকল্পও উদ্বোধন কৰিব- নৌৰোজী নগৰত ‘বিশ্ব বাণিজ্য কেন্দ্ৰ’ (ডব্লিউটিচি) আৰু সৰোজিনী নগৰৰ সাধাৰণ পুল আৱাসিক আৱাস (জিপিআৰএ) ‘টাইপ-২ কোৱাৰ্টাৰ’।

নৌৰোজী নগৰৰ ‘বিশ্ব বাণিজ্য কেন্দ্ৰ’ই ৬০০ তকৈয়ো অধিক জৰাজীৰ্ণ কোৱাৰ্টাৰৰ সলনি অত্যাধুনিক বাণিজ্যিক টাৱাৰ স্থাপন কৰি অঞ্চলটোৰ পৰিৱৰ্তন সাধন কৰিছে, উন্নত সুবিধাৰ সৈতে প্ৰায় ৩৪ লাখ বৰ্গফুট প্ৰিমিয়াম বাণিজ্যিক স্থান প্ৰদান কৰিছে। প্ৰকল্পটোত সেউজীয়া নিৰ্মাণ পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে এক শূণ্য-নিষ্কাশন ধাৰণা, সৌৰ শক্তি উৎপাদন, আৰু বৰষুণৰ পানী সংৰক্ষণ প্ৰণালী।

সৰোজিনী নগৰৰ ‘জিপিআৰএ টাইপ-২ কোৱাৰ্টাৰ’ত ২৮টা টাৱাৰ অন্তৰ্ভুক্ত আছে, য'ত ২,৫০০ তকৈয়ো অধিক আৱাসিক গোট আছে, যি আধুনিক সুবিধা আৰু স্থানৰ দক্ষ ব্যৱহাৰ প্ৰদান কৰে। প্ৰকল্পটোৰ নক্সাত বৰষুণৰ পানী সংগ্ৰহ প্ৰণালী, নৰ্দমা আৰু পানী শোধন প্ৰকল্প, আৰু সৌৰশক্তিচালিত আৱৰ্জনা সংহতকৰণ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে যি পৰিৱেশ-সচেতন জীৱনযাপনক উৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ দ্বাৰকাত প্ৰায় ৩০০ কোটি টকাত নিৰ্মিত ‘চিবিএছই’-ৰ সংহত কাৰ্যালয় চৌহদ উদ্বোধন কৰিব। ইয়াত কাৰ্যালয়, প্ৰেক্ষাগৃহ, উন্নত তথ্য কেন্দ্ৰ, সামগ্ৰিক পানী ব্যৱস্থাপনা প্ৰণালী অন্তৰ্ভুক্ত আছে। পৰিৱেশ অনুকূল ভৱনটো উচ্চ পৰিৱেশগত মানকেৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াক ‘ভাৰতীয় সেউজ নিৰ্মাণ পৰিষদ’ (আইজিবিচি)ৰ ‘প্লেটিনাম ৰেটিং’ মানক অনুসৰি নিৰ্মাণ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত ৬০০ কোটি টকাৰ অধিক মূল্যৰ তিনিটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াত পূব দিল্লীৰ সুৰজমল বিহাৰৰ পূব চৌহদৰ এটা আৰু দ্বাৰকাৰ পশ্চিম চৌহদৰ এটা বিদ্যায়তনিক খণ্ড অন্তৰ্ভুক্ত আছে। ইয়াত নজফগড়ৰ ৰোশনপুৰাত ‘বীৰ সাৱাৰকাৰ মহাবিদ্যালয়’ নিৰ্মাণ প্ৰকল্পও অন্তৰ্ভুক্ত আছে, য'ত শিক্ষাৰ বাবে অত্যাধুনিক সা-সুবিধা সম্বলিত কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress