প্ৰায় ৪০ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতত অনুষ্ঠিত হৈছে আইঅ’চিৰ অধিৱেশন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত জিঅ’ ৱৰ্ল্ড চেণ্টাৰত ১৪ অক্টোবৰ, ২০২৩ত ১৪১সংখ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী(আইঅ’চি)ৰ অধিৱেশন উদ্বোধন কৰিব৷

আই অ’ চিৰ এই অধিবেশনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্যসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক হিচাপে কাম কৰে। আই অ’ চিৰ অধিবেশনত অলিম্পিক খেলৰ ভৱিষ্যত সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰায় ৪০ বছৰৰ ব্যৱধানৰ অন্তত দ্বিতীয়বাৰৰ বাবে ভাৰতে আইঅ’চিৰ অধিৱেশন আয়োজন কৰিছে। ১৯৮৩ চনত নতুন দিল্লীত আইঅ’চিৰ ৮৬সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল৷

ভাৰতত অনুষ্ঠিত হ’বলগীয়া ১৪১সংখ্যক আইঅ’চি অধিবেশনে বিশ্ব সহযোগিতা গঢ়ি তোলা, ক্ৰীড়াৰ উৎকৃষ্টতাক উদযাপন, বন্ধুত্ব, সন্মান আৰু উৎকৃষ্ট অলিম্পিকৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে দেশৰ নিষ্ঠাক সামৰি ল’ব৷ ই বিভিন্ন ক্ৰীড়া সম্পৰ্কীয় অংশীদাৰসকলৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু জ্ঞান বিনিময়ৰ সুযোগ প্ৰদান কৰে।

এই অধিবেশনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি শ্ৰী থমাছ বাক, আইঅ’চিৰ অন্যান্য সদস্যসকল আৰু ভাৰতীয় অলিম্পিক সন্থাকে ধৰি বিভিন্ন ক্ৰীড়া সংঘৰ প্ৰতিনিধিসকলৰ লগতে বিশিষ্ট ভাৰতীয় ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
LPG Bookings Drop To 77 Lakh From 88.8 Lakh As Govt Says Fuel Supplies Stable

Media Coverage

LPG Bookings Drop To 77 Lakh From 88.8 Lakh As Govt Says Fuel Supplies Stable
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi