দেশজুৰি সহজলভ্য মেডিকেল শিক্ষাৰ প্ৰসাৰ আৰু স্বাস্থ্য আন্তঃগাথনি উন্নত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ অবিৰত প্ৰচেষ্টাৰ অংশস্বৰূপে এই নতুন মেডিকেল কলেজে ১৪৫০খন এমবিবিএছ আসন বৃদ্ধি কৰিব
কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা সম্পূৰ্ণৰূপে পোষিত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিলৰ নতুন কেম্পাছে ক্লাছিকেল তামিল ভাষাৰ প্ৰসাৰ আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব
ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণ আৰু সুৰক্ষা তথা ক্লাছিকেল ভাষাৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীৰ বিয়লি ৪বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুত ১১খন মেডিকেল কলেজ আৰু চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাচিকেল তামিলৰ নতুন কেম্পাছ মুকলি কৰিব।

নতুন মেডিকেল কলেজ কেইখন প্ৰায় ৪০০০ কোটিৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। এই ব্যয়ৰ প্ৰায় ২১৪৫ কোটি কেন্দ্ৰীয় চৰকাৰে আৰু অৱশিষ্টখিনি তামিলনাডু চৰকাৰে ব্যয় কৰিব। দেশজুৰি সহজলভ্য মেডিকেল শিক্ষাৰ প্ৰসাৰ আৰু স্বাস্থ্য আন্তঃগাথনি উন্নত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ অবিৰত প্ৰচেষ্টাৰ অংশস্বৰূপে এই নতুন মেডিকেল কলেজসমূহ নিৰ্মাণ কৰা হ’ব। নতুন মেডিকেল কলেজসমূহৰ মুঠ আসনৰ সংখ্যা হ’ল ১৪৫০খন।

ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণ আৰু সুৰক্ষা তথা ক্লাছিকেল ভাষাৰ প্ৰসাৰক লৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাচিকেল তামিলৰ নতুন চৌহদ মুকলি কৰা হ’ব। নতুন চৌহদ কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ নিৰ্মাণ মূল্য হ’ল মুঠ ২৪কোটি। নতুন চৌহদত এটা বিশেষ পুঁথিভৰাল, ই-পুঁথিভৰাল, ছেমিনাৰ হল আৰু মাল্টিমিডিয়া হলৰ সুবিধা থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves jump $9 bn to $697.1 bn in week ended April 3

Media Coverage

India's forex reserves jump $9 bn to $697.1 bn in week ended April 3
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance