এই ৰে’লে দিল্লী কেণ্টনমেণ্টৰ পৰা আজমেৰক একেটা পথতে চলা পূৰ্বৰ শতাব্দী এক্সপ্ৰেছৰ তুলনাত ৬০ মিনিট আগেয়ে সংযোগ কৰিব
আজমেৰ-দিল্লী কেণ্টনমেণ্ট সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ হ’ব হাই ৰাইজ অভাৰহেড ইলেক্ট্ৰিক (অ’এইচই) টেৰিটৰীত বিশ্বৰ প্ৰথমখন ছেমি হাই স্পীড যাত্ৰীবাহী ৰে’ল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ এপ্ৰিল, ২০২৩ত পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল শুভাৰম্ভ কৰিব৷ এই প্ৰথমখন ৰে’ল জয়পুৰ আৰু দিল্লী কেণ্টনমেণ্ট ৰে’লৱে ষ্টেচনৰ মাজত চলিব৷ ১৩ এপ্ৰিল, ২০২৩ৰ পৰা এই বন্দে ভাৰত এক্সপ্ৰেছৰ নিয়মীয়া সেৱা আৰম্ভ হ’ব৷ আজমেৰ আৰু দিল্লী কেণ্টনমেণ্টৰ মাজৰ সময়ছোৱাত এই ৰে’লখন জয়পুৰ আলৱাৰ আৰু গুৰগাঁৱত ৰখোৱা হ’ব৷

নতুন বন্দে ভাৰত এক্সপ্ৰেছে দিল্লী কেণ্টনমেণ্ট আৰু আজমেৰৰ মাজৰ গুৰত্ব ৫ ঘণ্টা ১৫ মিনিটত অতিক্ৰম কৰিব। একেটা পথতে বৰ্তমানৰ আটাইতকৈ দ্ৰুততম ৰে’ল শতাব্দী এক্সপ্ৰেছক দিল্লী কেণ্টনমেণ্টৰ পৰা আজমেৰলৈ ৬ ঘণ্টা ১৫ মিনিট সময় লাগে। এইদৰে একেটা পথতে চলি থকা বৰ্তমানৰ দ্ৰুততম ৰে’লৰ তুলনাত নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৬০ মিনিট বেছি দ্ৰুত হ’ব।

আজমেৰ-দিল্লী কেণ্টনমেণ্ট সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ হ’ব হাই ৰাইজ অভাৰহেড ইলেক্ট্ৰিক (অ’এইচই) টেৰিটৰীত বিশ্বৰ প্ৰথমখন ছেমি হাই স্পীড যাত্ৰীবাহী ৰে’ল। এই ৰে’লখনে পুষ্কৰ, আজমেৰ শ্বৰীফ দৰগাহ আদিকে ধৰি ৰাজস্থানৰ প্ৰধান পৰ্যটনস্থলীসমূহৰ সংযোগ উন্নত কৰিব। বৰ্ধিত সংযোগে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নতো এক উদ্গনি যোগাব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future