উজ্জয়ন আৰু ইণ্ডোৰৰ মাজত নতুন মেমু ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
মধ্যপ্ৰদেশত একাধিক ৰে’ল আঁচনিৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

১৫ নৱেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি তিনি বজাত পুনৰনিৰ্মিত ৰাণী কমলাপতি ৰে’লৱে ষ্টেচন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷

পুনৰনিৰ্মিত ৰাণী কমলাপতি ৰে’ল ষ্টেচন গোং সাম্ৰাজ্যৰ সাহসী তথা নিৰ্ভীক ৰাণী কমলাপতিৰ নামত নামকৰণ কৰা হৈছে, যিটো মধ্যপ্ৰদেশৰ প্ৰথমটো বিশ্বমানৰ ৰে’ল ষ্টেচন হিচাপে পৰিগণিত হ’ব৷ চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্ব(পিপিপি) আৰ্হিৰে পুনৰনিৰ্মাণ কৰা এই ষ্টেচনটো অত্যাধুনিক বিশ্বমানৰ সা-সুবিধাৰে এক পৰিৱেশ অনুকূল কৰি তোলা হৈছে, য’ত দিব্যাংগসকলেও সহজে চলাচল কৰিব পাৰে৷ এই ষ্টেচন সংহত বহুসুবিধাবিশিষ্ট পৰিবহণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হৈছে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গজ পৰিৱৰ্তন আৰু বৈদ্যুতিক ইঞ্জিনেৰে চালিত উজ্জয়ন-ফাটেহাবাদ চন্দাৱতীগঞ্জ ব্ৰ’জ গজ অংশ, ভূপাল-বৰখেৰা অংশৰ গজ পৰিৱৰ্তন আৰু মাথেলা-নিমাৰ খেৰী ব্ৰ’ড গজ পৰিৱৰ্তন অংশ আৰু গুনা-গোৱালিয়ৰ বিদ্যুতীকৰণৰ তৃতীয় অংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে উজ্জয়ন-ইন্দোৰ আৰু ইণ্ডোৰ-উজ্জয়নৰ মাজত চলিব লগা দুখন নতুন মেমু ৰে’লৰো ফ্লেগ অফ কৰিব৷

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour