কাৰ্যসূচীৰ বিষয়বস্তু: “নিৰাপদ সমাজ, উন্নত ভাৰত–শাস্তিৰ পৰা ন্যায়লৈ”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২৪ৰ দুপৰীয়া ১২ বজাত চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন–ভাৰতীয় ন্যায়িক সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম–সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব।

স্বাধীনতাৰ পাছতো প্ৰৱৰ্তিত হৈ থকা ঔপনিৱেশিক যুগৰ আইনসমূহ আঁতৰাই, শাস্তিতকৈ ন্যায়ৰ ওপৰত গুৰুত্ব দি ন্যায়িক ব্যৱস্থাৰ পৰিৱৰ্তন সাধন ঘটাবলৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ পৰাই এই তিনিখন আইনৰ ধাৰণা অনুপ্ৰাণিত হৈছিল। এই কথা মনত ৰাখি এই কাৰ্যসূচীৰ বিষয়বস্তু হৈছে “নিৰাপদ সমাজ, উন্নত ভাৰত–শাস্তিৰ পৰা ন্যায়লৈ”।

২০২৪ চনৰ ১ জুলাইত সমগ্ৰ দেশতে কাৰ্যকৰী হোৱা নতুন অপৰাধমূলক আইনসমূহৰ লক্ষ্য হৈছে ভাৰতৰ আইনী ব্যৱস্থাক অধিক স্বচ্ছ, কাৰ্যক্ষম আৰু সমসাময়িক সমাজৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তোলা। এই উল্লেখযোগ্য সংস্কাৰসমূহে ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত এক ঐতিহাসিক পৰিৱৰ্তন সাধন কৰে, চাইবাৰ অপৰাধ, সংগঠিত অপৰাধৰ দৰে আধুনিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু বিভিন্ন অপৰাধৰ বলি হোৱা লোকসকলৰ ন্যায় নিশ্চিত কৰিবলৈ নতুন কাঠামো আনিছে।

কাৰ্যসূচীত এই আইনসমূহৰ ব্যৱহাৰিক প্ৰয়োগ প্ৰদৰ্শন কৰা হ’ব, য’ত ইতিমধ্যে ইয়াৰ দ্বাৰা অপৰাধমূলক ন্যায়ৰ পৰিৱেশ কেনেকৈ পুনৰ গঢ় লৈ উঠিছে সেয়া দেখুওৱা হ’ব। অপৰাধস্থলীৰ তদন্তৰ অনুকৰণ কৰি পোনপটীয়া প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হ’ব, য’ত নতুন আইনসমূহ কাৰ্যকৰী কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Retail sales up 9% in February; apparel, grocery lead as demand stabilises

Media Coverage

Retail sales up 9% in February; apparel, grocery lead as demand stabilises
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026