প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৭ জানুৱাৰীৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে ৰাষ্ট্ৰৰ উদ্দেশ্যে ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিডৰ(ডব্লিউডিএফচি)ৰ ৩০৬ কিলোমিটাৰ দৈর্ঘৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখা উৎসর্গা কৰিব। প্রধানমন্ত্রীয়ে উক্ত অনুষ্ঠানত নিউ আটেলি-নিউ কিষাণগড়ৰ মাজত ১.৫ কিলোমিটাৰ দৈর্ঘৰ বৈদ্যুতিক ইঞ্জিন চালিত দুমহলীয়া মালগাড়ীখনৰ যাত্রাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়ানাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী শ্রী পীয়ুষ গোৱেল উপস্থিত থাকিব। 

ডব্লিউডিএফচিৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখা 

ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিডৰৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখা শাখাৰ প্ৰায় ৭৯ কিলোমিটাৰ হাৰিয়ানাৰ মহেন্দ্রগড় আৰু ৰেৱাৰী জিলাৰ ভিতৰত অৱস্থিত। বাকী ২২৭ কিলোমিটাৰ ৰাজস্থানের জয়পুৰ, আজমেৰ, ছিকাৰ, নাগৌৰ আৰু আলৱাৰ জিলাৰ ভিতৰত পৰিছে। এই শাখাত ৯টা নতুন ডিএফচি ষ্টেচন নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত নিউ ডাবলা, নিউ ভাগেগা, নিউ শ্রীমাধোপুৰ, নিউ পাচাৰ মালিকপুৰ, নিউ ছাকুন আৰু নিউ কিষাণগড় ষ্টেচনসমূহ ক্রছিং ষ্টেচন। বাকী ৩টা ষ্টেচন-নিউ ৰেৱাৰী, নিউ আটেলি আৰু নিউ ফুলেৰা জংছন ষ্টেচন। 

এই শাখাটো ৰেল চলাচলৰ বাবে যেতিয়া মুকলি কৰি দিয়া হ’ব, তেতিয়া ৰাজস্থান আৰু হাৰিয়ানাৰ ৰেৱাৰী-মানেচাৰ, নাৰনৌল, ফুলেৰা আৰু কিষাণগড়ৰ বিভিন্ন উদ্যোগ উপকৃত হ’ব। ইয়াৰ ফলত কাঠুৱাত কংনকৰৰ কণ্টেনাৰ ডিপোৰ আৰু অধিক সদব্যৱহাৰ হব। এই শাখাটোৱে গুজৰাটৰ কান্দলা, পিপাভাৱ, মুন্ধ্ৰা আৰু দহেজৰ সৈতে আৰু ভালদৰে যোগাযোগ গঢ়ি তুলিব। 

এই শাখা উদ্বোধনৰ ফলত ডব্লিউডিএফচি আৰু ইডিএফচিৰ মাজত বাধাহীনভাৱে যোগাযোগ গঢ়ি উঠিব। প্রধানমন্ত্রীয়ে ২৯ ডিচেম্বৰ, ২০২০ত ইডিএফচিৰ ৩৫১ কিলোমিটাৰ দৈর্ঘৰ নিউ ভাউপুৰ-নিউ খুৰজা শাখা ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসর্গা কৰিছিল। 

দুমহলীয়া মালগাড়ীৰ চলাচল 

দুমহলীয়া মালগাড়ীৰ ২৫ টনৰ বৰ্ধিত বহন ক্ষমতা বহন থাকিব। আৰডিএছঅ’ৰ ৱেগন শাখাই ডিএফচিচিআইএলৰ বাবে এয়া ডিজাইন কৰিছে। বিএলচিএছ-এ আৰু বিএলচিএছ-বি ৱেগন প্ৰটোটাইপৰ পৰীক্ষণ ৰান সম্পূৰ্ণ হৈছে। এই ডিজাইনে ক্ষমতা ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে ইউনিফৰ্ম বিতৰণ আৰু লোডিং পইণ্ট কৰিব। বর্তমান ভাৰতীয় ৰেলত যিসমূহ মালগাড়ী ব্যবহাৰ কৰা হয় ডব্লিউডিএফচিত তাতকৈ ৪ গুণ ক্ষমতা সম্পন্ন দুমহলীয়া মালগাড়ীৰ বাবে এই ৱেগনসমূহ ব্যৱহাৰ কৰা হ’ব। 

ডিএফচিচিআইএল-এ ভাৰতীয় ৰে'লৱে ট্ৰেকত বর্তমানৰ সৰ্বাধিক ঘন্টাত ৭৫ কিলোমিটাৰ গতিবেগৰ বিপৰীতে ঘন্টাত ১০০ কিলোমিটাৰ গতিবেগত মালগাড়ী চলাব। আনহাতে ভাৰতীয় ৰে'ললাইনত বৰ্তমানৰ ২৬ কিলোমিটাৰ ঘণ্টাৰ গতিবেগৰ পৰা ডিএফচিত ঘণ্টাত ৭০ কি.মি.লৈ মালগাড়ীৰ গড় গতিও বৃদ্ধি হ'ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”