বছৰি প্ৰায় তিনিকোটি লিটাৰ ইথানল উত্পাদনৰ বাবে প্ৰকল্পটোত প্ৰায় দুইলাখ টন ধানৰ নৰা ব্যৱহাৰ কৰা হ’ব
অতিৰিক্ত আয়ৰ সুযোগ প্ৰদানৰে জৈৱ-ইন্ধনৰ উত্পাদনে কৃষকসকলক সবল কৰি তুলিব
ই প্ৰতিবছৰে প্ৰায় তিনিলাখ টন পৰিমাণৰ ‘কাৰ্বন ডাই অক্সাইড গেছ’ৰ সম হাৰৰ নিৰ্গমণো হ্ৰাস কৰাত অৰিহণা আগবঢ়াব

‘বিশ্ব জৈৱ-ইন্ধন দিৱস’ উপলক্ষে অহা ১০ আগষ্ট, ২০২২ৰ বিয়লি ৪.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে হাৰিয়াণাৰ পাণিপতত স্থাপন কৰা ‘দ্বিতীয় প্ৰজন্ম(২জি)ৰ ইথানল প্ৰকল্প’টো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশত জৈৱ-ইন্ধনৰ উত্পাদন আৰু ব্যৱহাৰৰ হাৰ বৃদ্ধিৰ বাবে বহু বছৰৰ পৰা চৰকাৰে গ্ৰহণ কৰি অহা পদক্ষেপ লানিৰ অংশ হিচাপেই প্ৰকল্পটো উচৰ্গা কৰা হ’ব। অধিক ক্ৰয়সাধ্য, সকলোৱে পাব পৰা, পাৰদৰ্শী আৰু বহণক্ষম কৰি তুলি শক্তিখণ্ডৰ ৰূপান্তৰ সাধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰি অহা নেৰানেপেৰা প্ৰয়াসক সাৰোগত কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

‘ভাৰতীয় তেল নিগম লিমিটেড’-য়ে ৯০০ কোটিৰো অধিক টকা ব্যয়ৰে ‘২জি ইথানল প্ৰকল্প’টো নিৰ্মাণ কৰি উলিয়াইছে আৰু ই পাণিপত শোধনাগাৰৰ নিকটবৰ্তি।অত্যাধুনিক থলুৱা প্ৰযুক্তিৰ ভিত্তিত নিৰ্মিত প্ৰকল্পটোৱে বছৰি প্ৰায় তিনিকোটি লিটাৰ ইথানল উত্পাদনৰ বাবে প্ৰায় দুইলাখ টন ধানৰ অৱশিষ্ট ব্যৱহাৰ কৰি ভাৰতে গ্ৰহণ কৰা ‘আৱৰ্জনাৰ পৰা সম্পদ আহৰণ’ৰ প্ৰয়াসৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব।

কৃষিজাত সামগ্ৰীৰ অৱশিষ্টৰ সদ্ব্যৱহাৰৰে কৃষকসকলকো ই এক অতিৰিক্ত আয়ৰ সুযোগ প্ৰদান কৰিব। এই প্ৰকল্পৰ সঞ্চালনৰে জড়িত কৰ্মচাৰীৰ প্ৰত্যক্ষ নিয়োজনৰ লগতে ইয়াৰ বাবে ধানৰ অৱশিষ্ট আদিৰ দৰে কেঁচামাল সংগ্ৰহৰ দৰে কাম-কাজত পৰোক্ষ নিয়োজনৰ সুযোগ সৃষ্টি কৰিব।

প্ৰকল্পটো পনীয়া অপদ্ৰব্যৰ নিষ্কাশন শূণ্য হ’ব।

ধানৰ নৰা আদি পোৰাৰ হাৰ কমাই প্ৰকল্পটোৱে প্ৰতিবছৰে প্ৰায় তিনিলাখ টন পৰিমাণৰ ‘কাৰ্বন ডাই অক্সাইড গেছ’ৰ সম পৰিমাণৰ ‘গ্ৰীণহাউছ গেছ’ৰ নিৰ্গমণো হ্ৰাস কৰাত অৰিহণা আগবঢ়াব, যি দেশৰ পথসমূহৰ পৰা বছৰি প্ৰায় ৬৩,০০০খন গাড়ী প্ৰতিস্থাপনৰ সমতুল্য হ’ব বুলি কব পৰা যায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts