অহা ৫ নৱেম্বৰ, ২০২০ত ‘ভাৰ্চুৱেল’ মাধ্যমৰে অনুষ্ঠিতব্য এক ‘গোলকীয় বিনিয়োগকৰ্তাৰ ঘূৰণীয়া মেজমেল’(ভিজিআইআৰ)ত পৌৰহিত্য কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। ‘ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়’ আৰু ‘ৰা্ষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি’ সম্পৰ্কীয় পুঁজিয়ে এই মেজমেলৰ আয়োজন কৰিছে। পৃথিৱীৰ অগ্ৰণী বিনিয়োগকৰ্তা সংগঠনৰ সৈতে ভাৰতীয় বাণিজ্যিক নেতৃত্ব, ভাৰত চৰকাৰৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী তথা বিত্তীয় বিপণন নিয়ামক প্ৰাধিকাৰীসকলে প্ৰত্যক্ষ ভাবে মত বিনিময়ৰ অনন্য সুযোগ প্ৰদান কৰিব এই অনুষ্ঠানে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী, বিত্ত ৰাজ্য মন্ত্ৰী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

প্ৰায় ৬ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সম্পদ প্ৰবন্ধনৰে জড়িত পৃথিৱীৰ একুৰি বৃহত্তম ‘পেন্সন আৰু সাৰ্বভৌম সম্পদ পুঁজি’ৰ শীৰ্ষ পদাধিকাৰীয়ে এই মেজমেলত অংশগ্ৰহণ কৰিব। এইসকল আনুষ্ঠানিক বিনিয়োগকৰ্তাই মূলতঃ ইউনাইটেড ষ্টেটছ অব আমেৰিকা, ইউৰোপ, কানাডা, কোৰিয়া, জাপান, মধ্য প্ৰাচ্য, অষ্ট্ৰিয়া আৰু ছিংগাপোৰক প্ৰতিনিধিত্ব আগবঢ়াব। মেজমেলত এইসমূহ শীৰ্ষ পুঁজি সংস্থাৰ শীৰ্ষ পদাধিকাৰী যথা: মুখ্য কাৰ্যবাহী বিষয়া আৰু মুখ্য বিনিয়োগ বিষয়াই অংশগ্ৰহণ কৰিব। প্ৰণিধানযোগ্য যে, ইয়াৰে একাংশ বিনিয়োগকৰ্তাই এই প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ সৈতে মত বিনিময় কৰিব। বিশ্বৰ ভিন্ন প্ৰান্তৰ বিনিয়োগ সংস্থাসমূহৰ উপৰি ভাৰতৰো বহুকেইটা শীৰ্ষ স্থানীয় বিনিয়োগ প্ৰতিষ্ঠানে মেজমেলত ভাগ ল’ব।

ভাৰতৰ অৰ্থনৈতিক আৰু বিনিয়োগ দৃশ্যপটৰ লগতে ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংস্থাগত সংস্কাৰ অভিযান আৰু চৰকাৰৰ দৃষ্টিভংগী সম্পৰ্কীয় প্ৰসংগৰ আলোচনাই মেজমেলত স্থান পাব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi makes India stand tall

Media Coverage

PM Modi makes India stand tall
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ফেব্ৰুৱাৰী 2026
February 01, 2026

Budget 2026-27: Building a Self-Reliant, Innovative India Under PM Modi’s Leadership