সন্মিলনৰ মূল বিষয়: জীৱন-যাপনৰ সহজতা (ইজ অফ লিভিং)
আলোচনাৰ মূল ক্ষেত্ৰসমূহ: মাটি, বিদ্যুৎ, খোৱাপানী, স্বাস্থ্য আৰু স্কুলীয়া শিক্ষা
চাইবাৰ সুৰক্ষা, আকাংক্ষী ব্লক আৰু জিলা কাৰ্যসূচী, আঁচনিৰ উপলব্ধি আৰু নতুন যুগৰ প্ৰযুক্তিৰ ওপৰত বিশেষ অধিবেশন অনুষ্ঠিত হ’ব
ৰাজ্যসমূহৰ পৰা উত্তম পদ্ধতিসমূহো সন্মিলনত উপস্থাপন কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৮ আৰু ২৯ ডিচেম্বৰত দিল্লীত মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ সভাপতিত্ব কৰিব। এয়া তৃতীয়খন এনে সন্মিলন, প্ৰথমখন ২০২২ চনৰ জুন মাহত ধৰ্মশালাত আৰু দ্বিতীয়খন ২০২৩ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হৈছিল।

সমবায় ফেডাৰেলিজমৰ নীতিক কাৰ্যকৰী কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অংশগ্ৰহণমূলক শাসন আৰু অংশীদাৰিত্বক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ আয়োজন কৰা হয়। এইবাৰ ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব।

তিনিদিনীয়া এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি, মুখ্য সচিব আৰু সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য উচ্চপদস্থ বিষয়াৰে গঠিত ২০০ৰো অধিক লোকে অংশগ্ৰহণ কৰিব। ই চৰকাৰী হস্তক্ষেপৰ প্ৰদান ব্যৱস্থা শক্তিশালী কৰি গ্ৰাম্য আৰু চহৰীয়া উভয় জনসংখ্যাৰ বাবে উন্নত জীৱনৰ মান লাভৰ বাবে সহযোগিতামূলক কাৰ্যৰ ভিত্তি স্থাপন কৰিব।

এইবাৰ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ মূল বিষয় হ’ব ‘জীৱন-যাপনৰ সহজতা’ (ইজ অফ লিভিং)। এই সন্মিলনত ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে সংহত কাৰ্যৰ বাবে এক উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী আৰু ব্লুপ্ৰিণ্টৰ বিৱৰ্তন আৰু ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

কল্যাণমূলক আঁচনিৰ সহজলভ্যতা আৰু সেৱা প্ৰদানৰ মানদণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সন্মিলনত আলোচনা কৰিবলগীয়া পাঁচটা উপ-বিষয় হ’ল ভূমি আৰু সম্পত্তি; বিদ্যুৎ; খোৱাপানী; স্বাস্থ্য; আৰু স্কুলীয়া শিক্ষা। এইবোৰৰ উপৰিও চাইবাৰ ছিকিউৰিটি: ইমাৰ্জিং চেলেঞ্জ; এআইৰ ওপৰত দৃষ্টিভংগী, ক্ষেত্ৰৰ পৰা কাহিনী: আকাংক্ষী ব্লক আৰু জিলা কাৰ্যসূচী; ৰাষ্ট্ৰৰ ভূমিকা: আঁচনি আৰু স্বায়ত্তশাসিত সত্তাসমূহৰ যুক্তিসংগতকৰণ আৰু মূলধনী ব্যয় বৃদ্ধি; শাসনত এআই: প্ৰত্যাহ্বান আৰু সুযোগ।

এইবোৰৰ উপৰিও, Drug De-addiction & Rehabilitation; অমৃত সৰোবৰ; পৰ্যটন প্ৰসাৰ, ব্ৰেণ্ডিং আৰু ৰাষ্ট্ৰৰ ভূমিকা; আৰু পিএম বিশ্বকৰ্মা যোজনা তথা পিএম স্বনিধিৰ ওপৰত গুৰুত্ব দি আলোচনা কৰা হ'ব। প্ৰতিটো বিষয়বস্তুৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰাও উত্তম পদ্ধতিসমূহ সন্মিলনত উপস্থাপন কৰা হ’ব যাতে ৰাজ্যসমূহে এখন ৰাজ্যত লাভ কৰা সফলতাৰ অনুসৰণ কৰিব পাৰে বা নিজৰ প্ৰয়োজনীয়তা অনুসৰি কৌশল ৰচনা কৰিব পাৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Chai Pe Charcha' With Xi, Putin: Unseen Footage From BRICS Summit Show PM Modi's Moments With Leaders

Media Coverage

'Chai Pe Charcha' With Xi, Putin: Unseen Footage From BRICS Summit Show PM Modi's Moments With Leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Samvatsari
September 15, 2026

The Prime Minister, Shri Narendra Modi, has extended his greetings to the people on the sacred occasion of Samvatsari. Shri Modi said that Samvatsari reminds us that forgiveness and compassion strengthen every bond. He called upon everyone to embrace humility and let kindness and goodwill guide their actions.

The Prime Minister posted on X:

Samvatsari reminds us that forgiveness and compassion strengthen every bond.

On this sacred occasion, may humility guide us and may kindness and goodwill shape our every action.

Michhami Dukkadam!