এমএছএমই, আন্তঃগাঁথনি আৰু বিনিয়োগ, বাধ্যবাধকতা হ্ৰাস, মহিলা সবলীকৰণ, স্বাস্থ্য আৰু পুষ্টি, দক্ষতা বিকাশক সামৰি ছটা বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত হ’ব আলোচনা
বিকশিত ভাৰতৰ সন্দৰ্ভত তিনিটা বিশেষ অধিবেশন: প্ৰান্তীয় লোকজনক সামৰি লোৱা, জিএছটি আৰু বিশ্ব ভ-ৰাজনৈতিক প্ৰত্যাহ্বান আৰু ভাৰতৰ সঁহাৰি
সন্মিলনত চাৰিটা বিষয়ৰ ওপৰত কেন্দ্ৰীভূত আলোচনাৰ সাক্ষী হ’ব যেনে- স্থানীয়, আন্তৰ্জাতিক বাজৰাৰ বছৰ, জি-২০: ৰাষ্ট্ৰৰ ভূমিকা আৰু সম্ভাৱনাপূৰ্ণ প্ৰযুক্তিৰ সমৰ্থন
প্ৰতিটো বিষয়বস্তুৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা উত্তম পদ্ধতিসমূহো উপস্থাপন কৰা হ’ব যাতে ৰাজ্যসমূহে ইজনে সিজনৰ পৰা শিকিব পাৰে
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে পূৰ্বে অনুষ্ঠিত হোৱা তিনিখন ভাৰ্চুৱেল সন্মিলনৰ ফলাফলো এই সন্মিলনত উপস্থাপন কৰা হ’ব
যোৱা তিনিমাহত ডেৰশতাধিক বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত বিস্তৃত আলোচনাৰ অন্তত সন্মিলনৰ কাৰ্যসূচীৰ সিদ্ধান্ত লোৱা হয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৬ আৰু ৭ জানুৱাৰীত দিল্লীত মুখ্য সচিবসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিব। ২০২২ চনৰ জুন মাহত ধৰ্মশালাত প্ৰথমখন মুখ্য সচিব সন্মিলন অনুষ্ঠিত হৈছিল।

এইবাৰ দিল্লীত ৫ৰ পৰা ৭ জানুৱাৰীলৈ মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব। তিনিদিনীয়া এই সন্মিলনত ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে দ্ৰুত আৰু স্থায়ী অৰ্থনৈতিক বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি, মুখ্য সচিব আৰু সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য জ্যেষ্ঠ বিষয়া আৰু ডমেইন বিশেষজ্ঞৰে গঠিত দুই শতাধিক লোকৰ অংশগ্ৰহণৰ সাক্ষী হ’ব। এই সন্মিলনে বৃদ্ধি আৰু চাকৰি সৃষ্টি আৰু সৰ্বাংগীন মানৱ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকাশ ভাৰত লাভৰ বাবে সহযোগিতামূলক কাৰ্য্যৰ ভিত্তি স্থাপন কৰিব।

বিগত তিনিমাহত সমন্বয়ৰক্ষী মন্ত্ৰালয়, নিটী আয়োগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ডমেইন বিশেষজ্ঞসকলৰ মাজত ডেৰ শতাধিক মৌখিক আৰু ভাৰ্চুৱেল পৰামৰ্শমূলক বৈঠকত বিস্তৃত আলোচনাৰ অন্তত সন্মিলনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে। সন্মিলনৰ সময়ত আলোচনা ছটা চিনাক্তকৃত বিষয়বস্তু অৰ্থাৎ (i) এমএছএমইসমূহক উদ্গনি; (ii) আন্তঃগাঁথনি আৰু বিনিয়োগ; (iii) বাধ্যবাধকতা হ্ৰাস; (iv) মহিলা সবলীকৰণ; (v) স্বাস্থ্য আৰু পুষ্টি; (vi) দক্ষতা বিকাশ।

(i) বিকশিত ভাৰতঃ প্ৰান্তীয় লোকসকলক সামৰি লোৱা; (ii) পাঁচ বছৰীয়া সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) – শিক্ষণ আৰু অভিজ্ঞতা; আৰু (iii) বিশ্ব ভূ-ৰাজনৈতিক প্ৰত্যাহ্বান আৰু ভাৰতৰ সঁহাৰি।

তদুপৰি চাৰিটা বিষয়ৰ ওপৰত কেন্দ্ৰীভূত আলোচনা অনুষ্ঠিত হ’ব, যেনে- (i) ভোকেল ফৰ লোকেল; (ii) আন্তৰ্জাতিক বাজৰাৰ বছৰ; (iii) জি-২০: ৰাষ্ট্ৰৰ ভূমিকা; আৰু (iv) সম্ভাৱনাপূৰ্ণ প্ৰযুক্তি।

প্ৰতিটো বিষয়বস্তুৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰাও উত্তম পদ্ধতিসমূহ সন্মিলনত উপস্থাপন কৰা হ’ব যাতে ৰাজ্যসমূহে ইখনে সিখনৰ পৰা শিকিব পাৰে।

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মূল সন্মিলনৰ পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে (i) উন্নয়নৰ মুল হিচাপে জিলাসমূহ (ii) চক্ৰীয় অৰ্থনীতি; (iii) আৰ্হি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়বস্তুৰ ওপৰত তিনিখন ভাৰ্চুৱেল সন্মিলনো অনুষ্ঠিত কৰা হৈছিল। এই ভাৰ্চুৱেল সন্মিলনসমূহৰ ফলাফল মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত উপস্থাপন কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India overtakes US to become second-largest solar growth market in 2025

Media Coverage

India overtakes US to become second-largest solar growth market in 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam honoring Sage Patanjali and the virtues of Yoga
June 04, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam paying homage to Sage Patanjali and highlighting the profound benefits of Yoga. Shri Modi observed that the regular practice of Yoga keeps the body healthy and the mind calm, noting that making it a part of one's daily routine makes life balanced and energetic.

The Prime Minister posted on X:

"योग का नियमित अभ्यास तन को स्वस्थ और मन को शांत रखता है। इसे अपनी दिनचर्या का हिस्सा बनाने से जीवन संतुलित और ऊर्जावान बनता है।

योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन।

योऽपाकरोत् तं परवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥"

I bow down with folded palms to Sage Patanjali, the most exalted among the contemplative sages, who has removed impurity of the mind-content through Yoga, of speech through grammar and of the body through Ayurveda.