বিস্তৃত পৰিসৰৰ আৰক্ষীৰ কাৰ্যকলাপ আৰু আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়বোৰ আলোচনা কৰা হ’ব
সন্মিলনত নতুন অপৰাধ নিয়ন্ত্ৰণ আইন ৰূপায়ণৰ বাবে পথ মানচিত্ৰৰ চিন্তা-চৰ্চা কৰা হ’ব
সন্মিলনত আৰক্ষীৰ কাৰ্যকলাপ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অত্যাধুনিক বিষয়বস্তুসমূহ আলোচনা কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ আৰু ৭ জানুৱাৰী, ২০২৪ ত জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ২০২৩ চনৰ সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব।

৫ ৰ পৰা ৭ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া সন্মিলনত চাইবাৰ অপৰাধ, আৰক্ষীৰ ক্ষেত্ৰত প্ৰযুক্তি, সন্ত্ৰাসবাদ বিৰোধী প্ৰত্যাহ্বান, বাওঁপন্থী উগ্ৰবাদ, কাৰাগাৰ সংস্কাৰকে ধৰি বিভিন্ন ধৰণৰ আৰক্ষীৰ কাৰ্যকলাপ আৰু আভ্যন্তৰীণ নিৰাপত্তা আদি বিষয়ত আলোচনা কৰা হ'ব। সন্মিলনৰ আন এটা মূল কাৰ্যসূচী হ'ল নতুন অপৰাধ নিয়ন্ত্ৰণ আইন ৰূপায়ণৰ বাবে পথ মানচিত্ৰৰ ওপৰত আলোচনা। লগতে, সন্মিলনখনত আৰক্ষীৰ কাৰ্যকলাপ তথা নিৰাপত্তাৰ ক্ষেত্ৰত অত্যাধুনিক বিষয়বস্তু, যেনে-কৃত্ৰিম বুদ্ধিমত্তা, দীপফে’ক আদিৰ দৰে নতুন প্ৰযুক্তিৰ দ্বাৰা উত্থাপিত প্ৰত্যাহ্বান আৰু সেইবোৰৰ সৈতে মোকাবিলা কৰাৰ উপায়ৰ ওপৰতো আলোচনা কৰা হ’ব। এই সন্মিলনত আনুসংগিক কাৰ্যবিন্দু চিনাক্ত কৰা আৰু সেইবোৰৰ প্ৰগতি নিৰীক্ষণ কৰাৰ সুযোগ প্ৰদান কৰা হয়, যিটো প্ৰতি বছৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰা হয়।

এই সন্মিলনখনত জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰক্ষী তথা চোৰাংচোৱা বিষয়াসকলৰ অন্তৰ্ভুক্তিৰে বিভিন্ন বিষয়বস্তু চিনাক্ত কৰি সেই বিষয়ে আলোচনা কৰা হয়। প্ৰতিটো বিষয়ৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সৰ্বশ্ৰেষ্ঠ পদ্ধতিবোৰ সন্মিলনত উপস্থাপন কৰা হ'ব যাতে ৰাজ্যবোৰে পৰস্পৰৰ পৰা শিকিব পাৰে।

২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সন্মিলনৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰি আহিছে। পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ প্ৰতীকী উপস্থিতিৰ বিপৰীতে, তেওঁ সন্মিলনৰ সকলো গুৰুত্বপূৰ্ণ অধিৱেশনত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে সকলো আলোচনা ধৈৰ্য্য সহকাৰে শুনাই নহয়, লগতে মুক্ত আৰু অনানুষ্ঠানিক আলোচনাক উৎসাহিতও কৰে যাতে নতুন ধাৰণা আহিব পাৰে। ইয়াৰ দ্বাৰা জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে দেশক প্ৰভাৱিত কৰা গুৰুত্বপূৰ্ণ আৰক্ষীৰ কাৰ্যকলাপ আৰু আভ্যন্তৰীণ নিৰাপত্তা বিষয়ত তেওঁলোকৰ মতামত আৰু পৰামৰ্শ প্ৰধানমন্ত্ৰীক জনোৱাৰ সুযোগ পায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers