ৰাজস্থানত ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পসমূহে পথ, ৰে’লৱে, সৌৰশক্তি, শক্তি সংবহন, খোৱাপানী আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লৈছে
এই প্ৰকল্পসমূহৰ আৰম্ভণিয়ে ৰাজস্থানৰ আন্তঃগাঁথনিৰ পৰিৱেশক পৰিৱৰ্তন সাধন কৰাৰ লগতে বিকাশ আৰু উন্নয়নৰ সুযোগ সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য প্ৰচেষ্টাক আলোকপাত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত ৰাজস্থান’ কাৰ্যসূচীত ভাষণ প্ৰদান কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে পথ, ৰে’লৱে, সৌৰশক্তি, শক্তি সংবহন, খোৱাপানী আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লৈছে৷

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত ৫০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৮-লেন দিল্লী-মুম্বাই গ্ৰীণ ফিল্ড এলাইনমেণ্ট (এনই-৪)ৰ তিনিটা পেকেজ অৰ্থাৎ বাওনলী-ঝলাই পথৰ পৰা মুই গাঁৱৰ অংশ; হৰদেওগঞ্জ গাঁৱৰ পৰা মেজ নদীৰ অংশ; আৰু টাকলিৰ পৰা ৰাজস্থান/মধ্যপ্ৰদেশ সীমান্তলৈকে অংশ। এই অংশৰ উন্নয়নে অঞ্চলটোত দ্ৰুত আৰু উন্নত সংযোগ প্ৰদান কৰিব। এই অংশসমূহত বন্যপ্ৰাণীৰ মুক্ত বিচৰণৰ সুবিধাৰ বাবে এনিমেল আণ্ডাৰপাছ আৰু এনিমেল অভাৰপাছৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ কম কৰিবলৈ কোলাহল ৰোধৰ ব্যৱস্থাও কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দেবাৰীত ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিত্তৰগড়-উদয়পুৰ ঘাইপথ অংশৰ সৈতে কায়া গাঁৱত ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদয়পুৰ-শমলাজী খণ্ড সংযোগী ৬ লেন গ্ৰীণফিল্ড উদয়পুৰ বাইপাছো উদ্বোধন কৰিব। এই বাইপাছে উদয়পুৰ চহৰৰ ভিৰ মুক্ত কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ ঝুনঝুনু, আবু পথ আৰু টংক জিলাৰ পথৰ আন্তঃগাঁথনিৰ উন্নতি সাধন কৰিব পৰা আন বিভিন্ন প্ৰকল্পও উদ্বোধন কৰিব।

অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰি ৰাজস্থানৰ প্ৰায় ২৩০০ কোটি টকাৰ আঠটা গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দেশৰ নামত উৎসৰ্গিত হ’বলগীয়া ৰে’ল প্ৰকল্পসমূহৰ ভিতৰত যোধপুৰ-ৰাই কা বাঘ-মেৰতা পথ-বিকানেৰ অংশ (২৭৭ কিলোমিটাৰ)কে ধৰি ৰে’ল পথসমূহৰ বিদ্যুৎকৰণৰ বাবে বিভিন্ন প্ৰকল্প; যোধপুৰ-ফালোডী অংশ (১৩৬ কিলোমিটাৰ); আৰু বিকানেৰ-ৰতনগড়-সদুলপুৰ-ৰেৱাৰী অংশ (৩৭৫ কি.মি.) উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে ‘খাটিপুৰা ৰে’লৱে ষ্টেচন’ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।  উপগ্ৰহ ষ্টেচন হিচাপে গঢ়ি তোলা জয়পুৰ ৰে’ল ষ্টেচনটো ‘টাৰ্মিনেল সুবিধা’ৰে সমৃদ্ধি কৰি তোলা হৈছে, য’ত ৰে’লৰ আৰম্ভ আৰু যাত্ৰাৰ অন্ত পেলোৱাৰ সুবিধা আছে৷ প্ৰধানমন্ত্ৰীয়ে যিবোৰ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব সেইবোৰৰ ভিতৰত ভগত কি কোঠী (যোধপুৰ)ত বন্দে ভাৰতৰ শ্লীপাৰ ৰে’লৰ মেৰামতিৰ সুবিধা; খাটিপুৰা (জয়পুৰ)ত বন্দে ভাৰত, এলএইচবি আদি সকলো ধৰণৰ ৰেক মেৰামতি; হনুমানগড়ত ৰে’লৰ ৰক্ষণাবেক্ষণৰ বাবে দবা মেৰামতি চৌহদ নিৰ্মাণ; আৰু বান্দিকুইৰ পৰা আগ্ৰা দুৰ্গলৈ ৰে’ল লাইনৰ দ্বৈত পথলৈ উন্নীতকৰণ উল্লেখযোগ্য। ৰে’ল খণ্ডৰ প্ৰকল্পসমূহৰ লক্ষ্য হৈছে ৰে’ল আন্তঃগাঁথনি আধুনিকীকৰণ, সুৰক্ষা ব্যৱস্থা বৃদ্ধি, সংযোগৰ উন্নতি আৰু অধিক কাৰ্যক্ষমভাৱে সামগ্ৰী আৰু যাত্ৰীৰ চলাচলত সুবিধা প্ৰদান কৰা।

অঞ্চলটোত নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধিত উদ্গনি যোগোৱাৰ এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত প্ৰায় ৫৩০০ কোটি টকাৰ গুৰুত্বপূৰ্ণ সৌৰ প্ৰকল্পসমূহ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বিকানেৰ জিলাত বৰছিংছাৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ সমীপত স্থাপন হ’বলগীয়া ৩০০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ এনএলচিআইএল বৰছিংছাৰ সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংগতি ৰাখি ভাৰতত নিৰ্মিত উচ্চ কাৰ্যক্ষম বাইফেচিয়েল মডিউলৰ সৈতে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰে এই সৌৰ প্ৰকল্পটো স্থাপন কৰা হ’ব। তদুপৰি, তেওঁ চিপিএছইউ আঁচনি দ্বিতীয় পৰ্যায় (ট্ৰেন্স-III)ৰ অধীনত এনএইচপিচি লিমিটেডৰ ৩০০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যিটো বিকানেৰ ৰাজস্থানতে বিকাশ সাধন কৰা হ’ব। ৰাজস্থানৰ বিকানেৰত বিকাশ সাধন কৰা ৩০০ মেগাৱাট এনটিপিচি গ্ৰীণ এনাৰ্জি লিমিটেডৰ নোখৰা সৌৰ পিভি প্ৰকল্পও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। সৌৰ প্ৰকল্পসমূহে সেউজ শক্তি উৎপাদন কৰিব, কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন ৰোধত সহায় কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত ২১০০ কোটিৰো অধিক মূল্যৰ ৰাষ্ট্ৰীয় শক্তি সঞ্চালন খণ্ডৰ প্ৰকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহ ৰাজস্থানৰ সৌৰশক্তি মণ্ডলৰ পৰা শক্তি আহৰণ কৰাৰ উদ্দেশ্যে কৰা হৈছে যাতে এই অঞ্চলসমূহত উৎপাদিত সৌৰশক্তি হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব পৰা যায়। প্ৰকল্পসমূহৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ খণ্ড (ক)ৰ অধীনত ৰাজস্থানৰ সৌৰশক্তি মণ্ডলৰ পৰা শক্তি আহৰণ কৰাৰ বাবে সংবহন ব্যৱস্থা শক্তিশালীকৰণ আঁচনি (৮.১ গিগাৱাট); দ্বিতীয় পৰ্যায়ৰ খণ্ড-বি১ৰ অধীনত ৰাজস্থানৰ সৌৰশক্তি মণ্ডলৰ পৰা শক্তি (৮.১ গিগাৱাট) আহৰণ কৰাৰ বাবে সংবহন ব্যৱস্থা শক্তিশালীকৰণ আঁচনি; আৰু বিকানেৰ (পি জি), ফাতেহগড়-দ্বিতীয় আৰু ভাদলা–দ্বিতীয়ত আৰ ই প্ৰকল্পৰ সৈতে সংযোগ প্ৰদানৰ বাবে সংবহন ব্যৱস্থা উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে জল জীৱন মিছনৰ অধীনত প্ৰকল্পকে ধৰি প্ৰায় ২৪০০ কোটি টকাৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে সমগ্ৰ দেশতে ব্যক্তিগত ঘৰুৱা টেপ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ নিষ্ঠাৰ ইংগিত দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে যোধপুৰত ইণ্ডিয়ান অইলৰ এলপিজি বটলিং প্লাণ্ট ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। অত্যাধুনিক আন্তঃগাঁথনি আৰু পৰিচালনা আৰু সুৰক্ষাৰ বাবে অটোমেচন ব্যৱস্থাৰে বটলিং প্লাণ্টটোৱে নিয়োগ সৃষ্টি কৰিব আৰু অঞ্চলটোৰ লাখ লাখ গ্ৰাহকৰ এলপিজিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

ৰাজস্থানত এই উন্নয়নমূলক প্ৰকল্পসমূহৰ আৰম্ভণিয়ে ৰাজস্থানৰ আন্তঃগাঁথনিৰ পৰিৱেশ সলনি কৰাৰ লগতে বিকাশ আৰু উন্নয়নৰ সুযোগ সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য প্ৰচেষ্টাক আলোকপাত কৰে।

 

ৰাজস্থানৰ সকলো জিলাৰ প্ৰায় ২০০টা স্থানত আয়োজন কৰা এই কাৰ্যসূচীৰ মূল কাৰ্যসূচী জয়পুৰত অনুষ্ঠিত হ’ব। ৰাজ্যজুৰি হ’বলগীয়া এই কাৰ্যসূচীত বিভিন্ন চৰকাৰী আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ৰাজস্থান, ৰাজস্থান চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিনিধিয়েও যোগদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”