ছত্তীশগড়ত ৩৪,৪০০ কোটিতকৈ অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পসমূহে পথ, ৰে’ল, কয়লা, শক্তি আৰু সৌৰশক্তিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি ল’ব
এনটিপিচিৰ লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু এনটিপিচিৰ লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৪ত দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত ছত্তীশগড়’ কাৰ্যসূচীত ভাষণ আগবঢ়াব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৩৪,৪০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে পথ, ৰে’লৱে, কয়লা, শক্তি, সৌৰশক্তি আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডক সামৰি ল’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন টি পি চিৰ দ্বাৰা স্থাপন কৰা লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ প্ৰথম পৰ্যায় (২x৮০০ মেগাৱাট) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু ছত্তীশগড়ৰ ৰায়গড় জিলাত এনটিপিচিৰ লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট দ্বিতীয় পৰ্যায়ৰ (২x৮০০ মেগাৱাট) আধাৰশিলা স্থাপন কৰিব। ষ্টেচনটোৰ প্ৰথম পৰ্যায় প্ৰায় ১৫,৮০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে যদিও প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়টো প্ৰথম পৰ্যায়ৰ চৌহদৰ উপলব্ধ মাটিত নিৰ্মাণ কৰা হ’ব, যাৰ ফলত সম্প্ৰসাৰণৰ বাবে কোনো অতিৰিক্ত মাটিৰ প্ৰয়োজন নহ’ব আৰু ইয়াৰ বাবে ১৫,৫৩০ কোটি টকাৰ বিনিয়োগ হ’ব। অতি কাৰ্যক্ষম ছুপাৰ ক্ৰিটিকেল প্ৰযুক্তি (প্ৰথম পৰ্যায়ৰ বাবে) আৰু আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল প্ৰযুক্তি (দ্বিতীয় পৰ্যাৰ বাবে)ৰে সজ্জিত এই প্ৰকল্পটোৱে কম নিৰ্দিষ্ট কয়লা ব্যৱহাৰ আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন ৰোধ নিশ্চিত কৰিব। প্ৰথম আৰু দ্বিতীয় পৰ্যায় দুয়োটাৰে পৰা ৫০% বিদ্যুৎ ছত্তীশগড় ৰাজ্যলৈ আবণ্টন দিয়াৰ বিপৰীতে এই প্ৰকল্পই আন কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, যেনে-গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, দমন,  দিউ, দাদৰা আৰু নগৰ হাভেলীৰ লগতে অন্যান্য অঞ্চলৰ শক্তিৰ পৰ্যাপ্ততা উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

মুঠ ৬০০ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মিত ছাউথ ইষ্টাৰ্ণ ক’লফিল্ডছ লিমিটেডৰ তিনিটা মূল ফাৰ্ষ্ট মাইল কানেক্টিভিটি (এফএমচি) প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ ফলত কয়লা দ্ৰুত, পৰিৱেশ অনুকূল আৰু কাৰ্যক্ষম যান্ত্ৰিকভাৱে খালী কৰাত সহায় কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত এছইচিএলৰ ডিপকা এলেকাৰ ডিপকা অ’ চিপি কয়লা হেণ্ডলিং প্লাণ্ট, ছল আৰু এছইচিএলৰ ৰায়গড় এলেকাৰ বৰৌদ অ’চিপি কয়লা হেণ্ডলিং প্লাণ্ট উল্লেখযোগ্য। এফএমচি প্ৰকল্পসমূহে কয়লাক পিটহেডৰ পৰা কনভেয়ৰ বেল্টৰ জৰিয়তে চাইল’, বাংকাৰ, আৰু দ্ৰুত লোডিং ব্যৱস্থাৰে সজ্জিত কয়লা পৰিচালনা প্লাণ্টলৈ যান্ত্ৰিকভাৱে চলাচল কৰাটো নিশ্চিত কৰে। পথৰ জৰিয়তে কয়লা পৰিবহণ হ্ৰাস কৰি এই প্ৰকল্পসমূহে  যান-জঁট, পথ দুৰ্ঘটনা, কয়লা খনিৰ আশে-পাশে থকা পৰিৱেশ আৰু স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ হ্ৰাস কৰি কয়লা খনিৰ আশে-পাশে বাস কৰা লোকসকলৰ জীৱন-যাপনৰ অৱস্থা সহজ কৰি তোলাত সহায় কৰিব। ইয়াৰ ফলত পিটহেডৰ পৰা ৰে’লৱেৰ ছাইডিঙলৈ কয়লা কঢ়িয়াই নিয়া ট্ৰাকসমূহে ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰি পৰিবহণ ব্যয়ো ৰাহি কৰিব।

অঞ্চলটোত নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধিৰ এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাজনন্দগাঁৱত প্ৰায় ৯০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৌৰ পিভি প্ৰকল্প উদ্বোধন কৰিব। প্ৰকল্পটোৱে বছৰি আনুমানিক ২৪৩.৫৩ মিলিয়ন ইউনিট শক্তি উৎপাদন কৰিব আৰু ২৫ বছৰৰ ভিতৰত প্ৰায় ৪৮.৭ মিলিয়ন টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰিব, যিটো একে সময়ছোৱাত প্ৰায় ৮.৮৬ মিলিয়ন গছ-গছনিয়ে নিষ্কাশন কৰা কাৰ্বনৰ সমতুল্য।

অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিলাসপুৰ– উছলাপুৰ উৰণীয়া সেতু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। ইয়াৰ ফলত কাটনি অভিমুখে বিলাসপুৰত যান-জঁটৰ প্ৰচণ্ড যান-জঁট হ্ৰাস পাব আৰু কয়লাৰ পৰিবহণ বন্ধ হৈ যাব। প্ৰধানমন্ত্ৰীয়ে ভিলাইত ৫০ মেগাৱাটৰ সৌৰ শক্তি কেন্দ্ৰও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। ই চলিত ৰে’লত সৌৰশক্তিৰ ব্যৱহাৰত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৪৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫৫.৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত পথ অংশৰ পুনৰ্বাসন আৰু উন্নীতকৰণ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পই দুখন গুৰুত্বপূৰ্ণ চহৰ বিলাসপুৰ আৰু ৰায়গড়ৰ মাজত সংযোগ উন্নত কৰাত সহায় কৰিব। লগতে ১৩০নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫২.৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ পুনৰ্বাসন আৰু উন্নীতকৰণ কৰা দ্বৈত পথ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পই অম্বিকাপুৰ চহৰৰ ৰায়পুৰ আৰু কোৰবা চহৰৰ সৈতে সংযোগ উন্নত কৰাত সহায় কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi