চিভিচিৰ নতুন অভিযোগ ব্যৱস্থাপনা পদ্ধতি প’ৰ্টেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
নাগৰিকসকলক তেওঁলোকৰ অভিযোগৰ স্থিতিৰ সন্দৰ্ভত নিয়মীয়াকৈ আপডেট কৰাৰ জৰিয়তে সবিশেষ তথ্য প্ৰদান কৰিব এই প’ৰ্টেলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে ভাষণ আগবঢ়াব।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে চিভিচিৰ নতুন অভিযোগ ব্যৱস্থাপনা পদ্ধতি প’ৰ্টেল মুকলি কৰিব৷ এই প’ৰ্টেলে নাগৰিকসকলক তেওঁলোকৰ অভিযোগৰ স্থিতিৰ সন্দৰ্ভত নিয়মীয়াকৈ আপডেট কৰাৰ জৰিয়তে সবিশেষ তথ্য প্ৰদান কৰিব৷ তেওঁ “নৈতিকতা আৰু ভাল অনুশীলন পদ্ধতি” শীৰ্ষক চিত্ৰকল্পৰ এলানি পুস্তিকা; ৰাজহুৱা ক্ৰয়ৰ ওপৰত “প্ৰতিৰোধমূলক সতৰ্কতা” আৰু বিশেষ সংখ্যা “VIGEYE-VANI”ৰ সন্দৰ্ভত উত্তম পদ্ধতিৰ সংকলন মুকলি কৰিব৷

জীৱনৰ সকলো ক্ষেত্ৰতে সততাৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত সকলো অংশীদাৰক একত্ৰিত কৰিবলৈ চিভিচিয়ে প্ৰতি বছৰে সতৰ্কতা সজাগতা সপ্তাহ পালন কৰে। এই বছৰ ৩১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ “এখন উন্নত দেশৰ বাবে দুৰ্নীতিমুক্ত ভাৰত” শীৰ্ষক বিষয়বস্তুৰে এই সপ্তাহ পালন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়বস্তুৰ সজাগতা সজাগতা সপ্তাহৰ ওপৰত চিভিচিৰ দ্বাৰা পৰিচালিত দেশজোৰা ৰচনা প্ৰতিযোগিতাৰ সময়ত শ্ৰেষ্ঠ ৰচনা লিখা পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GIFT City scales new heights as India's 1st international finance and IT hub

Media Coverage

GIFT City scales new heights as India's 1st international finance and IT hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মাৰ্চ 2026
March 30, 2026

Mann Ki Baat to Mission Mode: How PM Modi's Initiatives Spark Hope in Health, Innovation, Security & Nature