প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ফেব্ৰুৱাৰীত ভাৰতৰ সৰ্ববৃহৎ আৰু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া গতিশীলতা প্ৰদৰ্শনী-ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪ত কাৰ্যসূচীত ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সৰ্ববৃহৎ আৰু প্ৰথম গতিশীলতা প্ৰদৰ্শনী-ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪-২ ফেব্ৰুৱাৰী, ২০২৪ত বিয়লি ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত এক কাৰ্যসূচীত ভাষণ আগবঢ়াব।

ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪ত সমগ্ৰ মবিলিটি আৰু অটোমোটিভ মূল্য শৃংখলত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হ’ব। এক্সপ’ত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ বৈঠক, ৰাজ্যিক অধিবেশন, পথ সুৰক্ষা পেভিলিয়ন আৰু লগতে গ’-কাৰ্টিঙৰ দৰে জনকেন্দ্ৰিক আকৰ্ষণৰ ব্যৱস্থা থাকিব।

৫০খনতকৈ অধিক দেশৰ ৮০০ৰো অধিক প্ৰদৰ্শকৰ সৈতে এই এক্সপ’ত অত্যাধুনিক প্ৰযুক্তি, বহনক্ষম সমাধান আৰু গতিশীলতাৰ ক্ষেত্ৰত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হ’ব। এক্সপ’ত ২৮টাতকৈও অধিক বাহন নিৰ্মাতাই অংশগ্ৰহণ কৰিব৷ তদুপৰি এই কাৰ্যসূচীত ৬০০ৰো অধিক বাহনৰ সামগ্ৰী নিৰ্মাতাই অংশগ্ৰহণ কৰিব। ১৩খনতকৈও অধিক বিশ্ব বজাৰৰ ১০০০ৰো অধিক ব্ৰেণ্ডে এই অনুষ্ঠানত তেওঁলোকৰ নিজা উৎপাদিত সামগ্ৰী, প্ৰযুক্তি আৰু সেৱা প্ৰদৰ্শন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship

Media Coverage

In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Mr. Andy Jassy meets the Prime Minister
June 25, 2026

CEO of Amazon, Mr. Andy Jassy met with the Prime Minister Shri Narendra Modi, today, at New Delhi. Shri Modi remarked that Amazon's record $48 billion investment in India shows the growing interest across the world to invest in India.

The Prime Minister posted on X;

A great meeting with Mr. Andy Jassy. I welcome Amazon's record $48 billion investment in India. This will create new opportunities for our youth. At the same time, it shows the growing interest across the world to invest in India!

@amazon