ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুলাই, ২০২২ত দিনৰ ১১:০০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত এখন নেচাৰেল ফাৰ্মিং কনক্লেভত ভাষণ দিব।

আজাদী কা অমৃত মহোৎসৱৰ এটা অংশ হিচাপে, মাৰ্চ ২০২২ত গুজৰাট পঞ্চায়ত মহাসন্মিলনত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰতিখন গাঁৱৰ কমেও ৭৫জন কৃষকে খেতিৰ প্ৰাকৃতিক পদ্ধতি অৱলম্বন কৰিব লাগে বুলি আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ, ছুৰাট জিলাই বিভিন্ন অংশীদাৰ আৰু কৃষক গোট, নিৰ্বাচিত প্ৰতিনিধি, তালাথিসকল, কৃষি সামগ্ৰী বিপনন সমিতি (এপিএমচি), সমবায়, বেংক ইত্যাদিৰ দৰে বিভিন্ন অনুষ্ঠানক সংবেদনশীল আৰু আকৰ্ষণ কৰিবলৈ এক সমৰ্পিত আৰু সমন্বিত প্ৰচেষ্টা হাতত লয়। সমান্তৰালভাৱে, প্ৰতিখন গাঁও পঞ্চায়তত কমেও ৭৫জন কৃষকক চিনাক্ত কৰা হয় আৰু প্ৰাকৃতিক কৃষিকৰ্মৰ বাবে মনোনিৱেশ কৰাৰ লগতে প্ৰশিক্ষণ দিয়া হৈছে। কৃষকসকলক ৯০টা বেলেগ বেলেগ ক্লাষ্টাৰত প্ৰশিক্ষণ দিয়া হয় আৰু পৰিণতিত সমগ্ৰ জিলাখনত ৪১,০০০তকৈও অধিক কৃষকে প্ৰশিক্ষণ লয়।

গুজৰাটৰ ছুৰাটত এই সন্মিলনৰ আয়োজন কৰা হৈছে আৰু ছুৰাটত প্ৰাকৃতিক কৃষি পদ্ধতিক এক সফলতাৰ কাহিনীত পৰিণত কৰা কেইবা হাজাৰ কৃষক আৰু আন সকলো অংশীদাৰে ইয়াত ভাগ ল'ব। সন্মিলনত গুজৰাটৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic

Media Coverage

Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ডিচেম্বৰ 2025
December 19, 2025

Citizens Celebrate PM Modi’s Magic at Work: Boosting Trade, Tech, and Infrastructure Across India