ইনফিনিটি ফৰাম হৈছে ফিনটেক সন্দৰ্ভত এক বৈশ্বিক চিন্তা নেতৃত্ব মঞ্চ
থিম - ‘জিআইএফটি-আইএফএছচিঃ নিউ এজ গ্ল’বেল ফাইনেন্সিয়েল চাৰ্ভিচেজৰ বাবে নাৰ্ভ চেন্টাৰ’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ ডিচেম্বৰ, ২০২৩ৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ফিনটেক সন্দৰ্ভত বৈশ্বিক চিন্তা নেতৃত্ব মঞ্চ ইনফিনিটি ফৰামৰ দ্বিতীয় সংস্কৰণৰ কাৰ্য্যসূচী সম্বোধন কৰিব।

ভাৰত চৰকাৰৰ তত্বাৱধানত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষ (IFSCA) আৰু গিফ্ট চিটিয়ে যৌথভাৱে আয়োজন কৰা ইনফিনিটি ফৰামৰ দ্বিতীয় সংস্কৰণ হৈছে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট, ২০২৪ৰ পূৰ্বসূৰী অনুষ্ঠান। ইয়াত সমগ্ৰ বিশ্বৰ প্ৰগতিশীল ধাৰণা, জৰুৰী সমস্যা, উদ্ভাৱনী প্ৰযুক্তিৰাজি আৱিষ্কাৰ, এই সম্পৰ্কে আলোচনা, সমাধান সূত্ৰ নিৰ্ণয় আৰু সুযোগলৈ পৰিৱৰ্তিত কৰা হয়।

ইনফিনিটি ফৰামৰ দ্বিতীয় সংস্কৰণৰ বিষয়বস্তু হৈছে ‘জিআইএফটি-আইএফএছচিঃ নিউ এজ গ্ল’বেল ফাইনেন্সিয়েল চাৰ্ভিচেজৰ বাবে নাৰ্ভ চেন্টাৰ’, যাক তলত উল্লেখিত তিনিটা ট্ৰেকৰ জৰিয়তে সামৰি লোৱা হ’বঃ

• প্লেনাৰী ট্ৰেকঃ এক নিউ এজ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় কেন্দ্ৰ স্থাপন

• গ্ৰীন ট্ৰেকঃ এক “গ্ৰীন ষ্টেক” প্ৰশস্তকৰণ

• ছিলভাৰ ট্ৰেকঃ জিআইএফটি-আইএফএছচিত দীঘলীয়া বিত্ত হাব

প্ৰতিটো ট্ৰেকতে এজন জ্যেষ্ঠ উদ্যোগ নেতাৰ ইনফিনিটি টক তথা ভাৰত আৰু সমগ্ৰ বিশ্বৰ বিত্তীয় খণ্ডৰ উদ্যোগ বিশেষজ্ঞ আৰু ব্যৱহাৰকাৰীৰ পেনেল আলোচনা অনুষ্ঠিত হ’ব। ইয়াত ব্যৱহাৰিক অন্তৰ্দৃষ্টি আৰু কাৰ্য্যকৰী সমাধান সূত্ৰ নিৰ্ণয় কৰা হ’ব।

এই মঞ্চত ভাৰত আৰু যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, ইউএই, অষ্ট্ৰেলিয়া আৰু জাৰ্মানীকে প্ৰমুখ্য কৰি ২০+ দেশৰ দৰ্শকে অনলাইন মাধ্যমেৰে অংশগ্ৰহণৰ সমান্তৰালকৈ ৩০০+ চিএক্সঅ’ই অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বিদেশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আৰু বিদেশী দূতাবাসৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses

Media Coverage

Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জুলাই 2026
July 09, 2026

PM Modi Leading India's Economic, Cultural & Diplomatic Renaissance