সন্মিলনৰ বিষয়বস্তু হৈছে-“সমসাময়িক প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰঃ দৰ্শনৰ পৰা প্ৰথালৈ”
সন্মিলনত সমগ্ৰ বিশ্বৰ বিশিষ্ট পণ্ডিত, সংঘৰ অগ্ৰণী নেতা আৰু ধৰ্মীয় লোকসকল উপস্থিত থাকিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ এপ্ৰিল, ২০২৩ৰ পুৱা ১০ বজাত দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব৷

২০-২১ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ সহযোগত সাংস্কৃতিক মন্ত্ৰালয়ে দুদিনীয়াকৈ এই সন্মিলনত আয়োজন কৰিব৷ বিশ্ব বৌদ্ধ সন্মিলনৰ মুল বিষয়বস্তু হৈছে “সমসাময়িক প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰঃ  দৰ্শনৰ পৰা প্ৰথালৈ৷”

বৌদ্ধ আৰু সাৰ্বজনীন সমস্যাৰ বিষয়সমূহৰ ওপৰত বিশ্বব্যাপী বৌদ্ধ ধৰ্মৰ অগ্ৰণী ব্যক্তি আৰু পণ্ডিতসকলক জড়িত কৰাৰ দিশত আৰু সেইবোৰক সামূহিকভাৱে সমাধান কৰিবলৈ নীতিগত তথ্যসমূহ উলিয়াবলৈ এক প্ৰচেষ্টা হিচাপে এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ আলোচনাত বৌদ্ধ ধৰ্মৰ মৌলিক মূল্যবোধে সমসাময়িক পৰিৱেশত কেনেকৈ প্ৰেৰণা আৰু পথ প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে অন্বেষণ কৰা হ’ব।

এই সন্মিলনত সমগ্ৰ বিশ্বৰ বিশিষ্ট পণ্ডিত, সংঘৰ অগ্ৰণী নেতা আৰু ধৰ্মীয় লোকসকল উপস্থিত থাকিব, যিসকলে বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব আৰু সাৰ্বজনীন মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বৌদ্ধ ধৰ্মত উত্তৰৰ সন্ধান কৰি৷ সন্মিলনত বৌদ্ধ ধৰ্ম আৰু শান্তি; বৌদ্ধ ধৰ্ম: পৰিৱেশজনিত সংকট, স্বাস্থ্য আৰু বহনক্ষমতা; নালন্দা বৌদ্ধ পৰম্পৰাৰ সংৰক্ষণ; বৌদ্ধ ধৰ্ম তীৰ্থযাত্ৰা, জীৱন্ত ঐতিহ্য আৰু বৌদ্ধ ধ্বংসাৱশেষ: দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ শতিকা পুৰণি সাংস্কৃতিক সংযোগৰ এক সুস্থিৰতাৰ ভেটি শীৰ্ষক চাৰিটা বিষয়বস্তুৰ অধীনত আলোচনা অনুষ্ঠিত হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access