প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ অক্টোবৰত দিনৰ প্ৰায় ১:৪৫ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানত ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভা সম্বোধন কৰিব।

ইন্টাৰপোলৰ ৯০ সংখ্যক সাধাৰণ সভাখনি ১৮ অক্টোবৰৰপৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। এই বৈঠকত ইন্টাৰপোলৰ ১৯৫ খন সদস্য দেশৰ মন্ত্ৰী, আৰক্ষীৰ মুৰব্বী, ৰাষ্ট্ৰীয় কেন্দ্ৰীয় ব্যুৰ’ৰ (National Central Bureaus) মুৰব্বী আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰে গঠিত প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই সাধাৰণ সভা হৈছে ইন্টাৰপোলৰ সৰ্বোচ্চ পৰিচালনা কমিটি আৰু ইয়াৰ কাৰ্য্যকলাপৰ সৈতে জড়িত মূল সিদ্ধান্ত গ্ৰহণৰ বাবে বছৰত এবাৰ এই বৈঠক অনুষ্ঠিত হয়।

প্ৰায় ২৫ বছৰ পিছত এইবাৰ ভাৰতত ইন্টাৰপোলৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে ১৯৯৭ ত এই বৈঠক অনুষ্ঠিত হৈছিল। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰে সংগতি ৰাখি ২০২২ ত নতুন দিল্লীত ইন্টাৰপোলৰ সাধাৰণ সভা আয়োজনৰ অৰ্থে ভাৰতে জনোৱা প্ৰস্তাৱক সাধাৰণ সভাৰ গৰিষ্ঠসংখ্যকে আদৰণি জনাইছিল। এই অনুষ্ঠানে ভাৰতৰ আইন-শৃংখলা ব্যৱস্থাৰ উত্তম পন্থাসমূহক সমগ্ৰ বিশ্বৰ সন্মুখত থূপাই প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।

ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ইন্টোৰপোলৰ অধ্যক্ষ আহমেদ নাছেৰ আল ৰাইছি আৰু মহাসচিব শ্ৰী জুৰ্গেন ষ্টক, চিবিআইৰ সঞ্চালকেও অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond