প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ জানুৱাৰী, ২০২২ৰ দিনা পুৱা ১০.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ’(আইএছচি)ত ভাষণ প্ৰদান কৰিব।

এই বছৰৰ ‘আইএছচি’ৰ প্ৰতিপাদ্য বিষয় হৈছে "মহিলা সৱলীকৰণৰ সৈতে বহনক্ষম বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা"। ইয়াত বহনক্ষম উন্নয়ন, মহিলা সৱলীকৰণ আৰু ইয়াক লাভ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰীসকলে শিক্ষাদান, গৱেষণা আৰু উদ্যোগক্ষেত্ৰৰ উচ্চ পৰ্যায়ত মহিলাৰ সংখ্যা বৃদ্ধি কৰাৰ উপায় উদ্ভাৱন সন্দৰ্ভত আলাপ-আলোচনা কৰাৰ লগতে মহিলাসকলক ‘ষ্টেম’ (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, গণিত) শিক্ষা, গৱেষণাৰ সুযোগ আৰু অৰ্থনৈতিক ক্ষেত্ৰত অংশগ্ৰহণত সম প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ বাবে পথ অন্বেষণৰ প্ৰয়াস কৰিব। ইয়াত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ প্ৰদৰ্শন কৰাৰ বাবে এক বিশেষ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ'ব, য'ত প্ৰখ্যাত মহিলা বিজ্ঞানীসকলৰ বক্তৃতাও প্ৰত্যক্ষ কৰিব পৰা যাব।

‘আইএছচি’ৰ সৈতে সংগতি ৰাখি আন কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। শিশুসকলৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ আৰু বিজ্ঞান-মনস্কতা উদ্দীপিত কৰাত সহায় কৰিবলৈ অনুষ্ঠিত কৰা হ'ব ‘শিশু বিজ্ঞান কংগ্ৰেছ’। সেইদৰে, ‘কৃষক বিজ্ঞান কংগ্ৰেছ’-য়ে জৈৱ-অৰ্থনীতি উন্নত কৰিবলৈ আৰু যুৱ-প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। ইয়াত অনুষ্ঠিত হ'ব লগা ‘জনজাতীয় বিজ্ঞান কংগ্ৰেছ’ত জনজাতীয় মহিলাসকলৰ সৱলীকৰণত গুৰুত্ব দিয়াৰ লগতে ই থলুৱা প্ৰাচীন জ্ঞান প্ৰণালী আৰু অনুশীলনৰ বৈজ্ঞানিক প্ৰদৰ্শনৰ এক মঞ্চ হৈ উঠিব।

এই ‘কংগ্ৰেছ’ৰ প্ৰথমখন অধিৱেশন ১৯১৪ চনত অনুষ্ঠিত হৈছিল। ‘আইএছচি’ৰ ১০৮ সংখ্যক বাৰ্ষিক অধিৱেশনখন ‘ৰাষ্ট্ৰসন্ত তুকাড়োজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়’ত অনুষ্ঠিত হ'ব, যি খন বিশ্ববিদ্যালয়ে এই বছৰ ইয়াৰ শতবাৰ্ষিকী উদযাপন কৰি আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to great social reformer Shri Sant Sevalal Maharaj
February 15, 2026

The Prime Minister, Shri Narendra Modi paid tributes to the great social reformer Shri Sant Sevalal Maharaj on his birth anniversary, today. “By spreading the message of truth, non-violence, and high moral values, he instilled a new consciousness in society. His inspiring life will forever continue to guide the people of the country”, Shri Modi said.

The Prime Minister posted on X:

“महान समाज सुधारक श्री संत सेवालाल महाराज को उनकी जयंती पर शत-शत नमन। सत्य, अहिंसा और उच्च नैतिक मूल्यों का संदेश देकर उन्होंने समाज में नवचेतना का संचार किया। उनका प्रेरणादायी जीवन सदैव देशवासियों का मार्गदर्शन करता रहेगा।

जय सेवालाल!”