প্ৰধানমন্ত্ৰী তথা সদনৰ নেতা শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ‘সংবিধান সংশোধনী(এশ আঠাইশ সংখ্যক) বিধেয়ক, ২০২৩’লৈ সমৰ্থন আগবঢ়োৱাৰ লগতে এই সন্দৰ্ভত অৰ্থপূৰ্ণ বিতৰ্কত অংশগ্ৰহণ কৰাৰ বাবে সকলো ৰাজনৈতিক দলকে ধন্যবাদ জ্ঞাপন কৰে। নতুন সংসদ ভৱনত অনুষ্ঠিত প্ৰথমটো মুখ্য কাৰ্যক্ৰম হিচাপে এই বিধেয়কখন সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হোৱাৰ উপৰি বিধেয়কখন কালি লোকসভাত গৃহীত হৈছিল।
আজি কাৰ্যক্ৰম আৰম্ভ হোৱাৰ মুহূৰ্ততে প্ৰধানমন্ত্ৰী মন্তব্য প্ৰদানৰ বাবে থিয় হয় আৰু কালিৰ দিনটোৰ ঘটনাক্ৰমক 'ভাৰতৰ সংসদীয় যাত্ৰাৰ সোণালী মুহূৰ্ত' বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে এই সাফল্যৰ বাবে সকলো দলৰ সদস্য আৰু তেওঁলোকৰ নেতাসকলক কৃতিত্ব প্ৰদান কৰে। তেওঁ কয় যে কালিৰ সিদ্ধান্ত আৰু ৰাজ্যসভাত সম্পূৰ্ণ হ’বলগীয়া আগন্তুক কাৰ্যপৰিক্ৰমাই মাতৃশক্তিৰ মনোভাৱ সলনি কৰিব আৰু দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে ই এক অকল্পনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। "এই পৱিত্ৰ কামটো সম্পূৰ্ণ কৰাৰ বাবে আপোনালোকে আগবঢ়োৱা অৱদান, সমৰ্থন আৰু অৰ্থপূৰ্ণ বিতৰ্কৰ বাবে মই সদনৰ নেতা হিচাপে অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ থিয় দিছো," বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্যৰ সামৰণি মাৰে।


