“আমাৰ ইতিহাসৰ বহু কাহিনী পাহৰণিৰ গৰ্ভত বিলীন হৈছে”
“ঐতিহ্যৰ প্ৰতি উদাসীনতাই দেশখনৰ বহু ক্ষতি কৰিলে”
“লোথাল কেৱল সিন্ধু সভ্যতাৰ এক প্ৰধান বাণিজ্যিক কেন্দ্ৰই নহয়, বৰঞ্চ ই ভাৰতৰ সামুদ্ৰিক শক্তি আৰু সমৃদ্ধিৰ প্ৰতীক আছিল”
“স্বকীয় ইতিহাসৰে আমাক গৌৰৱান্বিত কৰা লোথালে এতিয়া আগন্তুক প্ৰজন্মৰ ভৱিষ্যৎ গঢ়িব”
“আমি আমাৰ ঐতিহ্যক লালন-পালন কৰা মাত্ৰেকে আমি ইয়াৰে জড়িত অনুভৱৰাজিক সংৰক্ষণ কৰো”
“যোৱা ৮ টা বছৰত দেশখনত বিকশিত ঐতিহ্যৰ তাড়নাই আমাক ভাৰতৰ লিগেচীৰ বিশালতাৰে আভাস দিয়ে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ড্ৰোনৰ সহায়ত গুজৰাটৰ লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স ক্ষেত্ৰত অব্যাহত কামৰ পৰ্য্যালোচনা কৰে।

তদুপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ ক্ষীপ্ৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে। ‘পঞ্চ প্ৰাণ’ সম্পৰ্কে লালকিল্লাৰ প্ৰাচীৰত প্ৰদান কৰা ভাষণৰ স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘আমাৰ ঐতিহ্যক লৈ গৌৰৱ’ কৰা সন্দৰ্ভত আলোকপাত কৰি কয় যে আমাৰ সামুদ্ৰিক ঐতিহ্যৰ ক্ষেত্ৰত আমাৰ পূৰ্বপুৰুষসকল ধ্বজাবাহক আছিল। তেখেতে কয়, “আমাৰ ইতিহাসৰ বহু কাহিনী পাহৰণিৰ গৰ্ভত বিলীন হৈছে আৰু এইসমূহক পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই নিবলৈ ইয়াৰ সংৰক্ষণৰ বাহিৰে উপায় নাই। ইতিহাসৰ এনে ঘটনাসমূহৰপৰা আমি কিমান যে শিকিব পাৰো? ভাৰতৰ সামুদ্ৰিক ঐতিহ্যও এনে এক প্ৰসংগ, যাক লৈ কম পৰিমাণেহে চৰ্চা হৈছে”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাচীন কালত ভাৰতৰ বাণিজ্য আৰু ব্যৱসায়ৰ ব্যাপক প্ৰসাৰ আৰু বিশ্বৰ প্ৰতিটো সভ্যতাৰে ইয়াৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশ কৰি কয় যে হাজাৰ বছৰীয়া দাসত্বই সেই পৰম্পৰা ভংগৰ সমান্তৰালভাৱে আমি আমাৰ ঐতিহ্য আৰু সামৰ্থ্যৰ প্ৰতি উদাসীন হৈ পৰিলো।

হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত ভাৰতৰ চহকী আৰু বৈচিত্ৰময় সামুদ্ৰিক ঐতিহ্য সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দক্ষিণ ভাৰতৰ চোলা সাম্ৰাজ্য, চেৰা বংশ আৰু পাণ্ড্য বংশ সম্পৰ্কে কয়। তেওঁলোকে সামুদ্ৰিক সম্পদৰাজিৰ শক্তি বুজি পাইছিল আৰু ইয়াক অভূতপূৰ্ব শিখৰলৈ নিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ইয়াৰ ফলত দেশখনৰ নৌশক্তি শক্তিশালী হোৱাৰ লগতে ভাৰতৰপৰা বিশ্বৰ সকলো প্ৰান্তলৈ বাণিজ্য সম্প্ৰসাৰিত হৈছিল। এক শক্তিশালী নৌসেনা গঠনেৰে বিদেশী আক্ৰমণকাৰীক প্ৰত্যাহ্বান জনোৱা ছত্ৰপতি শিৱাজী মহাৰাজৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। “এই সকলোবোৰ ভাৰতৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়, যাক পূৰ্বে আওকাণ কৰা হৈছিল”, শ্ৰী মোদীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কচ্ছই বৃহৎ জাহাজ নিৰ্মাণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সময়ৰ কথা উল্লেখ কৰে আৰু ঐতিহ্য বিজড়িত স্থানসমূহৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰখনৰ অংগীকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “ভাৰতত নিৰ্মিত বৃহৎ জাহাজসমূহ সমগ্ৰ বিশ্বতে বিক্ৰী হৈছিল। পিছে ঐতিহ্যৰ প্ৰতি উদাসীনতাই দেশখনৰ বহু ক্ষতি কৰিলে। এনে মানসিকতা সলনি কৰাৰ প্ৰয়োজনীয়তা আছে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰত্নতাত্ত্বিক খননৰ ফলত ঐতিহাসিকভাৱে প্ৰাসংগিক কেইবাটাও স্থান উন্মোচিত হৈছে। “আমি ভাৰতৰ গৌৰৱৰ কেন্দ্ৰ ঢোলাভিৰা আৰু লোথাল এসময়ত যি ৰূপেৰে বিখ্যাত আছিল, সেই ৰূপলৈ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আজি আমি সেই অভিযানৰ অংশ হিচাপে ক্ষীপ্ৰতাৰে কাম কৰা দেখিবলৈ পাইছো”, তেখেতে কয়। তেখেতে আৰু কয়, লোথাল ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যৰ এক সমৃদ্ধিশালী কেন্দ্ৰ আছিল। শেহতীয়াভাৱে বদনগৰৰ সমীপত খননৰ সময়ত চিনকোটাৰ মাতাৰ মন্দিৰ উদ্ধাৰ হৈছে। লাভ কৰা এনে কিছুমান প্ৰমাণে প্ৰাচীন কালত ইয়াৰপৰা সামুদ্ৰিক বাণিজ্য সম্পৰ্কে তথ্যকে সদৰী কৰিছে। একেদৰে, সুৰেন্দ্ৰনগৰৰ ঝিনঝুৱাডা গাঁৱতো এটা লাইটহাউচ থকাৰ প্ৰমাণ পোৱা গৈছে বুলিও তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে লোথালৰ খনন কাৰ্য্যত উদ্ধাৰ হোৱা চহৰ, বন্দৰ আৰু বজাৰৰ অৱশেষৰে নগৰ পৰিকল্পনাৰ বহু কথা শিকিব পাৰি। “লোথাল কেৱল সিন্ধু সভ্যতাৰ এটা প্ৰধান বাণিজ্যিক কেন্দ্ৰই নহয়, বৰঞ্চ ই ভাৰতৰ সামুদ্ৰিক শক্তি আৰু সমৃদ্ধিৰ প্ৰতীক আছিল”, তেখেতে কয়। তেখেতে অঞ্চলটোৰ প্ৰতি দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতী দুয়োৰে আশীৰ্বাদ থকাৰ কথা উল্লেখ কৰি কয় যে এটা সময়ত লোথাল বন্দৰত ৮৪ খন দেশৰ পতাকা দেখা গৈছিল আৰু ৱালাভী ৮০ খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাসস্থান আছিল।.

প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সত ভাৰতৰ বৈচিত্ৰময় সামুদ্ৰিক ইতিহাস শিকিবলৈ আৰু বুজিবলৈ যথেষ্ঠ সমল থাকিব। তেখেতে আৰু কয় যে লোথালত থকা ঐতিহ্যমণ্ডিত কমপ্লেক্সটো এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ভাৰতৰ সাধাৰণ জনতাই ইয়াৰ ইতিহাস সম্পৰ্কে সহজেই বুজিব পাৰে। ইয়াত অতি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে সেই যুগক পুনৰুজ্জীৱিতকৰণৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে লোথালৰ গৌৰৱ ঘূৰাই অনাৰ প্ৰচেষ্টা কেৱল এই কমপ্লেক্সটোতেই সীমাবদ্ধ নহয়, বৰঞ্চ গুজৰাটৰ উপকূলীয় অঞ্চলত একাধিক আধুনিক আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনা কৰা আছে। তেখেতে আগন্তুক ছেমিকণ্ডাক্টৰ প্লান্টৰ কথাও উল্লেখ কৰে। তেখেতে কয়, “আমাৰ চৰকাৰখনে এই অঞ্চলটোৰ হাজাৰ-হাজাৰ বছৰৰ পূৰ্বে যিদৰে উন্নয়ন সাধন কৰা হৈছিল, সেইদৰে এতিয়া ইয়াৰ পুনৰ উন্নয়ন সাধনৰ বাবে পূৰ্ণ শক্তিৰে কাম কৰি আছে। স্বকীয় ইতিহাসৰে আমাক গৌৰৱান্বিত কৰা লোথালে এতিয়া আগন্তুক প্ৰজন্মৰ ভৱিষ্যৎ গঢ়িব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

সংগ্ৰহালয়সমূহ কেৱল আচ-বাব বা নথি-পত্ৰ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ মাধ্যম নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমি আমাৰ ঐতিহ্যক লালন-পালন কৰা মাত্ৰেকে ইয়াৰ লগত জড়িত অনুভৱৰাজিক সংৰক্ষণ কৰো। ভাৰতৰ জনজাতীয় ঐতিহ্য সম্পৰ্কে আলোকপাত কৰি শ্ৰী মোদীয়ে সমগ্ৰ দেশতে নিৰ্মীয়মান অৱস্থাত থকা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়সমূহৰ কথা উল্লেখেৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামত আমাৰ জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুদ্ধবীৰ সকলৰ ত্যাগৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ স্থাপনৰ কথা উল্লেখ কৰে। ভাৰতৰ গণতন্ত্ৰৰ শক্তি সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ কথা কয়। এই সংগ্ৰহালয়ে আমাৰ দেশখনৰ ৭৫ বছৰীয়া যাত্ৰাৰ আভাস প্ৰদান কৰিছে বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে কেৱাদিয়া, একতা নগৰস্থিত ঐক্যৰ মূৰ্তিয়ে ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা, দৃঢ়তা আৰু সাধনাৰ কথা মনত পেলায়। “যোৱা ৮ টা বছৰত দেশখনত বিকশিত ঐতিহ্যৰ তাড়নাই আমাক ভাৰতৰ লিগেচীৰ বিশালতাৰ আভাস প্ৰদান কৰে”, বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লোথালত নিৰ্মীয়মান ৰাষ্ট্ৰীয় সামুদ্ৰিক সংগ্ৰহালয়টো দেশখনৰ সামুদ্ৰিক ঐতিহ্যৰ ক্ষেত্ৰত প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱ থল হৈ পৰিব বুলি কয়। “লোথালে স্বকীয় পুৰণি বৈভৱক বিশ্বৰ সন্মুখত দাঙি ধৰিব বুলি মই নিশ্চিত”, বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ সম্বোধনৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল উপস্থিত থাকে আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া আৰু শ্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰে।

ভূমি

লোথাল হৰপ্পা সভ্যতাৰ অন্যতম বিশিষ্ট চহৰ আছিল আৰু ই আটাইতকৈ পুৰণি মানৱ-সৃষ্ট ডকয়াৰ্ড আৱিষ্কাৰৰ বাবে জনাজাত। লোথালৰ সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স হৈছে চহৰখনৰ ঐতিহাসিক লিগেচী আৰু ঐতিহ্যৰ প্ৰতি এক গভীৰ শ্ৰদ্ধাঞ্জলি।

ভাৰতৰ চহকী আৰু বৈচিত্ৰময় সামুদ্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ ওপৰিও বিশ্বমানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন স্থলী হিচাপে আত্মপ্ৰকাশত সহায়ৰ অৰ্থে লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (NMHC) ক একক প্ৰকল্প হিচাপে গঢ়ি তোলা হৈছে। এই প্ৰকল্পৰ জৰিয়তে পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিয়ে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশকো ত্বৰান্বিত কৰিব।

২০২২ ৰ মাৰ্চত প্ৰায় ৩৫০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ কাম আৰম্ভ হয়। ইয়াক কেইবাটাও উদ্ভাৱনীমূলক আৰু অনন্য বৈশিষ্ট্যৰে সমৃদ্ধ কৰা হ’ব যেনেঃ হৰপ্পাৰ স্থাপত্য আৰু জীৱনশৈলীক পুনৰ প্ৰকাশ কৰিবলৈ লোথাল মিনি বিনোদন, চাৰিখন থিম পাৰ্ক - মেম’ৰিয়েল থিম পাৰ্ক, মেৰিটাইম আৰু নৌসেনাৰ থিম পাৰ্ক, ক্লাইমেট থিম পাৰ্ক আৰু এডভেঞ্চাৰ এণ্ড এমুজমেন্ট থিম পাৰ্ক গঢ়ি তোলা হ’ব। ইয়াত বিশ্বৰ আটাইতকৈ ওখ লাইটহাউচ সংগ্ৰহালয়, হৰপ্পা যুগৰপৰা আজিলৈকে ভাৰতৰ সামুদ্ৰিক ঐতিহ্যক আলোকপাত কৰা চৈধ্যটা গেলেৰীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বৈচিত্ৰময় সামুদ্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ অৰ্থে কষ্টেল ষ্টেটছ পেভিলিয়ন থাকিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi urges people to take 9 pledges on health, saving water, others

Media Coverage

PM Modi urges people to take 9 pledges on health, saving water, others
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister receives phone call from President Emmanuel Macron, discusses situation in West Asia and maritime security
April 16, 2026

The Prime Minister, Shri Narendra Modi, received a phone call from the President of France, Emmanuel Macron.

During the conversation, the two leaders discussed the prevailing situation in West Asia. They agreed on the urgent need to restore safety and ensure freedom of navigation in the Strait of Hormuz.

Both leaders reiterated their commitment to continue close cooperation in advancing peace and stability in the region and beyond.

The Prime Minister wrote on X;

“Received a phone call from my dear friend President Emmanuel Macron. We discussed the situation in West Asia and agreed on the need to urgently restore safety and freedom of navigation in the Strait of Hormuz.

We will continue our close cooperation to advance peace and stability in the region and beyond.

@EmmanuelMacron”