মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘ৰেচন আপকে গ্ৰাম’ আঁচনি
‘ছিকল চে’ল মিছন’ৰো শুভাৰম্ভ ঘোষণা প্ৰধানমন্ত্ৰীৰ
দেশৰ ভিন্ন প্ৰান্তত স্থাপিত হ’ব লগা ৫০খন ‘একলব্য আদৰ্শ আৱাসিক বিদ্যালয়’ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
দেশৰ সমগ্ৰ জনজাতীয়সমাজৰ কলা-সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ নিৰ্মাণলৈ তেওঁলোকৰ অৱদানক সন্মান আৰু মৰ্যাদা সহকাৰে স্মৰণ কৰাৰ বাবে স্বাধীনতাৰ পৰৱৰ্তি কালত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল ইমান বিস্তৃত আৰু বৰ্ণাঢ্য সমাৰোহ”
“স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ জনজাতীয় বীৰ-বীৰাংগণাসকলৰ অনুপ্ৰাণিত কৰিব পৰা কাহিনীসমূহ বিচাৰি উলিয়াই নৱ-প্ৰজন্মক অৱগত কৰোৱাটো আমাৰ কৰ্তব্য”
“বাবা চাহেব পুৰন্দৰে জীয়ে দেশৰ সন্মুখত দাঙি ধৰা চট্টপতি শিৱাজী মহাৰাজৰ আদৰ্শগাঁথাই আমাক নিৰন্তৰ অনুপ্ৰাণিত কৰি ৰাখিব”
“আজিৰ তাৰিখত জনজাতীয় এলেকাসমূহেও দেশৰ অন্যপ্ৰান্তৰ দৰে একে গতিবেগৰেই দৰিদ্ৰৰ বাবে ঘৰ, শৌচাগাৰ, বিনামূলীয়া বিজুলী আৰু গেছ সংযোগ, বিদ্যালয়, পথ আৰু বিামূলীয়া চিকিত্সাৰ দৰে সা-সুবিধাবোৰ লাভ কৰি আছে”
“জনজাতীয় আৰু গ্ৰাম্যাঞ্চলত কৰ্মৰত পদ্ম বঁটা প্ৰাপকসকলেই দেশৰ প্ৰকৃত নায়ক”

‘জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলন’-ত জনজাতীয় সমাজৰ বাবে এলানি কল্যাণমূলক পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। মধ্য প্ৰদেশত অনুষ্ঠিত সন্মিলনখনত প্ৰধানমন্ত্ৰীয়ে ‘ৰেচন আপকে গ্ৰাম’ শীৰ্ষক আঁচনিখনৰ শুভাৰম্ভ ঘোষণা কৰে। তেওঁ ‘মধ্য প্ৰদেশ ছিকল চে’ল মিছন’ৰো শুভাৰম্ভ কৰে। দেশৰ ভিন্ন প্ৰান্তত স্থাপিত হ’বলগীয়া ৫০খন ‘একলব্য আদৰ্শ আৱাসিক বিদ্যালয়’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, ড০ বীৰেন্দ্ৰ কুমাৰ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, শ্ৰী প্ৰহ্লাদ এছ পেটেল, শ্ৰী ফগ্গন সিং কুলস্তে আৰু ড০ এল মুৰুগন আদি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে আজি প্ৰথম বাৰৰ জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিছে”। তেওঁ কয়, “দেশৰ সমগ্ৰ জনজাতীয়সমাজৰ কলা-সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ নিৰ্মাণলৈ তেওঁলোকৰ অৱদানক সন্মান আৰু মৰ্যাদাসহকাৰে স্মৰণ কৰাৰ বাবে স্বাধীনতাৰ পৰৱৰ্তি কালত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল ইমান বিস্তৃত আৰু বৰ্ণাঢ্য সমাৰোহ”।

প্ৰসংগক্ৰমে তেওঁ কয় যে, “স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ জনজাতীয় বীৰ-বীৰাংগণাসকলৰ অনুপ্ৰাণিত কৰিব পৰা কাহিনীসমূহ বিচাৰি উলিয়াই নৱ-প্ৰজন্মক অৱগত কৰোৱাটো আমাৰ কৰ্তব্য”। পৰাধীনতাৰ সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত ব্ৰিটিছৰ বিৰুদ্ধে বহুবোৰ সংগ্ৰামে মূৰ দাঙি উঠাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খাচী-গাৰো আন্দোলন, মীজো আন্দোলন, কোল আন্দোলন আদিৰ প্ৰসংগতো মন্তব্য কৰে। “সেয়া লাগিলে গোণ্ড মহাৰাণী বীৰ দূৰ্গাৱতিয়েই হওক অথবা ৰাণী কমলাপতিৰ ত্যাগেই হওক, দেশে তেওঁলোকক কেতিয়াও পাহৰিব নোৱাৰে। কান্ধত কান্ধ মিলাই যুদ্ধ কৰা আৰু সৰ্বস্ব ত্যাগ কৰা ভীলসকলক উপেক্ষা কৰি বীৰ মহাৰাণা প্ৰতাপৰ সংগ্ৰামৰ কথা কেতিয়াও কল্পনা কৰিব পৰা নাযাব” বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰসংগক্ৰমে, নৱ প্ৰজন্মৰ আগত চট্টপতি শিৱাজীক পৰিচয় কৰি দিয়াত শিৱশ্বাহিৰ বাবাছাহেৱ পুৰন্দৰেৰ অৱদানৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বাবা চাহেব পুৰন্দৰে জীয়ে দেশৰ সন্মুখত দাঙি ধৰা চট্টপতি শিৱাজী মহাৰাজৰ আদৰ্শগাঁথাই  আমাক নিৰন্তৰ অনুপ্ৰাণিত কৰি ৰাখিব”।

ইফালে, পূৰ্বৰ চৰকাৰৰ উপেক্ষাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে জনজাতীয় সমাজৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা ক’বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় যে “আজিৰ তাৰিখত জনজাতীয় এলেকাসমূহেও দেশৰ অন্যপ্ৰান্তৰ দৰে একে গতিবেগৰেই দৰিদ্ৰৰ বাবে ঘৰ, শৌচাগাৰ, বিনামূলীয়া বিজুলী আৰু গেছ সংযোগ, বিদ্যালয়, পথ আৰু বিামূলীয়া চিকিত্সাৰ দৰে সা-সুবিধাবোৰ লাভ কৰিব পাৰিছে”।

ভাষণ প্ৰসংগত “জনজাতীয় আৰু গ্ৰাম্যাঞ্চলত কৰ্মৰত পদ্ম বঁটা প্ৰাপকসকলক দেশৰ প্ৰকৃত নায়ক” বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."