প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰাণসীত দেৱ দিপাৱলী মহোৎসৱত অংশ লয়।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ বাবে আজি এক বিশেষ মুহূৰ্ত। কিয়নো, প্ৰায় ১০০ বছৰ পূৰ্বে চুৰি হোৱা মাতা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্তি কাশীবাসীয়ে পুনৰ উভতাই পাইছে। এয়া কাশীৰ বাবে পৰম সৌভাগ্যৰ বিষয়। তেওঁ কয় যে আমাৰ দেৱতা আৰু দেৱীসকলৰ এই প্ৰাচীন প্ৰতিমূৰ্তিসমূহ আমাৰ বিশ্বাস আৰু ঐতিহ্যৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে কয় যে এইধৰণৰ প্ৰচেষ্টা পূৰ্বে গ্ৰহণ কৰা হ’লে দেশে বহুতো প্ৰতিমূৰ্তি উভতাই পালেহেঁতেন। আমাৰ বাবে উত্তৰাধিকাৰৰ অৰ্থ হ’ল দেশৰ ঐতিহ্য আৰু পৰম্পৰাৰক্ষা কৰা। কিন্তু একাংশৰ বাবে দেশৰ ঐতিহ্য হ’ল তেওঁলোকৰ পৰিয়াল আৰু পৰিয়ালৰ সদস্যৰ নাম। তেওঁ পুনৰ কয় যে ঐতিহ্য মানে আমাৰ সংস্কৃতি, আমাৰ বিশ্বাস, আমাৰ মূল্যবোধ।

প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱ জীক সমাজ আৰু ব্যৱস্থাৰ সংস্কাৰৰ সৰ্ববৃহৎ প্ৰতীক আখ্যা দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু নানক দেৱ জীৰ পৰা তেওঁ সমাজ সংস্কাৰৰ বহুতো শিক্ষা লাভ কৰিছে।

তেওঁ কয় যে কাশীত যেতিয়া উন্নয়নমূলক কাম-কাজ আৰম্ভ হয়, তেতিয়া প্ৰতিবাদকাৰীয়ে ইয়াত হেঙাৰ সৃষ্টি কৰিবলৈ প্ৰতিবাদত নামে। কাশীয়ে যেতিয়া বাবাৰ দৰবাৰলৈ বিশ্বনাথ ক’ৰিডৰ নিৰ্মাণৰ সিদ্ধান্ত লয়, তাকো প্ৰতিবাদকাৰীয়ে সমালোচনা কৰে। কিন্তু বাবাৰ আশীৰ্বাদত আজি কাশীৰ গৌৰৱ পুনৰ উদ্ধাৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বাবাৰ দৰবাৰ আৰু মা গংগাৰ মাজত শতাব্দী প্ৰাচীন প্ৰত্যক্ষ যোগাযোগ ব্যৱস্থা পুনৰ স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি ব্যক্ত কৰে যে ভগৱান কাশী বিশ্বনাথৰ আশীৰ্বাদৰ ফলত তেওঁ কাশীত পোহৰৰ উৎসৱত ভাগ ল’ব পাৰিছে। তেওঁ কাশীৰ গৌৰৱ আৰু ঐতিহ্য পুনৰ স্মৰণ কৰি কয় যে কাশীয়ে বছৰ বছৰ ধৰি বিশ্ববাসীক সঠিক পথৰ সন্ধান দেখুৱাই আহিছে। কৰোনাৰ নীতি-নিৰ্দেশনাৰ বাবে তেওঁ চহৰখনলৈ আহিব পৰা নাছিল যদিও এই সময়ছোৱাত তেওঁ ইয়াৰ জনসাধাৰণ মাজৰ পৰা দূৰত থকা নাছিল। মহামাৰীৰ সময়ছোৱাত তেওঁ কাশীৰ জনসাধাৰণৰ অৱস্থাৰ বুজ লৈ আছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মহামাৰীৰ সময়ছোৱাত কাশীৰ জনসাধাৰণে দেখুওৱা সাহস আৰু উদ্যমক তেওঁ প্ৰশংসা আগবঢ়ায়।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival