মাননীয় প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছন,


মাননীয়া উৰছুলা,

 

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসক

নমস্কাৰ!

সৰ্বপ্ৰথমে, মই প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰচনক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো।

কিছুদিন পূৰ্বে, মোক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ দ্য প’লাৰ ষ্টাৰ প্ৰদান কৰা হৈছিল। এই সন্মান কেৱল মোৰেই নহয়, ই ১৪০ কোটি ভাৰতীয়ৰ বাবে এক সন্মান। ভাৰত-ছুইডেনৰ সম্পৰ্ক সমৃদ্ধ কৰা আৰু তেওঁলোকক এক শক্তিশালী ভেটি প্ৰদান কৰা ছুইডেনত থকা আমাৰ সকলো বন্ধুৰ প্ৰতিও এয়া এক শ্ৰদ্ধাঞ্জলি।

আজিৰ কাৰ্যসূচীত যোগদান কৰাৰ বাবে মই উৰছুলা জীৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিয়ে ছুইডেন আৰু ইউৰোপৰ ঔদ্যোগিক কেন্দ্ৰস্থল গোথেনবাৰ্গ ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

বন্ধুসকল,
 ভাৰত আৰু ছুইডেনৰ মাজৰ সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু মানৱকেন্দ্ৰিক উন্নয়নৰ শক্তিশালী ভেটিৰ ওপৰত নিৰ্মিত। দুয়োখন দেশে উদ্ভাৱনক বিকাশৰ চালক হিচাপে, বহনক্ষমতাক অংশীদাৰী দায়িত্ব হিচাপে আৰু গণতন্ত্ৰক  শক্তি হিচাপে প্ৰত্যক্ষ কৰে।

আজিৰ বৈঠকত আমি এই অংশীদাৰী মূল্যবোধ আৰু উমৈহতীয়া স্বাৰ্থৰ ওপৰত ভিত্তি কৰি আমাৰ সহযোগিতাক আগুৱাই নিয়াৰ বিষয়ে আলোচনা কৰিলো। সকলো ক্ষেত্ৰতে আমাৰ অংশীদাৰিত্ব বৃদ্ধি পোৱাৰ লগে লগে আমি আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছো। এই অংশীদাৰিত্বৰ অধীনত, আমি সেউজ পৰিৱৰ্তন, প্ৰতিৰক্ষা, উদীয়মান প্ৰযুক্তি আৰু জনসাধাৰণৰ মাজত সংযোগৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত আগবাঢ়ি যাম।

বন্ধুসকল,
কৃত্ৰিম বুদ্ধিমত্তা, স্বাস্থ্য-প্ৰযুক্তি আৰু সেউজ গতিশীলতাৰ দৰে উচ্চ-প্ৰযুক্তি খণ্ডত আমাৰ মাজত সহযোগিতাৰ অপৰিসীম সম্ভাৱনা আছে। চলিত বৰ্ষত ভাৰতত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত ছুইডেনৰ এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰিছিল। আমি ‘ছুইডেন-ভাৰত প্ৰযুক্তি আৰু এআই কৰিডৰ’ শক্তিশালী কৰাৰ বাবে দৃঢ় পদক্ষেপৰ ওপৰত কাম কৰিম।

দুয়োখন দেশৰ ষ্টাৰ্টআপ আৰু গৱেষণা পৰিৱেশ তন্ত্ৰৰ মাজত সংযোগ শক্তিশালী কৰিবলৈ, আমি ভাৰত-ছুইডেন বিজ্ঞান আৰু প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিবলৈ গৈ আছো।

জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতাৰ ওপৰত আমাৰ চিন্তাধাৰাৰ ক্ষেত্ৰতো ভাৰত আৰু ছুইডেনৰ মাজত শক্তিশালী সমন্বয় আছে। দ্য লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিশ্যন বা লিডআইটি হৈছে আমাৰ যৌথ বিশ্বব্যাপী পদক্ষেপ যাৰ অধীনত আমি নিম্ন-কাৰ্বন ঔদ্যোগিক ৰূপান্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আজি আমি ইয়াৰ তৃতীয় পৰ্যায়ত কাম কৰাৰ সিদ্ধান্ত লৈছো।

ভাৰতে সেউজ হাইড্ৰ’জেন, চক্ৰীয় অৰ্থনীতি আৰু বহনক্ষম আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰসমূহত গুৰুত্বপূৰ্ণ কাম কৰি আছে। ছুইডেনৰ প্ৰযুক্তি আৰু ভাৰতৰ পৰিসৰক একত্ৰিত কৰি আমি জলবায়ু সমাধান সৃষ্টি কৰিব পাৰো, যি সমগ্ৰ বিশ্বক উপকৃত কৰিব। উত্তৰ মহাসাগৰীয় অঞ্চলত ভাৰত আৰু ছুইডেনৰ সহযোগিতাই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে বিশ্বব্যাপী বোধগম্যতা উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

বন্ধুসকল,

প্ৰতিৰক্ষা খণ্ডত আমাৰ সহযোগিতা ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। ছুইডেনৰ কোম্পানীসমূহে ভাৰতত উৎপাদন সুবিধা স্থাপন কৰাটোৱে দেখুৱাইছে যে আমাৰ অংশীদাৰিত্ব ক্ক্ৰেতাৰ সম্পৰ্কৰ পৰা আঁতৰি এক দীৰ্ঘম্যাদী ঔদ্যোগিক সহযোগিতা হৈ  উঠিছে।

বন্ধুসকল,

 আজি উৰছুলাজীৰ উপস্থিতিয়ে এই অনুষ্ঠানটো আৰু অধিক বিশেষ কৰি তুলিছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত আমি ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত লৈছো। সেই সকলোবোৰ ফলাফলৰ ক্ষেত্ৰত ভাল অগ্ৰগতি হোৱা প্ৰত্যক্ষ কৰি মই সুখী।

ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ এফটিএ-য়ে উদ্যোগ, বিনিয়োগকাৰী আৰু উদ্ভাৱকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। উৰছুলাজীয়ে কোৱাৰ দৰে, এইখন হৈছে ‘সকলো চুক্তিৰ মাতৃ।’

নিৰাপত্তা তথা প্ৰতিৰক্ষা অংশীদাৰিত্ব আৰু গতিশীলতা চুক্তিয়ে আমাৰ কৌশলগত আৰু জনসাধাৰণ-কেন্দ্ৰিক অংশীদাৰিত্বক নতুন শক্তি প্ৰদান কৰিছে। ভাৰত-ইউৰোপীয় ইউনিয়ন বাণিজ্য আৰু প্ৰযুক্তি পৰিষদে আমাৰ সহযোগিতা অধিক গভীৰ কৰিছে। আমি ডিজিটেল প্ৰযুক্তি, পৰিষ্কাৰ শক্তি, ছেমিকণ্ডাক্টৰ, স্থিতিস্থাপক যোগান শৃংখল আৰু উদ্ভাৱনৰ দৰে ক্ষেত্ৰত একেলগে কাম কৰি আছো।

সমগ্ৰ বিশ্বতে শান্তি আৰু সুস্থিৰতাৰ বাবে ভাৰত আৰু ইউৰোপৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু কৌশলগত সমন্বয় অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আজিৰ উত্তেজনাপূৰ্ণ গোলকীয় পৰিৱেশত ভাৰত আৰু ছুইডেনৰ দৰে গণতন্ত্ৰৰ মাজত ঘনিষ্ঠ সহযোগিতাই বিশেষ গুৰুত্ব বহন কৰে। আমি সদায়ে বিভিন্ন উত্তেজনা আৰু প্ৰত্যাহ্বানৰ সমাধানৰ উপায় হিচাপে আলোচনা আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।

ভাৰত আৰু ছুইডেন একমত যে সন্ত্ৰাসবাদ সমগ্ৰ মানৱতাৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান। যোৱা বছৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আমি ছুইডেনৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে মই প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছনৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। আমি সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত ৰাখিম।

মহামান্যসকল,
 আকৌ এবাৰ, আজিৰ অৰ্থপূৰ্ণ আলোচনাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে ভাৰত-ছুইডেন আৰু ভাৰত-ইউৰোপৰ অংশীদাৰিত্ব আগবাঢ়ি যাব আৰু আমি একেলগে বিশ্ব শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা অব্যাহত ৰাখিম।

অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How BrahMos is breaking through the shackles on India’s defence exports

Media Coverage

How BrahMos is breaking through the shackles on India’s defence exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former Prime Minister Shri Rajiv Gandhi
August 20, 2026

The Prime Minister, Shri Narendra Modi has paid homage to former Prime Minister, Shri Rajiv Gandhi, on the occasion of his birth anniversary.

In a post on X, Shri Modi said;

“On the occasion of his birth anniversary, paying homage to former Prime Minister of India, Shri Rajiv Gandhi.”