প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মানসিক স্বাস্থ্য হৈছে সামগ্ৰিক সুস্থতাৰ এক মৌলিক অংশ, বিশ্ব মানসিক স্বাস্থ্য দিৱসে তাৰেই এক শক্তিশালী স্মাৰক হিচাপে কাম কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দ্ৰুত গতিশীল বিশ্বত এই দিৱসে প্ৰতিফলন আৰু আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ মানসিক স্বাস্থ্য সম্পৰ্কীয় আলোচনা যাতে অধিক হয়, তাৰ বাবে পৰিবেশ সৃষ্টিৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।
শ্ৰী মোদীয়ে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত কাম কৰা আৰু আনক সুস্থ কৰি তোলা তথা সুখ বিচাৰি উলিওৱাত সহায় কৰা সকলোকে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
"মানসিক স্বাস্থ্য আমাৰ সামগ্ৰিক সুস্থতাৰ এক মৌলিক অংশ, বিশ্ব মানসিক স্বাস্থ্য দিৱসে তাৰেই এক শক্তিশালী স্মাৰক হিচাপে কাম কৰে। দ্ৰুত গতিশীল পৃথিৱীত, এই দিৱসে আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। মানসিক স্বাস্থ্য সম্পৰ্কীয় আলোচনা যাতে অধিক হয়, তাৰ বাবে পৰিবেশ সৃষ্টিৰ বাবে সামূহিক প্ৰচেষ্টা চলাও আহক। এইক্ষেত্ৰত কাম কৰা আৰু আনক সুস্থ কৰি তোলা আৰু সুখ বিচাৰি উলিওৱাত সহায় কৰা সকলোৰে প্ৰতি মোৰ প্ৰশংসা।"
World Mental Health Day serves as a powerful reminder that mental health is a fundamental part of our overall well-being. In a fast-paced world, this day underscores the importance of reflecting and extending compassion to others. Let us also work collectively to create…
— Narendra Modi (@narendramodi) October 10, 2025


