ঈদ আৰু নৌৰুজৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে ; আঞ্চলিক স্থিতিশীলতা আৰু সামুদ্ৰিক নিৰাপত্তাৰ বিষয়ত উভয়ে গুৰুত্ব আৰোপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম ড° মাছুদ পেজেছকিয়ানৰ সৈতে  আজি আঞ্চলিক উন্নয়নৰ বিষয়ত আলোচনা কৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ দৃঢ়তা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছকিয়ানক ঈদ আৰু নৌৰুজৰ শুভ মুহূৰ্ত উপলক্ষ্যে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। আলোচনাৰ সময়ত দুয়োগৰাকী  নেতাই এইবুলি আশা প্ৰকাশ কৰে যে এই উৎসৱৰ বতৰেই  পশ্চিম এছিয়া অঞ্চলটোৰ বাবে শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ সময়ছোৱাৰ সূচনা কৰিব। শ্ৰী মোদীয়ে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণক গৰিহণা দি কয়  যে এনে কাৰ্য্যই আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু বিশ্বৰ গুৰুত্বপূৰ্ণ যোগান শৃংখলত ব্যাঘাত জন্মাইছে।

প্ৰধানমন্ত্ৰীয়ে যাতায়াতৰ স্বাধীনতা সুৰক্ষিত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণ পথ মুকলি তথা  সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰাটো  অতি গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ বুলি পুনৰবাৰ উল্লেখ কৰে। তদুপৰি, দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা তথা  নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ইৰাণৰ অবিৰত সমৰ্থনৰ বাবে শ্ৰী মোদীয়ে আন্তৰিক শলাগ লয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:

"ৰাষ্ট্ৰপতি ড° মাছুদ পেজেস্কিয়ানৰ সৈতে কথা পাতি ঈদ আৰু নৌৰুজৰ শুভেচ্ছা জনালোঁ। আমি আশা প্ৰকাশ কৰিলোঁ যে এই উৎসৱৰ বতৰটোৱে পশ্চিম এছিয়ালৈ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি কঢ়িয়াই আনিব।"অঞ্চলটোৰ গুৰুত্বপূৰ্ণ  আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক নিন্দা কৰো, যিয়ে আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে  আৰু বিশ্বৰ যোগান শৃংখলত ব্যাঘাত জন্মাইছে। নেভিগেচনৰ স্বাধীনতা সুৰক্ষিত কৰা আৰু জাহাজ চলোৱাৰ পথ মুকলি তথা সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰাৰ গুৰুত্বৰ কথাও  পুনৰবাৰ উল্লেখ কৰো।ইৰাণত ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ইৰাণৰ অবিৰত সমৰ্থনৰ শলাগ লও।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat

Media Coverage

Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi