দুয়োগৰাকী নেতাই কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে
তেওঁলোকে প্ৰধানমন্ত্ৰী মিটচোটাকিছৰ ভাৰত ভ্ৰমণৰ পৰৱৰ্তী সময়ত হোৱা দ্বিপাক্ষিক বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহণ আৰু সংযোগব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
‘আইএমইইচি’কে ধৰি আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত তেওঁলোকে মত বিনিময় কৰে

গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত কিৰিয়াকোছ মিটচোটাকিছে কৰা এক টেলিফোন কল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মিটচোটাকিছে ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পিছত পুনৰবাৰ নিৰ্বাচিত হোৱা বাবে প্ৰধানমন্ত্ৰী মোদীক উষ্ম অভিনন্দন জনায়।

দুয়োগৰাকী নেতাই শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময়ৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্কত সৃষ্টি হোৱা প্ৰগতিৰ প্ৰশংসা কৰে আৰু ভাৰত-গ্ৰীচ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।

তেওঁলোকে এই বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মিটচোটাকিছৰ ভাৰত ভ্ৰমণৰ পৰৱৰ্তী সময়ত বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহণ আৰু সংযোগব্যৱস্থাকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ কেবাটাও ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

দুয়োগৰাকী নেতাই ‘আইএমইইচি’ আৰু পশ্চিম এছিয়াৰ উন্নয়নকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় স্বাৰ্থজড়িত বিষয়সমূহৰ সন্দৰ্ভতো মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই সঘন যোগাযোগত থাকিবলৈয়ো সন্মতি প্ৰকাশ কৰে।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Private investment to GDP in FY24 set to hit 8-Year high since FY16: SBI Report

Media Coverage

Private investment to GDP in FY24 set to hit 8-Year high since FY16: SBI Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi congratulates H.E. Mr. Micheál Martin on assuming the office of Prime Minister of Ireland
January 24, 2025

The Prime Minister Shri Narendra Modi today congratulated H.E. Mr. Micheál Martin on assuming the office of Prime Minister of Ireland.

In a post on X, Shri Modi said:

“Congratulations @MichealMartinTD on assuming the office of Prime Minister of Ireland. Committed to work together to further strengthen our bilateral partnership that is based on strong foundation of shared values and deep people to people connect.”