দুয়োগৰাকী নেতাই কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে
তেওঁলোকে প্ৰধানমন্ত্ৰী মিটচোটাকিছৰ ভাৰত ভ্ৰমণৰ পৰৱৰ্তী সময়ত হোৱা দ্বিপাক্ষিক বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহণ আৰু সংযোগব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
‘আইএমইইচি’কে ধৰি আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত তেওঁলোকে মত বিনিময় কৰে

গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত কিৰিয়াকোছ মিটচোটাকিছে কৰা এক টেলিফোন কল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মিটচোটাকিছে ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পিছত পুনৰবাৰ নিৰ্বাচিত হোৱা বাবে প্ৰধানমন্ত্ৰী মোদীক উষ্ম অভিনন্দন জনায়।

দুয়োগৰাকী নেতাই শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময়ৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্কত সৃষ্টি হোৱা প্ৰগতিৰ প্ৰশংসা কৰে আৰু ভাৰত-গ্ৰীচ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।

তেওঁলোকে এই বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মিটচোটাকিছৰ ভাৰত ভ্ৰমণৰ পৰৱৰ্তী সময়ত বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহণ আৰু সংযোগব্যৱস্থাকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ কেবাটাও ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

দুয়োগৰাকী নেতাই ‘আইএমইইচি’ আৰু পশ্চিম এছিয়াৰ উন্নয়নকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় স্বাৰ্থজড়িত বিষয়সমূহৰ সন্দৰ্ভতো মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই সঘন যোগাযোগত থাকিবলৈয়ো সন্মতি প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride