আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভলোদিমিৰ জেলেনস্কিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইন সম্পৰ্কীয় শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নিজস্ব দৃষ্টিভংগী ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জ্ঞাপনেৰে সংঘাতৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ভাৰতৰ দৃঢ় আৰু ধাৰাবাহিক স্থিতি তথা শীঘ্ৰেই শান্তিৰ পুনঃস্থাপনৰ লক্ষ্যৰে প্ৰচেষ্টালৈ সমৰ্থনৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সকলো সম্ভৱপৰ সমৰ্থন আগবঢ়াবলৈ ভাৰতৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।
তেওঁলোকে ভাৰত-ইউক্ৰেইনৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনাৰে পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে সহযোগিতা অধিক বৃদ্ধিৰ উপায় সম্পৰ্কেও আলোচনা কৰে।
তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
Thank President Zelenskyy for his phone call today. We exchanged views on the ongoing conflict, its humanitarian aspect, and efforts to restore peace and stability. India extends full support to all efforts in this direction. @ZelenskyyUa
— Narendra Modi (@narendramodi) August 30, 2025




