দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ বিশেষ তথা কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ইউক্ৰেইন ভ্ৰমণৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰে আৰু ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতিৰ পুনৰাবৃত্তি কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়া ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত ২২ সংখ্যক ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তেওঁৰ সফল ৰাছিয়া ভ্ৰমণৰ কথা উল্লেখ কৰে।

দুয়োগৰাকী নেতাই কেইবাটাও দ্বিপাক্ষিক বিষয়ত অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু ভাৰত-ৰাছিয়াৰ মাজত বিশেষ তথা কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে।

তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিছিল।

দুয়োগৰাকী নেতাই বৰ্তমানে অব্যাহত থকা ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ সন্দৰ্ভত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰে। তেওঁ সংঘাতৰ এক স্থায়ী আৰু শান্তিপূৰ্ণ সমাধানত উপনীত হোৱাৰ বাবে আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ লগতে সকলো অংশীদাৰৰ মাজত আন্তৰিক আৰু ব্যৱহাৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োজন নেতাই পৰস্পৰৰ মাজত যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s EV Market Races Ahead, Sales Up Nearly 70% in Jan-Apr

Media Coverage

India’s EV Market Races Ahead, Sales Up Nearly 70% in Jan-Apr
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Haryana meets the Prime Minister
May 02, 2026

Governor of Haryana, Prof. Ashim Kumar Ghosh, met Prime Minister Shri Narendra Modi today.

The Prime Minister posted on X:

"Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi."