নেতাদ্বয়ে প্ৰগতিৰ পৰ্যালোচনা কৰে আৰু দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে
তেওঁলোকে পশ্চিম এছিয়াৰ পৰিস্থিতি, বিশেষকৈ সন্ত্ৰাসবাদ, হিংসা আৰু অসামৰিক লোকৰ প্ৰাণ হানিৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে
তেওঁলোকে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰাউন প্ৰিন্স আৰু চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী ৰাজকুমাৰ মহম্মদ বিন ছলমান বিন আব্দুলাজিজ অল ছাউদৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

 

২০২৩ চনৰ ছেপ্টেম্বৰত ক্ৰাউন প্ৰিন্সৰ ভাৰত ভ্ৰমণৰ পাছত দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে নেতাদ্বয়ে। তেওঁলোকে ভৱিষ্যতৰ বাবে দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ক লৈয়ো আলোচনা কৰে ।

 

নেতাদ্বয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰে। তেওঁলোকে সন্ত্ৰাসবাদ, হিংসা আৰু অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইন বিষয়ত ভাৰতৰ দীৰ্ঘদিনীয়া আৰু নীতিগত স্থিতিৰ কথা দোহাৰে আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে মানৱীয় সাহায্য অব্যাহত ৰখাৰ বাবে আহ্বান জনায়। দুয়োগৰাকী নেতাই অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হয়। তেওঁলোকে সামুদ্ৰিক সুৰক্ষা আৰু নৌ-চলাচলৰ স্বাধীনতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সপো ২০৩০ আৰু ফিফা ফুটবল বিশ্বকাপ ২০৩৪ৰ আয়োজক হিচাপে নিৰ্বাচিত হোৱাৰ বাবে চৌদি আৰৱক শুভেচ্ছা জ্ঞাপন কৰে।

 

দুয়োগৰাকী নেতাই যোগাযোগ অটুট ৰাখিবলৈ সহমত পোষণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived