মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে ২০১৪ চনৰ পৰা চৰকাৰৰ বিষয়ে নাগৰিকসকলে কৰা প্ৰশংসাৰ ওপৰত আলোকপাত কৰি নাগৰিকসকলে কৰা টুইটসমূহ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আজি পুৱাৰে পৰা, মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তিক লৈ মই বহুতো টুইট দেখিছোঁ য'ত জনসাধাৰণে ২০১৪ চনৰ পৰা আমাৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ  প্ৰশংসা কৰিছে । এনেধৰণৰ মৰমে আমাক অধিক দায়বদ্ধ কৰে আৰু মানুহৰ বাবে আৰু অধিক পৰিশ্ৰম কৰিবলৈ শক্তি প্ৰদান কৰে।"

"আমি যোৱা ৯ বছৰত বিভিন্ন ক্ষেত্ৰত কাম কৰিছোঁ আৰু অনাগত সময়ত আমি আৰু অধিক কাম কৰিব বিচাৰো যাতে অমৃত কালত আমি এক শক্তিশালী আৰু সমৃদ্ধ ভাৰত গঢ়ি তুলিব পাৰোঁ।"

"আমাৰ সফলতা সম্ভৱ হৈছে কাৰণ ভাৰতৰ জনসাধাৰণে এখন স্থায়ী চৰকাৰ নিৰ্বাচিত কৰিছে। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ সক্ষম হৈছে। এই অতুলনীয় সমৰ্থন হৈছে আমাৰ শক্তিৰ এক বৃহৎ উৎস।"

"এন ডি এ চৰকাৰে জনজীৱনৰ পৰিৱৰ্তন আৰু ভাৰতৰ উন্নয়ন যাত্ৰাত গতিৰ সঞ্চাৰ কৰিবলৈ বহুতো প্ৰচেষ্টা হাতত লৈছে।"

"তৃণমূল পৰ্যায়ত প্ৰভাৱ বিস্তাৰকাৰী গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু 'জীৱনধাৰণৰ সহজতা' প্ৰকল্পৰ ওপৰত আপোনাসৱে আলোকপাত কৰিছে।"

"১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা পূৰণ কৰাৰ সুযোগ লাভ কৰি মই সঁচাকৈয়ে কৃতজ্ঞ।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy set for robust growth, stronger markets after May 1: WTC

Media Coverage

Indian economy set for robust growth, stronger markets after May 1: WTC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 এপ্ৰিল 2026
April 22, 2026

One Nation, One Vision: PM Modi Delivers Healthcare Revolution, Security Revenge & Economic Self-Reliance