The Prime Minister, Shri Narendra Modi will be in Karnataka tomorrow.

He tweeted:

কাইলৈ কৰ্ণাটকত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী।

তেওঁ এইদৰে টুইট কৰে,

"কাইলৈ ১২ মাৰ্চত মই মাণ্ডিয়া আৰু হুব্বল্লী-ধাৰৱাদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কৰ্ণাটকত থাকিম। ১৬,০০০ কোটি টকাৰ উন্নয়নমূলক কামৰ হয় উদ্বোধন কৰা হ'ব নহয় ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ব।"

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1905535

"মণ্ডিয়াৰ পৰা কাইলৈ ১২ মাৰ্চ তাৰিখে বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে দেশৰ বাবে উৎসৰ্গা কৰা হ'ব। মহীশূৰ-কুশলনগৰ ঘাইপথৰ আধাৰশিলাও স্থাপন কৰা হ'ব। এই প্ৰকল্পসমূহে সংযোগ আৰু আৰ্থ-সামাজিক বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব।"

"হুব্বল্লী-ধাৰৱাড়ত উন্নয়নমূলক কামে বিভিন্ন খণ্ড সামৰি লয়। আই আই টি ধৰৱাড আৰু শ্ৰী সিদ্ধাৰুধা স্বামীজী হুবল্লী ষ্টেচনত বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্মৰ দৰে প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰা হ'ব। লগতে পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হ'ব।"

কৰ্ণাটকৰ উন্নয়নমূলক প্ৰকল্প সন্দৰ্ভত সাংসদ প্ৰতাপ সিমহাই কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘আমাৰ চৰকাৰে সংযোগ আৰু অৰ্থনৈতিক প্ৰগতি বৃদ্ধিৰ বাবে কাম কৰি আছে। মহীশূৰ আৰু বেংগালুৰুৰ মাজৰ এক্সপ্ৰেছৱে সেই দিশত এক পদক্ষেপ।'

নতুনকৈ উন্নয়ন কৰা হোছাপেটে ৰেলৱে ষ্টেচনক লৈ ডিডি নিউজে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

"হোছাপেটেৰ জনসাধাৰণলৈ অভিনন্দন জনালো। ইয়া হৈছে অঞ্চলটোৰ সংযোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত এক নতুন উদ্যম।"

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰল্হাদ যোশীয়ে ধাৰৱাড়ৰ সৈতে জড়িত প্ৰকল্প সন্দৰ্ভত কৰা এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

"কাইলৈ এনে নতুন কাম আৰম্ভ কৰা হ'ব, যিয়ে হুব্বল্লী-ধাৰৱাড়ৰ জনসাধাৰণৰ বাবে ‘ইজ অৱ লিভিং’ক উন্নীত কৰিব।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees

Media Coverage

Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Eminent industry leader Shri Ravi Kant meets the Prime Minister
July 18, 2026

Eminent industry leader Shri Ravi Kant met Prime Minister, Shri Narendra Modi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.

The Prime Minister posted on X;

Eminent industry leader Shri Ravi Kant met PM @narendramodi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.