“I have also been connected to the country and the world through my YouTube channel. I also have subscribers in decent numbers”
“Together, we can bring transformation in the lives of a vast population in our country”
“Awaken the nation, initiate a movement”
“Subscribe to my channel and hit the Bell Icon to receive all my updates”

মোৰ ইউটিউবাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজত এজন সহযোগী ইউটিউবাৰ হিচাপে উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। ময়ো আপোনালোকৰ দৰেই, বেলেগ নহয়। যোৱা ১৫ বছৰে ময়ো এটা ইউটিউব চেনেলৰ জৰিয়তে দেশ আৰু বিশ্বৰ লগত সংযোগ স্থাপন কৰি আহিছোঁ। মোৰো গৰিষ্ঠ সংখ্যক চাবস্ক্ৰাইবাৰ আছে।

মই জানিব পাৰিছো যে আজি ইয়াত প্ৰায় ৫,০০০ ক্ৰিয়েটৰ, উচ্চাকাংক্ষী ক্ৰিয়েটৰ উপস্থিত আছে। কোনোৱে গেমিংৰ কাম কৰে, কোনোৱে প্ৰযুক্তিৰ ওপৰত শিক্ষা দিয়ে, কোনোৱে ফুড ব্লগিং কৰে, আনহাতে একাংশ ট্ৰেভেল ব্লগাৰ বা লাইফষ্টাইল ইনফ্লুয়েন্সাৰ।

বন্ধুসকল, বছৰ-বছৰ ধৰি মই পৰ্য্যবেক্ষণ কৰি আহিছো যে আপোনালোকৰ বিষয়বস্তুৱে আমাৰ দেশৰ জনসাধাৰণক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে। আৰু এই প্ৰভাৱক অধিক ফলপ্ৰসূকৰণৰ সুযোগ আমাৰ হাতত আছে। আমি সকলোৱে মিলি আমাৰ দেশৰ জনসাধাৰণৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰিব পাৰো। আমি একেলগে বহু ব্যক্তিক শক্তিশালী কৰিব পাৰো। একেলগে আমি সহজেই শিকাব পাৰো আৰু কোটি-কোটি লোকক গুৰুত্বপূৰ্ণ বিষয়বোৰ বুজাব পাৰো। আমি তেওঁলোকক আমাৰ লগত সংযোগ কৰিব পাৰো।

বন্ধুসকল, যদিও মোৰ চেনেলত হাজাৰ-হাজাৰ ভিডিঅ’ আছে, তথাপিও মোৰ বাবে আটাইতকৈ সন্তুষ্টিদায়ক হৈছে যেতিয়া মই ইউটিউবৰ জৰিয়তে আমাৰ দেশৰ লাখ-লাখ ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাৰ মানসিক চাপ, আশা, ফলাফল আদি বিষয়ত কথা পাতিছিলো।

দেশৰ ইমান বিশাল সৃষ্টিশীল সমাজৰ মাজত, আপোনালোকৰ সৈতে কেতবোৰ বিষয়ত কথা পাতিবলৈ মন গৈছে। এই বিষয়সমূহ গণ আন্দোলনৰ সৈতে জড়িত, দেশৰ জনসাধাৰণৰ ক্ষমতাই সফলতাৰ আধাৰ।

প্ৰথম বিষয় স্বচ্ছতা - বিগত ৯ বছৰত স্বচ্ছ ভাৰত এক বৃহৎ অভিযানত পৰিণত হ'ল। সকলোৱে ইয়াত অৰিহণা যোগাইছিল, ল’ৰা-ছোৱালীয়ে ইয়াত এক আৱেগিক শক্তিৰ সঞ্চাৰ কৰিছিল। চেলিব্ৰিটিসকলে ইয়াক এক নতুন গতি প্ৰদান কৰে, দেশৰ চুকে-কোণে লোকসকলে ইয়াক মিছনলৈ ৰূপান্তৰিত কৰিলে আৰু আপোনালোকৰ দৰে ইউটিউবাৰসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাক অধিক সাফল্যমণ্ডিত কৰি তুলিলে।

কিন্তু আমি ৰৈ থাকিব নালাগে। যেতিয়ালৈকে পৰিষ্কাৰ-পৰিচ্ছন্নতা ভাৰতৰ পৰিচয় নহয়, তেতিয়ালৈকে আমি ক্ষান্ত নহ’ম। গতিকে আপোনালোকৰ প্ৰত্যেকেই পৰিষ্কাৰ-পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব।

দ্বিতীয় বিষয়টো হ’ল - ডিজিটেল পেমেন্ট। ইউপিআইৰ সফলতাৰ বাবে আজি ভাৰতে বিশ্বৰ ডিজিটেল পেমেন্টত ৪৬ শতাংশ অংশীদাৰিত্ব লাভ কৰিছে। আপোনালোকে দেশৰ অধিক সংখ্যক লোকক ডিজিটেল পেমেন্ট কৰিবলৈ অনুপ্ৰাণিত কৰা উচিত, আপোনালোকৰ ভিডিঅ’ৰ জৰিয়তে সহজ ভাষাত ডিজিটেল পেমেন্ট কৰিবলৈ শিকাব লাগে।

আন এটা বিষয় হৈছে ভকেল ফৰ লোকেল। আমাৰ দেশত ইমানবোৰ সামগ্ৰী স্থানীয় পৰ্য্যায়ত তৈয়াৰ কৰা হয়। আমাৰ স্থানীয় শিল্পীসকলৰ দক্ষতা আচৰিত। আপোনালোকে আপোনালোকৰ কামৰ জৰিয়তেও তেওঁলোকক সহায় কৰিব পাৰে, আৰু ভাৰতৰ স্থানীয় পৰিৱৰ্তনক বিশ্বব্যাপী কৰি তোলাত সহায় কৰিব পাৰে।

আৰু মোৰ আৰু এটা অনুৰোধ আছে। আনকো অনুপ্ৰাণিত কৰক, আন্তৰিক আবেদন জনাওঁক যে আমি সেই সামগ্ৰীহে কিনিম যি সামগ্ৰীত আমাৰ মাটিৰ সুগন্ধি আছে, য’ত আমাৰ দেশৰ কোনো শ্ৰমিক বা শিল্পীৰ ঘাম নিহিত হৈ আছে। খাদীয়েই হওঁক, হস্তশিল্পই হওঁক, হস্ততাঁতেই হওঁক বা আন যিকোনো বস্তুয়েই হওঁক। আপোনালোকে ৰাষ্ট্ৰখনক সজাগ কৰক, এক আন্দোলনৰ সূচনা কৰক।

আৰু আৰু এটা কথা মোৰ ফালৰপৰা পৰামৰ্শ দিব বিচাৰিছো। ইউটিউবাৰ হিচাপে আপোনালোকৰ যি পৰিচয় আছে, তাৰ লগতে আপোনালোকে এটা কাৰ্য্যকলাপ যোগ কৰিব পাৰিবনে? প্ৰতিটো খণ্ডৰ শেষত এটা প্ৰশ্ন লিখা বা কিবা এটা কৰিবলৈ একচন পইন্ট দিয়াৰ কথা চিন্তা কৰিবচোন। মানুহে সেই কাৰ্য্যকলাপটো কৰিব পাৰে আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। এইদৰে আপোনালোকৰ জনপ্ৰিয়তাও বাঢ়িব আৰু মানুহে কেৱল শুনাই নহয় কিবা এটা কামত লিপ্তও হ’ব।

আপোনালোক সকলোৰে লগত কথা পাতি সঁচাকৈয়ে ভাল লাগিল। আপোনালোকৰ ভিডিঅ'বোৰৰ শেষত কি কয়... ময়ো তাকেই ক’মঃ মোৰ চেনেলটো চাবচক্ৰাইব কৰি বেল আইকনটো টিপি দিলে মোৰ সকলো আপডেট লাভ কৰিব।

আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছো।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"