মার্কিন ৰাষ্ট্ৰপতি জো বাইডেন আৰু প্রথম মহিলা ডঃ জিল বাইডেনৰ আমন্ত্রণত মই আমেৰিকা ভ্ৰমণলৈ গৈছোঁ। আমাৰ গণতন্ত্রৰ শক্তি আৰু প্রাণৱন্ততাৰ প্রতিফলন হ'ল এই বিশেষ আমন্ত্রণ।

নিউইয়র্ক ভ্ৰমণেৰে মোৰ যাত্রা আৰম্ভ হ'ব। তাত ৰাষ্ট্রসংঘৰ সদৰ কার্যালয়ত ৰাষ্ট্রসংঘৰ নেতৃবৃন্দ আৰু বিভিন্ন দেশৰ সদস্যসকলৰ সৈতে মই ২১ জুনত আন্তর্জাতিক যোগ দিৱস উদযাপন কৰিম। এই বিশেষ উদযাপনৰ বাবে মই অপেক্ষা কৰি আছোঁ'ত ২০১৪ চনৰ ডিচেম্বৰত আন্তর্জাতিক যোগ দিৱস পালনৰ বাবে ভাৰতৰ প্রস্তাৱক সমর্থন জনোৱা হৈছিল।

ইয়াৰ পিছতমই ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিম। ২০২১ চনৰ ছেপ্টেম্বৰত মোৰ শেষবাৰৰ আমেৰিকা ভ্ৰমণৰ পিছৰ পৰা ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে মোৰ বহুবাৰ সাক্ষাতৰ সুযোগ হৈছে । এই ভ্ৰমণে আমাৰ গভীৰ তথা বহুমুখী অংশীদাৰিত্বক সমৃদ্ধ কৰাৰ সুযোগ আনি দিব।

আমেৰিকা হ'ল ভাৰতৰ বৃহত্তম বাণিজ্যিক অংশীদাৰ। বিজ্ঞান আৰু প্রযুক্তিশিক্ষাস্বাস্থ্যপ্রতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্রত আমাৰ মাজত ঘনিষ্ঠ সহযোগিতা আছে। জটিল আৰু নতুন প্রযুক্তিয়ে তাত নতুন মাত্রা যুক্ত কৰিছে আৰু প্রতিৰক্ষাশিল্প সহযোগিতামহাকাশটেলি যোগাযোগকোৱাণ্টামকৃত্রিম বুদ্ধিমত্তা আৰু জৈৱ প্রযুক্তিৰ ক্ষেত্রত সেয়া সম্প্রসাৰিত হৈছে। ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত বিস্তৃত বাতাৱৰণ গঢ়ি তোলাৰ ক্ষেত্রতো দুই দেশে পাৰস্পৰিক সহযোগিতা কৰি গৈছে।

ৰাষ্ট্ৰপতি বাইডেন আৰু ফাৰ্ষ্ট লেডী ডঃ জিল বাইডেনৰ সৈতে এক ৰাষ্ট্রীয়ভোজত মিলিত হ''ত কেইবাজনো গুৰুত্বপূর্ণ ব্যক্তিত্বই যোগ দিব । ভ্ৰমণকালত মার্কিন কংগ্রেছৰ যৌথ অধিৱেশনতো মই ভাষণ দিম।

মানুহৰ মাজত যোগাযোগে দুয়োদেশৰ মাজত বিশ্বাসৰ শক্তিশালী ভেটি তৈয়াৰ কৰিছে । ভাৰতীয়-মার্কিন সম্প্রদায়ৰ মুখামুখি হোৱাৰ বাবে মই অধীৰ আগ্ৰহেৰে প্রতীক্ষাৰত। বাণিজ্য আৰু লগ্নিৰ সম্ভাৱনা জুকিয়াই চাবলৈ কেইবাজনো উল্লেখযোগ্য চিইঅ'ৰ সৈতেও মই সাক্ষাৎ কৰিম।

 মোৰ দৃঢ় বিশ্বাসমোৰ এই ভ্ৰমণে দুয়োদেশৰ গণতান্ত্রিক মূল্যবোধবৈচিত্র্য আৰু স্বাধীনতাৰ ভিত্তিত গঢ়ি উঠা বন্ধনক আৰু মজবুত কৰিব। আমি একজোঁট হ'লে বিশ্বৰ বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰিম।

ইজিপ্টৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ এল-চিচিৰ আমন্ত্রণত মই ৱাশ্বিংটন ডি চিৰ পৰা কায়ৰো ভ্ৰমণলৈ যাম। এই প্রথমবাৰ মই এইখন বন্ধুদেশলৈ ৰাষ্ট্রীয় ভ্ৰমণত গৈছোঁ।

চলিত বছৰৰ প্রজাতন্ত্র দিৱসত প্রধান অতিথি হিচাপে যোগ দিবলৈ অহা ৰাষ্ট্ৰপতি চিচিৰ সৈতে মই সাক্ষাৎ কৰিছিলোঁ। মাথোঁ কেইমাহমানৰ ব্যৱধানত এই দুই ভ্ৰমণে আমাৰ মাজত দ্রুত গঢ়ি উঠা অংশীদাৰিত্বৰ প্রমাণ দিছে।

ৰাষ্ট্ৰপতি চিচি আৰু ইজিপ্ট চৰকাৰৰ গুৰুত্বপূর্ণ পদাধিকাৰীসকলৰ সৈতে সাক্ষাতৰ বাবে মই বাট চাই আছোঁ। এই ভ্ৰমণে ইজিপ্টত বসবাসৰত ভাৰতীয়সকলৰ সৈতেও মোৰ সাক্ষাতৰ সুযোগ আনি দিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2026
March 12, 2026

Citizens Appreciate Building a Viksit Bharat: PM Modi's Leadership Fuels Jobs, Clean Energy, and Regional Unity in 2026