পাৰস্পৰিক স্বাৰ্থজড়িত কেইবাটাও দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰে আৰু প্ৰতিৰক্ষা, অৰ্থনৈতিক আৰু বাণিজ্যিক খণ্ডত ক্ৰমৱৰ্ধমান সহযোগিতাৰ পৰ্যালোচনা কৰে নেতাদ্বয়ে
ডিজিটেল আন্তঃগাঁথনি, জলবায়ু কাম-কাজ, স্বচ্ছ শক্তি পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নত সহযোগিতা কৰিবলৈ সহমত প্ৰকাশ
জি-২০ৰ বাবে ভাৰতৰ অগ্ৰাধিকাৰৰ বিষয়ে স্পেনিছ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে প্ৰধানমন্ত্ৰীয়ে৷ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ভাৰতৰ পদক্ষেপক সম্পূৰ্ণ সমৰ্থন জনালে প্ৰধানমন্ত্ৰী ছানচেজে

প্ৰদানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত পেড্ৰ’ ছানচেজৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ জড়িত কেইবাটাও দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰে। তেওঁলোকে চলি থকা দ্বিপাক্ষিক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে আৰু শেহতীয়াকৈ হোৱা উচ্চ পৰ্যায়ৰ আদান-প্ৰদান আৰু প্ৰতিৰক্ষা, অৰ্থনৈতিক আৰু বাণিজ্যিক খণ্ডত ক্ৰমৱৰ্ধমান সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। ডিজিটেল আন্তঃগাঁথনি, জলবায়ু কাম-কাজ, স্বচ্ছ শক্তি পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন আদি বিষয়ত সহযোগিতা আগবঢ়াবলৈ সহমত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰীক বসুধৈৱ কুটুম্বকম (এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত) বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি একতাক প্ৰসাৰিত কৰাৰ দিশত কাম কৰিবলৈ জি-২০ অধ্যক্ষতাৰ বাবে ভাৰতৰ অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী ছানচেজে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ভাৰতৰ পদক্ষেপক সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়।

দুয়োগৰাকী নেতাই ভৱিষ্যতেও যোগাযোগ ৰক্ষা কৰিবলৈ সন্মত হয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari