Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছীয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম ব্লাডিমিৰ পুটিনৰে টেলিফোনত বাৰ্তালাপ কৰে।

সমৰখণ্ডত অনুষ্ঠিত ‘এছচিঅ’ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত নেতাদ্বৰ মাজত অনুষ্ঠিত বৈঠকৰ পিচত হোৱা এই বাৰ্তালাপত দুয়োগৰাকী নেতাই ‘শক্তি-সহযোগিতা’, ‘বাণিজ্য আৰু বিনিয়োগ’, ‘প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতা’ তথা অন্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক সম্পৰ্কীয় প্ৰসংগসমূহৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে।

অব্যাহত থকা ইউক্ৰেইন সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনৈতিক পন্থা অৱলম্বনৰ বাবে তেওঁ জনোৱা আহ্বানকে দোহাৰি ইয়াৰ জৰিয়তহে সমাধানৰ সূত্ৰ ওলোৱাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতে গ্ৰহণ কৰা ‘জি-২০’ৰ অধ্যক্ষতা সন্দৰ্ভত ৰাষ্ট্ৰপতি পুটিনক তথ্য অৱগত কৰাৰ লগতে ভাৰতে গ্ৰহণ কৰা প্ৰথমিকতাসমূহৰো আভাস দিয়ে। তেওঁ ‘ছাংইহাই কো-অপাৰেশ্যন অৰ্গেনাইজেশ্যন’-ৰ ভাৰতে গ্ৰহণ কৰা অধ্যক্ষতাৰ সময়ছোৱাত দুয়োখন দেশে একেলগে কাম কৰি যোৱাৰ বাবে কৰা আশাৰ কথাও উল্লেখ কৰে।

দুয়োগৰাকী নেতাই পৰস্পৰৰ মাজত নিয়মীয়া মিলা-মিচা অব্যাহত ৰখাৰ কথাত সহমত ব্যক্ত কৰে।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
What is the ‘Call Before u Dig’ application launched by PM Modi?

Media Coverage

What is the ‘Call Before u Dig’ application launched by PM Modi?
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2023
March 23, 2023
Share
 
Comments

People's Padma: A Testament to PM Modi's Commitment to Recognizing Indians and Their Efforts