বন্ধুগণ,

ত্ৰইকা (ত্ৰিশক্তি) উদ্যমত আমাৰ পূৰ্ণ বিশ্বাস আছে।

 

ব্ৰাজিলক আমি পূৰ্ণ সহযোগ দিম আৰু আমাৰ বিশ্বাস যে তেওঁলোকৰ নেতৃত্বত জি-২০ত নিৰ্ধাৰণ হোৱা উমৈহতীয়া লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়ি যাব।

 

মই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি তথা মোৰ মিত্ৰ লুলা ডি ছিলভাক হৃদয়ৰ পৰা শুভকামনা জনাইছোঁ।

 

আৰু মই তেওঁক জি-২০ৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰিছোঁ।

 

মই এই সুযোগতে ৰাষ্ট্ৰপতি লুলাক নিজৰ বিচাৰ ভাগ-বটোৱাৰা কৰিবৰ বাবে আমন্ত্ৰণ জনালোঁ।

 

মান্যবৰ,

 

আপোনালোক সকলোৱে জানে যে জি-২০ৰ সভাপতিত্ব ভাৰতৰ হাতত নৱেম্বৰলৈ আছে। এতিয়াও আঢ়ৈ মাহ বাকী আছে।

 

এই দুদিনত আপোনালোক সকলোৱে নিজৰ মন্তব্য, পৰামৰ্শৰ লগতে অনেক প্ৰস্তাৱ দিছে।  

 

এয়া আমাৰ সকলোৰে দায়িত্ব যে যিবোৰ পৰামৰ্শ আহিছে সেয়া আমি পুনৰাই পৰ্যালোচনা কৰি সেইবোৰক প্ৰগতিৰ গতিত আনিবলৈ চেষ্টা কৰোঁ।

 

মোৰ এক প্ৰস্তাৱ আছে যে আমি নৱেম্বৰ মাহৰ শেষত জি-২০ সন্মিলনৰ অন্য এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰিব লাগে।

 

সেই বৈঠকত আমি এই সন্মিলনত গ্ৰহণ কৰা বিষয়বস্তুৰ পুনঃ আলোচনা তথা সমীক্ষা কৰিব পাৰোঁ।

 

এই সকলো কথাৰ সৱিশেষ আমাৰ বিভাগীয় দলে আপোনালোকৰ সৈতে ভাগ-বটোৱাৰা কৰিব।

 

মই আশা কৰিছো যে আপোনালোক সকলো ইয়াৰ অংশ হৈ পৰিব।

 

মান্যবৰ,

 

ইয়াৰ লগতে মই জি-২০ সন্মিলনৰ সমাপ্তিৰ ঘোষণা কৰিলোঁ।

 

ৱান আৰ্থ, ৱান ফেমিলী, ৱান ফিউচাৰৰ ৰোডমেপ সকলোৰে বাবে সুখময় হওক।

 

স্তুতি অস্তু বিশ্বস্য!

 

অৰ্থাৎ সম্পূৰ্ণ বিশ্বত আশা আৰু শান্তি সঞ্চাৰ হওক।

 

১৪০ কোটি ভাৰতীয়ৰ এই মংগলকামনাৰ জৰিয়তে আপোনালোক সকলোকে অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Coconut industry gets a policy boost

Media Coverage

Coconut industry gets a policy boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ফেব্ৰুৱাৰী 2026
February 17, 2026

India’s Tech-focused Revolution under PM Modi’s Leadership Takes Centre Stage at the IndiaAI Impact Summit