নতুন প্ৰজন্মৰ দক্ষতা বিকাশ ৰাষ্ট্ৰীয় আৱশ্যকতা আৰু আত্মনিৰ্ভৰ ভাৰতৰ ভেটীঃ প্ৰধানমন্ত্ৰী
দক্ষতাৰ সন্মান আমাৰ সংস্কৃতিৰ অংগঃ প্ৰধানমন্ত্ৰী
সমাজত দক্ষ কৰ্মীয়ে উচিত সন্মান পাওকঃ প্ৰধানমন্ত্ৰীৰ আহ্বান
'প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা'ৰ জৰিয়তে ১.২৫ কোটিতকৈ অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বক পাৰদৰ্শী আৰু দক্ষতাপূৰ্ণ শ্ৰম-শক্তি সমাধান দি আছে, যি আমাৰ যুৱক-যুৱতীসকলক দক্ষ কৰি তোলাৰ ৰণনীতিৰ বিশেষ অংশ হোৱা উচিতঃ প্ৰধানমন্ত্ৰী
দুৰ্বল শ্ৰেণীক দক্ষ কৰি তুলি 'স্কিল ইণ্ডিয়া মিছন'য়ে ডাঃ বাবাচাহেব আম্বেদকাৰৰ সপোনক সাকাৰ কৰি আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বক পাৰদৰ্শী আৰু দক্ষতাপূৰ্ণ শ্ৰম-শক্তি সমাধান দি আছে, যি আমাৰ যুৱক-যুৱতীসকলক দক্ষ কৰি তোলাৰ ৰণনীতিৰ বিশেষ অংশ হোৱা উচিতঃ প্ৰধানমন্ত্ৰী
'প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা'ৰ জৰিয়তে ১.২৫ কোটিতকৈ অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে যে নতুন প্রজন্মৰ দক্ষতাৰ বিকাশ দেশৰ প্রয়োজন আৰু ই হ'ল আত্মনির্ভৰ ভাৰতৰ ভেটী। এই প্রজন্মই আমাৰ সাধাৰণতন্ত্রক ৭৫ৰ পৰা ১০০ বছৰৰ ফালে আগুৱাই লৈ যাব। বিগত ৬ বছৰত দক্ষ ভাৰত মিছন বা স্কিল ইন্ডিয়া মিছনৰ পৰা যি লাভ পোৱা গৈছে তাক কামত লগাই এই কর্মসূচীত জোৰ দিয়াৰ বাবে আহ্বান জনায় তেওঁ। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানৰ ভাষণত এইকথা জনায় প্রধানমন্ত্রীয়ে।

 

শ্রী মোদীয়ে ভাৰতীয় সংস্কৃতিত দক্ষতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। দক্ষতা বিকাশ আৰু ‘দক্ষতা উন্নয়ন’ তথা সমাজৰ অগ্রগতিৰ বাবে যি যোগসূত্র আছে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে তেওঁ । শ্রী মোদীয়ে বিজয়া দশমী, অক্ষয় তৃতীয়া আৰু বিশ্বকর্মা পূজাৰ দৰে ঐতিহ্যবাহী পূজা অর্চনাৰ গুৰুত্ব উল্লেখ কৰে। তেওঁ কয় যে এই উৎসব উদযাপনৰ সময়ত দক্ষতা আৰু বৃত্তিমূলক সৰঞ্জামবিলাক পূজা কৰা হয়। এই চিৰাচৰিত ঐতিহ্যৰ প্রসঙ্গ তুলি ধৰি প্রধানমন্ত্রীয়ে মৃৎশিল্পী, সূত্রধৰ, ধাতব শিল্পৰ সৈতে যুক্ত কর্মী, চাফাইকর্মী, উদ্যান পালনৰ সৈতে যুক্ত কর্মী, তাঁতিসকলৰ দৰে পেশাৰ সৈতে যুক্ত দক্ষ কর্মীসকলক যথাযথ সম্মান প্রদানৰ আহ্বান জনায় । শ্রী মোদীয়ে উল্লেখ কৰে যে দীর্ঘকাল দাসত্বৰ কাৰণে আমাৰ সামাজিক আৰু শিক্ষা ব্যবস্থাত দক্ষতাৰ গুৰুত্ব হ্রাস পাইছে।

প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে শিক্ষাই আমাৰ কি কৰণীয় সেই কথা কৈ দিয়ে, দক্ষতাই আমাৰ প্রকৃত কাম পৰিচালনাৰ মাধ্যমত বাস্তবায়নৰ দিশ দেখুৱায় আৰু এইটোৱেই দক্ষ ভাৰত মিছনৰ মূল নীতি পৰিচালনা কৰাত সাহায্য কৰে। প্রধানমন্ত্রীয়ে উচ্ছ্বাস প্রকাশ কৰি জনায় যে, ইতিমধ্যে ১.২৫ কোটিৰো বেছি যুৱকক ‘প্রধানমন্ত্রী দক্ষতা বিকাশ যোজনা’ৰ আওতাত প্রশিক্ষণ দিয়া সম্ভব হৈছে।

 

দৈনন্দিন জীৱনত দক্ষতাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দি প্রধানমন্ত্রীয়ে জনায়, উপার্জনৰ বাবে পঢ়াশুনা বন্ধ কৰা উচিত নহয়। কেবলমাত্র এজন দক্ষ ব্যক্তিয়েহে আজিৰ বিশ্বত ক্রমশঃ আগবাঢ়ি যাব পাৰিব। ই যিকোনো দেশত, যিকোনো ব্যক্তিৰ ক্ষেত্রতেই প্রযোজ্য। তেওঁ কয় যে বিশ্বৰ দৰবাৰত আধুনিক আৰু দক্ষ কর্মী সৰবৰাহ কৰি আছে ভাৰতে। আমাৰ যুৱ সমাজক দক্ষ কৰি তোলাৰ কৌশলৰ সুফলেই হ'ল এইটো। বিশ্বৰ প্রয়োজনীয় দক্ষ কর্মীৰ শূন্যতা পূৰণৰ বাবে মাপকাঠি গঢ়ি তুলিবলৈ যি পদক্ষেপ লোৱা হৈছে তাৰ প্রশংসা কৰে তেওঁ আৰু সংশ্লিষ্ট কর্তৃপক্ষক প্রতিনিয়ত দক্ষতা, পুনর্দক্ষতা আৰু দক্ষতা উন্নয়নৰ কাম চলাই যোৱাৰ আহ্বান জনায়। প্রধানমন্ত্রীয়ে কয়, দ্রুত পৰিবর্তনশীল প্রযুক্তিৰ কাৰণে পুনর্দক্ষ কর্মীৰ প্রভূত চাহিদা আছে। তেওঁ এই কথাও স্মৰণ কৰাই দিয়ে যে, কেনেকৈ দেশৰ দক্ষ কর্মীসকলে অতিমাৰীৰ বিৰুদ্ধে কার্যকৰী যুদ্ধত সহায়তা প্রদান কৰি গৈছে।

 

প্রধানমন্ত্রীয়ে দুর্বল শ্রেণীৰ অংশক দক্ষ কৰি তোলাৰ বিষয়ৰ ওপৰত জোৰ দি বাবাচাহেব আম্বেদকাৰৰ দৃষ্টিভঙ্গীৰ কথা উল্লেখ কৰে। শ্রী মোদীয়ে কয় যে দক্ষ ভাৰত মিছনৰ মাধ্যমত দেশে আজি বাবাচাহেবৰ এই স্বপ্ন-দর্শন বাস্তবায়িত কৰিব পাৰিছে। উদাহৰণ স্বৰূপে ‘গোয়িং অনলাইন এজ লাডাৰ্ছ’-'গোল’ৰ দৰে কর্মসূচীৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে জনায় এই ধৰণৰ কর্মসূচীবিলাকে উপজাতি সম্প্রদায়ৰ মাজত শিল্প, সংস্কৃতি, হস্তশিল্প, ডিজিটেল স্বাক্ষৰতা প্রদানৰ দৰে একাধিক উদ্যোগ গ্রহণ কৰিছে। যাৰফলত উপজাতি সম্প্রদায় জনগোষ্ঠীৰ মাজত বিকাশ সম্ভব হৈছে। একেদৰে ‘বন ধন যোজনা’ই উপজাতি সমাজক একাধিক নতুন সুযোগ-সুবিধা প্রদানৰ সৈতে কার্যকৰীভাবে সংযুক্ত কৰিছে। পৰিশেষত প্রধানমন্ত্রীয়ে জনায়, “অনাগত দিনত আমি এই ধৰণৰ প্রচাৰাভিযান আৰু বেছিকৈ চলাই যোৱা উচিত আৰু দক্ষতাৰ মাধ্যমত নিজকে আৰু দেশক আত্মনির্ভৰ কৰি তোলা প্রয়োজন।”

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Total Urea stocks currently at 61.14 LMT, up from 55.22 LMT in March 2025

Media Coverage

Total Urea stocks currently at 61.14 LMT, up from 55.22 LMT in March 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on the immense power of devotion during Navratri
March 22, 2026

Prime Minister Shri Narendra Modi today shared his reflections on the spiritual significance of Navratri, emphasizing the profound energy and strength derived from devotion to the Mother Goddess.

The Prime Minister observed that there is immense power in the devotion to the Mother, noting that the worship of Devi Maa fills the hearts of devotees with positive energy. On this occasion, Shri Modi also shared a devotional hymn dedicated to the Goddess..

The Prime Minister wrote on X:
"माता की भक्ति में विराट शक्ति है। देवी मां की वंदना से श्रद्धालुओं का मन सकारात्मक ऊर्जा से भर जाता है।"