ৰাষ্ট্ৰপতিৰ ভাষণে বিকশিত ভাৰত গঢ়াৰ সংকল্প স্পষ্টভাৱে শক্তিশালী কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি দুখীয়াক মিছা শ্লোগান দিয়া নাই, ইয়াৰ বিপৰীতে এয়া প্ৰকৃত উন্নয়ন, সমাজৰ সকলো শ্ৰেণীৰ বাবে কাম কৰা এখন চৰকাৰ: প্ৰধানমন্ত্ৰী
আমি জনকল্যাণৰ দিশত সম্পদ ব্যয় কৰাটো নিশ্চিত কৰাত বিশ্বাস কৰোঁ: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে মধ্যবিত্ত শ্ৰেণীক লৈ গৌৰৱ কৰে আৰু ইয়াক সদায় সমৰ্থন কৰিব: প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱ শক্তিক লৈ গৌৰৱান্বিত; ২০১৪ চনৰ পৰা আমি দেশৰ যুৱক-যুৱতীসকলৰ লগতে তেওঁলোকৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো, আজি আমাৰ যুৱক-যুৱতীসকল প্ৰতিটো ক্ষেত্ৰতে সফল হৈছে: প্ৰধানমন্ত্ৰী
আমি এআইৰ শক্তিক লাভৱান কৰি আকাংক্ষিত ভাৰত গঢ়ি তুলিছো: প্ৰধানমন্ত্ৰী
আমাৰ সংবিধানত সন্নিৱিষ্ট মূল্যবোধসমূহ শক্তিশালী কৰাৰ এক অটল প্ৰতিশ্ৰুতি লৈছোঃ প্ৰধানমন্ত্ৰী
জনসেৱা সকলো দেশ নিৰ্মাণৰ ওপৰতে নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
সংবিধানৰ প্ৰতি আমাৰ দায়বদ্ধতাই আমাক শক্তিশালী আৰু জনসমৰ্থক সিদ্ধান্ত ল’বলৈ প্ৰেৰণা যোগায়ঃ প্ৰধানমন্ত্ৰী

সন্মানীয় সভাপতি মহোদয়,

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

সন্মানীয় সভাপতি মহোদয়,

আমি ২০২৫ চনত আছোঁ, এক প্ৰকাৰে একবিংশ শতিকাৰ ২৫ শতাংশ ইতিমধ্যে পাৰ হৈ গৈছে। সময়ে নিৰ্ধাৰণ কৰিব ২০ শতিকাৰ স্বাধীনতাৰ পিছত আৰু একবিংশ শতিকাৰ প্ৰথম ২৫ বছৰত কি হ’ল, কেনেকৈ হ’ল, কিন্তু এই ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণত যদি আমি ভালদৰে ইয়াক অধ্যয়ন কৰোঁ, তেন্তে স্পষ্ট হৈ পৰে যে তেওঁ দেশৰ সন্মুখত ভৱিষ্যতৰ ২৫ বছৰ আৰু বিকশিত ভাৰতৰ বাবে এক নতুন বিশ্বাস সৃষ্টি কৰা কথা, এক প্ৰকাৰে সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ এই ভাষণে বিকশিত ভাৰতৰ সংকল্পক শক্তিশালী কৰিব, নতুন বিশ্বাস সৃষ্টি কৰিব আৰু জনসাধাৰণক অনুপ্ৰাণিত কৰিব।

সন্মানীয় সভাপতি মহোদয়,

সকলো অধ্যয়নে বাৰে বাৰে এয়া কৈছে যে যোৱা ১০ বছৰত দেশৰ জনসাধাৰণে আমাক সেৱা কৰাৰ সুযোগ দিলে। ২৫ কোটি দেশবাসীয়ে দৰিদ্ৰতাক পৰাস্ত কৰি দৰিদ্ৰতাৰ পৰা ওলাই আহিছে।

সন্মানীয় সভাপতি মহোদয়,

পাঁচ দশক ধৰি 'দৰিদ্ৰতা নিৰ্মূল'ৰ শ্লোগান শুনিছে আৰু এতিয়া ২৫ কোটি দৰিদ্ৰ লোক দৰিদ্ৰতাক পৰাস্ত কৰি ওলাই আহিছে, কেৱল তেনেকুৱাই নহয়, পৰিকল্পিতভাৱে সমৰ্পিত ভাবেৰে আপোনত্বৰ সম্পূৰ্ণ সংবেদনশীলতাৰে যেতিয়া দুখীয়াৰ বাবে জীৱনটো  সঁপি দিয়া হয়, তেতিয়া ই সম্ভৱ হৈ উঠে।

সন্মানীয় সভাপতি মহোদয়,

যেতিয়া মাটিৰ সৈতে সংযুক্ত মানুহে মাটিৰ সত্যতা জানি মাটিত জীৱন সঁপি দিয়ে, তেতিয়া মাটিত পৰিৱৰ্তন নিশ্চিত হৈ পৰে।

সন্মানীয় সভাপতি মহোদয়,

আমি দুখীয়াক মিছা শ্লোগান নহয়, আমি প্ৰকৃত বিকাশ দিছোঁ। দুখীয়াৰ দুখ আৰু সাধাৰণ মানুহৰ অসুবিধাবোৰ, মধ্যবিত্ত শ্ৰেণীৰ সপোনবোৰ এনেয়ে বুজিব পৰা নাযায়। সন্মানীয় সভাপতি মহোদয়, ইয়াৰ বাবে এক আবেগ লাগে আৰু মই দুখেৰে ক’বলৈ ওলাইছোঁ যে কিছুমান মানুহৰ মাজত এয়া নায়েই।

সন্মানীয় সভাপতি মহোদয়,

বাৰিষাৰ সময়ত কেচা ছালি, তাৰ প্লাষ্টিকৰ চাদৰযুক্ত ছালি, তাৰ তলত জীৱন অতিবাহিত কৰা কিমান কঠিন। পলে পলে সপোনক ভৰিৰে মোহাৰি দিয়া হয়, এনে পল থাকে। এই কথা সকলোৱে বুজিব নোৱাৰে।

সন্মানীয় সভাপতি মহোদয়,

এতিয়ালৈকে দুখীয়াই ৪ কোটি ঘৰ পাইছে। যিসকলে সেই জীৱন যাপন কৰিছে তেওঁলোকে বুজি পায় যে পকা ছালিৰ ঘৰ পোৱাৰ অৰ্থ কি।

সন্মানীয় সভাপতি মহোদয়,

এগৰাকী মহিলাই যেতিয়া মুকলিত শৌচ কৰিবলৈ যাবলৈ বাধ্য হয়। তেওঁ হয় সূৰ্যোদয়ৰ আগতেই, নহয় সূৰ্যাস্তৰ পিছত জটিলতাৰ সন্মুখীন হোৱাৰ পিছত এই সৰু নিজৰ নিত্য কৰ্ম কৰিবলৈ ওলাব পাৰে, তেতিয়া তেওঁৰ কি কষ্ট হৈছিল, এনে লোকে বুজিব নোৱাৰে, সন্মানীয় সভাপতি মহোদয়।

সন্মানীয় সভাপতি মহোদয়,

আমি ১২ কোটিৰো অধিক শৌচালয় নিৰ্মাণ কৰি ভগ্নী-কন্যাৰ অসুবিধা দূৰ কৰিছোঁ। সন্মানীয় সভাপতি মহোদয়, আজিকালি সংবাদ মাধ্যমত অত্যধিক চৰ্চা চলি আছে। ছ’চিয়েল মিডিয়াত আৰু অধিক হৈ আছে। কিছুমান নেতাৰ গুৰুত্ব ঘৰত জাকুজীত, ষ্টাইলিছ শ্বাৱাৰত, কিন্তু আমাৰ গুৰুত্ব হৈছে প্ৰতিটো ঘৰতে পানী যোগান ধৰা। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত দেশত ৭০-৭৫% প্ৰায় ১৬ কোটিতকৈও অধিক ঘৰত নলৰ পানীৰ সংযোগ নাছিল। আমাৰ চৰকাৰে ৫ বছৰত ১২ কোটি পৰিয়ালক ঘৰত নলৰ পানী যোগান ধৰাৰ কাম কৰিছে আৰু সেই কাম দ্ৰুতগতিত আগবাঢ়িও আছে।

সন্মানীয় সভাপতি মহোদয়,

আমি দৰিদ্ৰ লোকৰ বাবে ইমান কাম কৰিছোঁ আৰু ইয়াৰ বাবেই সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াই নিজৰ ভাষণত এই কথা বিতংভাৱে বৰ্ণনা কৰিছে। যিসকল লোকে দুখীয়াৰ জুপুৰীত ফটো ছেছন কৰাই নিজৰ মনোৰঞ্জন কৰাই থাকে, তেওঁলোকৰ বাবে সংসদত দুখীয়াৰ কথা বিৰক্তিকৰেই লাগিব।

সন্মানীয় সভাপতি মহোদয়,

মই তেওঁলোকৰ খং বুজিব পাৰিছোঁ। সন্মানীয় সভাপতি মহোদয়, সমস্যা চিনাক্ত কৰাটো এটা কথা কিন্তু যদি দায়িত্ব থাকে তেন্তে সমস্যা চিনাক্ত কৰি হাত সাৰি যাব নোৱাৰি, তাৰ সমাধানৰ বাবে সমৰ্পিত ভাবেৰে প্ৰচেষ্টা চলাব লাগিব। আমি দেখিছোঁ, আৰু যোৱা ১০ বছৰৰ আমাৰ কাম নিশ্চয় দেখিছে যে আৰু ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণতো দেখিছে চাগৈ, আমাৰ প্ৰচেষ্টা সমস্যা সমাধানৰ দিশত থাকে আৰু আমি সমৰ্পিত ভাবেৰে প্ৰচেষ্টা চলাওঁ।

সন্মানীয় সভাপতি মহোদয়,

আমাৰ দেশত আগতে এজন প্ৰধানমন্ত্ৰী আছিল, তেওঁক মিষ্টাৰ ক্লিন বুলি কোৱাটো এটা ফেশ্বন হৈ পৰিছিল। প্ৰধানমন্ত্ৰী মহোদয়ক মিষ্টাৰ ক্লিন বুলি কোৱাটো ফেশ্বন হৈ পৰিছিল। তেওঁ এটা সমস্যা চিনাক্ত কৰিছিল আৰু তেওঁ কৈছিল যে দিল্লীৰ পৰা যদি ১ টকা ওলায়, তেন্তে ১৫ পইচাহে গাঁৱলৈ যায়। এতিয়া সেই সময়ত পঞ্চায়তৰ পৰা আৰম্ভ কৰি সংসদলৈকে এটা দলৰে শাসন আছিল, পঞ্চায়তৰ পৰা সংসদলৈ, এটা দলৰে শাসন আছিল আৰু সেই সময়ত তেওঁলোকে ৰাজহুৱাভাৱে কৈছিল যে ১ টকা ওলাই যায় আৰু ১৫ পইচা পায়গৈ। বহুত আচৰিত ধৰণৰ হাত চাফাই আছিল। ১৫ পইচা কাৰ ওচৰলৈ গৈছিল সেয়া দেশৰ এজন সাধাৰণ মানুহেও সহজেই বুজিব পাৰে।

সন্মানীয় সভাপতি মহোদয়,

দেশে আমাক এটা সুযোগ দিলে, আমি সমাধান বিচাৰিবলৈ চেষ্টা কৰিলোঁ। আমাৰ আৰ্হিটো হৈছে ধন সঞ্চয়ো বিকাশো, জনতাৰ ধন জনতাৰ বাবে। আমি জন ধন, আধাৰ, মোবাইলৰ জেএম ট্ৰিনিটি সৃষ্টি কৰিলোঁ আৰু ডিবিটিৰ জৰিয়তে ডাইৰেক্ট বেনিফিট, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ দিবলৈ আৰম্ভ কৰিলোঁ।

সন্মানীয় সভাপতি মহোদয়,

আমাৰ কাৰ্যকালত আমি ৪০ লাখ কোটি টকা পোনপটীয়াকৈ জনতা জনাৰ্দনৰ একাউণ্টত জমা দিলোঁ।

সন্মানীয় সভাপতি মহোদয়,

এই দেশৰ দুৰ্ভাগ্য চাওক, চৰকাৰবোৰ কেনেকৈ পৰিচালিত হৈছিল আৰু কাৰ বাবে চলিছিল।

সন্মানীয় সভাপতি মহোদয়,

যেতিয়া বেছি জ্বৰ হয় নহয়, তেতিয়া মানুহে যিকোনো কথা কয়, কিন্তু তাৰ লগতে বেছি হতাশা-নিৰাশা বিয়পি পৰে, তেতিয়াও বহু কিবাকিবি কয়।

সন্মানীয় সভাপতি মহোদয়,

যাৰ জন্ম হোৱা নাছিল, যি ভাৰতৰ এই ভূমিত আবিৰ্ভাৱ হোৱা নাছিল, এনেকুৱা ১০ কোটি ভুৱা মানুহে চৰকাৰী কোষাগাৰৰ পৰা বিভিন্ন আঁচনিৰ সুবিধা লৈ আছিল।

সন্মানীয় সভাপতি মহোদয়,

সঠিক লোকৰ ক্ষেত্ৰত অন্যায় নহওক, সেয়ে ৰাজনৈতিক লাভ-লোকচানৰ চিন্তা নকৰাকৈ আমি এই ১০ কোটি ভুৱা নাম আঁতৰালো আৰু প্ৰকৃত হিতাধিকাৰী বিচাৰি উলিয়াই তেওঁলোকক সহায় আগবঢ়োৱাৰ অভিযান আৰম্ভ কৰিলোঁ।

সন্মানীয় সভাপতি মহোদয়,

যেতিয়া এই ১০ কোটি ভুৱা মানুহ আঁতৰিল আৰু বিভিন্ন আঁচনিৰ হিচাপ কৰা হ’ল, তেতিয়া প্ৰায় ৩ লাখ কোটি টকা ভুল হাতত পৰাৰ পৰা ৰক্ষা পৰিল। মই কোৱা নাই যে সেইবোৰ কাৰ হাত আছিল, ভুল হাতৰ পৰা।

সন্মানীয় সভাপতি মহোদয়,

আমি চৰকাৰী ক্ৰয়তো প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিলোঁ, স্বচ্ছতা আনিলোঁ আৰু জিইএম পৰ্টেল যি আজি ৰাজ্য চৰকাৰসমূহেও তাক ব্যৱহাৰ কৰি আছে। জিইএম পৰ্টেলৰ জৰিয়তে কৰা ক্ৰয়সমূহ, সাধাৰণতে কৰা ক্ৰয়সমূহতকৈ কম খৰচত কৰা হ’ল আৰু চৰকাৰৰ ১,১৫,০০০ কোটি টকা ৰাহি হ’ল।

সন্মানীয় সভাপতি মহোদয়,

আমাৰ স্বচ্ছতা অভিযানক বহুত উপহাস কৰা হৈছিল, যেন আমি কিবা পাপহে কৰিলোঁ, কিবা ভুল কৰিলোঁ। নাজানো কি কি যে কোৱা হৈছিল, কিন্তু আজি মই সন্তুষ্টিৰে ক’ব পাৰোঁ যে এই চাফাইৰ কাৰণে শেহতীয়া বছৰবোৰত কেৱল চৰকাৰী দপ্তৰবিলাকৰ পৰা যি আৱৰ্জনাবোৰ বিক্ৰী কৰা হ’ল নহয়, তাত ২৩০০ কোটি টকা চৰকাৰে পালে। মহাত্মা গান্ধীয়ে ট্ৰাষ্টীশ্বিপৰ নীতিৰ কথা কৈছিল। তেওঁ কৈছিল যে আমি ট্ৰাষ্টী, এই সম্পত্তি জনতা জনাৰ্দনৰ আৰু সেয়ে আমি পাই পাই এই ট্ৰাষ্টীশ্বিপৰ নীতিৰ ওপৰত ভিত্তি কৰি সঞ্চয় কৰি আৰু সঠিক স্থানত ব্যৱহাৰ কৰাৰ চেষ্টা কৰোঁ আৰু তাৰ পিছত আমি স্বচ্ছতা অভিযানৰ পৰা আৱৰ্জনা বিক্ৰী কৰি ২৩০০ কোটি টকা দেশৰ চৰকাৰৰ কোষাগাৰলৈ আহিছে।

সন্মানীয় সভাপতি মহোদয়,

আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লোঁ ইথানল মিশ্ৰণৰ। আমি জানো যে আমি এনাৰ্জি ইণ্ডিপেণ্ডেণ্ট নহয়, আমি বাহিৰৰ পৰা আমদানি কৰিবলগা হয়। যেতিয়া ইথানল মিশ্ৰণ কৰা হ’ল আৰু পেট্ৰ’ল আৰু ডিজেলৰ পৰা আমাৰ উপাৰ্জন কমি গ’ল, সেই এটা সিদ্ধান্তই ১০০০০০ কোটি টকাৰ পাৰ্থক্য হ’ল আৰু এই ধন প্ৰায় ১০০০০০ কোটি টকা কৃষকৰ পকেটলৈ গ’ল।

সন্মানীয় সভাপতি মহোদয়,

মই সঞ্চয়ৰ তো কথা কৈছোঁ, কিন্তু আগতে বাতৰি কাকতৰ শিৰোনাম হৈছিল, ইমান লাখ টকাৰ কেলেংকাৰী, ইমান লাখ টকাৰ কেলেংকাৰী, ইমান লাখ টকাৰ কেলেংকাৰী, ১০ বছৰ পাৰ হৈ গ’ল এই কেলেংকাৰীবোৰ নকৰাকৈ, কেলেংকাৰী নোহোৱাকৈও দেশৰ লাখ লাখ কোটি টকা বাচিছে, যিবোৰ জনতা জনাৰ্দনৰ সেৱাত ব্যৱহাৰ হৈছে।

সন্মানীয় সভাপতি মহোদয়,

আমি এই যি বেলেগ বেলেগ পদক্ষেপ লৈছোঁ, তাৰ ফলত লাখ লাখ কোটি টকা ৰাহি হ’ল, কিন্তু সেই ধনৰ ব্যৱহাৰ আমি শ্বীশ মহল নিৰ্মাণৰ বাবে কৰা নাই। আমি ইয়াৰ ব্যৱহাৰ দেশ নিৰ্মাণৰ বাবে কৰিছোঁ। আন্তঃগাঁথনিৰ বাজেট ১০ বছৰ আগতে ১৮০০০০ আছিল, আমি অহাৰ আগতে। সন্মানীয় সভাপতি মহোদয়, আজি ১১ লাখ কোটি টকা আন্তঃগাঁথনিৰ বাজেট আৰু সেয়ে ৰাষ্ট্ৰপতি মহোদয়াই ভাৰতৰ ভেটি কেনেকৈ শক্তিশালী হৈ উঠিছে সেই বিষয়ে বৰ্ণনা কৰিছে। ৰাস্তা হওক, ঘাইপথ হওক, ৰে’লৱে হওক বা গাঁৱৰ পথেই হওক, এই সকলোবোৰ কামৰ বাবে উন্নয়নৰ এক সুদৃঢ় ভেটি স্থাপন কৰা হৈছে।

সন্মানীয় সভাপতি মহোদয়,

চৰকাৰী ৰাজকোষত সঞ্চয় হৈছে সেয়া বাৰু এটা কথা আৰু সেয়া কৰা উচিতো যেনেকৈ মই ট্ৰাষ্টীশ্বিপৰ বিষয়ে ক’লোঁ, কিন্তু আমি এইটোও মনত ৰাখিছোঁ যে জনসাধাৰণেও এই সঞ্চয়ৰ সুবিধা পাব লাগে, আঁচনিবোৰ এনেকুৱা হ’ব লাগে যে জনতাৰো সঞ্চয়ও হ'ব লাগে আৰু আপুনি নিশ্চয় দেখিছে যে আয়ুষ্মান ভাৰত যোজনা অসুস্থতাৰ বাবে এজন সাধাৰণ মানুহে কৰা খৰচ, এতিয়ালৈকে যি লোকে ইয়াৰ সুবিধা লৈছে, সেইসকলৰ হিচাপতে মই কওঁ যে প্ৰায় দেশবাসীয়ে আয়ুষ্মান যোজনাৰ সুবিধা লোৱাৰ বাবে যি খৰচ তেওঁলোকে নিজৰ পকেটৰ পৰা বহন কৰিবলগীয়া হয় সেই হিচাপত ১২০০০০ কোটি টকা জনতা জনাৰ্দনৰ বাচিছে। এয়া আৱশ্যকীয় যে এতিয়া যেনেকৈ জন ঔষধি কেন্দ্ৰ, আজি মধ্যবিত্ত পৰিয়ালত সকলো ৬০-৭০ বছৰ বয়সৰ জ্যেষ্ঠ লোক থাকে, তেন্তে স্বাভাৱিক যে কিবা নহয় কিবা বেমাৰ হয়েই, ঔষধৰ খৰছো হয়, ঔষধ ব্যয়বহুলো হয়, আমি যেতিয়াৰ পৰা জন ঔষধি কেন্দ্ৰ খুলিলোঁ, য’ত ৮০% ৰেহাই থাকে আৰু তাৰ কাৰণে যি পৰিয়ালে এই জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ লৈছে, তেওঁলোকৰ প্ৰায় ৩০০০০ কোটি টকাৰ ঔষধৰ খৰছ বাচিছে৷

সন্মানীয় অধ্যক্ষ মহোদয়,

ইউনিচেফেও অনুমান কৰিছে যে যিসকল পৰিয়ালৰ ঘৰত স্বচ্ছতা আৰু শৌচাগাৰ নিৰ্মাণ হৈছে, তেওঁলোকে ইয়াৰ বৃহৎ জৰীপ কৰিছিল, সেই পৰিয়ালে এবছৰত প্ৰায় ৭০,০০০ টকা সঞ্চয় কৰিছে। স্বচ্ছতা অভিযান হওক, শৌচাগাৰ নিৰ্মাণৰ কামেই হওক, বিশুদ্ধ পানী যোগান ধৰাৰ কামেই হওক, কিমান ডাঙৰ লাভ আমাৰ সাধাৰণ পৰিয়ালৰ হৈ আছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

টেপৰ পৰা পানীৰ কথা মই আৰম্ভণিতে উল্লেখ কৰিছোঁ। WHOৰ এটা ৰিপৰ্ট আহিছে, WHOই কৈছে যে টেপৰ পৰা বিশুদ্ধ পানী উপলব্ধ হোৱাৰ বাবে সেই পৰিয়ালসমূহত যি অন্যান্য ৰোগৰ খৰচ হৈছিল, গড়ে ৪০০০০ টকা পৰিয়ালৰ ৰাহি হৈছে। মই বহুত গণনা কৰা নাই, কিন্তু এনে বহু আঁচনি আছে যিয়ে সাধাৰণ মানুহৰ খৰচ ৰাহি কৰিছে।

সন্মানীয় সভাপতি মহোদয়,

কোটি কোটি দেশবাসীক বিনামূলীয়াকৈ খাদ্য শস্যইও সেই পৰিয়ালৰ হাজাৰ হাজাৰ টকা ৰাহি কৰিছে। পিএম সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি, য’তেই এই আঁচনি ৰূপায়ণ কৰা হৈছে, সেই পৰিয়ালসমূহে প্ৰতি বছৰে গড়ে ২৫ৰ পৰা ৩০ হাজাৰ টকা বিদ্যুতৰ ধন সঞ্চয় কৰি আছে, খৰচত ৰাহি হৈছে আৰু যদি অতিৰিক্ত বিদ্যুৎ আছে, তেন্তে তেওঁলোকে বিক্ৰী কৰি উপাৰ্জন কৰিছে, সেয়া বেলেগ। অৰ্থাৎ সাধাৰণ মানুহৰ সঞ্চয়ো আমি এলইডি বাল্বৰ এটা অভিযান চলাইছিলোঁ। আপুনি জানে যে আমি অহাৰ আগতে এলইডি বাল্ব ৪০০-৪০০ টকাকৈ বিক্ৰী হৈছিল। আমি এনেকুৱা অভিযান চলালোঁ যে ইয়াৰ মূল্য ৪০ টকা হ’ল আৰু এলইডি বাল্বৰ বাবে বিদ্যুতৰ ৰাহিও হ’ল আৰু পোহৰো বেছি পালে আৰু তাত দেশবাসীৰ প্ৰায় ২০০০০ কোটি টকা ৰাহি হ’ল।

সন্মানীয় সভাপতি মহোদয়,

যিসকল কৃষকে ছইল হেল্থ কাৰ্ডৰ বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰিছে তেওঁলোকৰ বহুত লাভ হৈছে আৰু এনে কৃষকে প্ৰতি একৰত ৩০০০০ টকাৰ ৰাহি কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

যোৱা ১০ বছৰত আয়কৰ হ্ৰাস কৰিও আমি মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধিৰ বাবেও কাম কৰিছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

২০১৪ চনৰ আগতে এনে বোমা নিক্ষেপ কৰা হৈছিল, বন্দুকৰ এনে গুলী নিক্ষেপ কৰা হৈছিল যে দেশবাসীৰ জীৱন বিপৰ্য্যস্ত কৰি দিয়া হৈছিল। আমি লাহে লাহে সেই গাঁওবোৰ আৰোগ্য কৰি কৰি আগুৱাই গ’লোঁ৷ ২০০০০০ টকা, ২০১৩-১৪ চনত ২০০০০০ টকা মাত্ৰ ২০০০০০ টকা, ইয়াৰ ওপৰত আয়কৰ ৰেহাই আছিল আৰু আজি ১২ লাখ টকা সম্পূৰ্ণৰূপে আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে আৰু আমি ইয়াৰ মাজৰ সময়ছোৱাতো ২০১৪ চনতো, ২০১৭ চনতো, ২০১৯তো, ২০২৩ চনতো, আমি এই কামটো অবিৰতভাৱে কৰি আহিছোঁ, ঘাবোৰ শুকাই গৈ থাকিল আৰু আজি বেণ্ডেজ বাকী আছিল সেয়াও কৰিলোঁ। তাৰ লগত যদি আমি ৭৫০০০ টকাৰ মানক কৰ্তন যোগ কৰোঁ, তেন্তে ১ এপ্ৰিলৰ পিছত দেশত যি দৰমহা পোৱা শ্ৰেণী আছে তেওঁলোকে ১২.৭৫ লাখ টকা পৰ্যন্ত কোনো আয়কৰ দিব নালাগিব।

সন্মানীয় সভাপতি মহোদয়,

আপুনি যি সময়ত যুৱ মৰ্চাত কাম কৰিছিল, তেতিয়া এটা কথা আপুনি শুনিছিল চাগৈ, পঢ়িছিলো চাগৈ, যে এজন প্ৰধানমন্ত্ৰী আহিল একবিংশ শতিকাত, একবিংশ শতিকাত প্ৰায়ে কৈছিল, এক প্ৰকাৰে এইটো মনত ৰৈ গৈছিল, তেওঁ কৈছিল ২১ শতিকা, ২১ শতিকা। যেতিয়া ইমান সঘনাই কোৱা হৈছিল, সেয়ে সেই সময়ত টাইমছ অফ ইণ্ডিয়াত আৰ কে লক্ষ্মণে এটা বৰ চমকপ্ৰদ কাৰ্টুন বনাইছিল, সেই কাৰ্টুনটো বৰ আমোদজনক আছিল, সেই কাৰ্টুনত এখন বিমান আছে, এজন পাইলট আছে, তেওঁ পাইলট কিয় পছন্দ কৰিছিল সেই কথা মই বাৰু নাজানো, কিছুমান যাত্ৰী বহি আছিল আৰু বিমানখন এখন ঠেলাত ৰখা হৈছিল আৰু শ্ৰমিকে ঠেলাখন ঠেলি আছিল আৰু ২১ শতিকা বুলি লিখা আছিল। সেই সময়ত সেই কাৰ্টুনটো কৌতুক যেন লাগিছিল যদিও, পিছলৈ সেইটো সঁচা বুলি প্ৰতিপন্ন হ’ল।

সন্মানীয় অধ্যক্ষ মহোদয়,

এইটো কটাক্ষ আছিল, ভূস্তৰীয় সত্যৰ পৰা তেতিয়াৰ প্ৰধানমন্ত্ৰীজন কিমান আঁতৰি আছিল যে উৰণীয়া কথাবোৰত লাগি আছিল, ইয়াৰ সেয়া জীৱন্ত প্ৰদৰ্শন কৰা কাৰ্টুন আছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

যিসকলে তেতিয়া একবিংশ শতিকাৰ কথা কৈছিল, তেওঁলোকে ২০ শতিকাৰ প্ৰয়োজনীয়তাও পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজি যেতিয়া মই পিছলৈ ঘূৰি চাওঁ, যোৱা ১০ বছৰৰ আগৰ সকলো বিগত ঘটনা ভালদৰে চাবলৈ সুযোগ পাইছোঁ, তেতিয়া মোৰ বহুত কষ্ট হয়। আমি ৪০-৫০ বছৰ দেৰি কৰিছোঁ, যি কাম ৪০-৫০ বছৰ আগতে সম্পূৰ্ণ হ’ব লাগিছিল, আৰু সেয়েহে এই বছৰ যেতিয়া ২০১৪ চনৰ পৰা দেশৰ জনসাধাৰণে আমাক সেৱা আগবঢ়োৱাৰ সুযোগ দিলে, তেতিয়া আমি যুৱক-যুৱতীসকলৰ ওপৰত অধিক গুৰুত্ব দিলোঁ। আমি যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব দিলোঁ, আমি যুৱক-যুৱতীসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰিলোঁ, আমি বহু খণ্ড মুকলি কৰিলোঁ আৰু ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে দেশৰ যুৱক-যুৱতীসকলে নিজৰ সামৰ্থ্যৰ পতাকা উৰুৱাইছে। আমি দেশৰ মহাকাশ খণ্ড মুকলি কৰিছোঁ, প্ৰতিৰক্ষা খণ্ড মুকলি কৰিছোঁ, অৰ্ধপৰিবাহী অভিযান আনিলোঁ, উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে আমি কেইবাখনো নতুন আঁচনিৰ ৰূপ দিছোঁ, ষ্টাৰ্টআপ ইণ্ডিয়া পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে বিকশিত কৰিছোঁ আৰু এই বাজেটতো সন্মানীয় অধ্যক্ষ মহোদয়, এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে। ১২ লাখ টকাৰ আয়ৰ ওপৰত আয়কৰ ৰেহাই এই বাতৰি ইমান ডাঙৰ হৈ পৰিল যে বহু গুৰুত্বপূৰ্ণ কথাৰ ওপৰত এতিয়াও একাংশ লোকৰ চকু পৰা নাই। সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে আমি পাৰমাণৱিক শক্তি খণ্ড মুকলি কৰিছোঁ আৰু ইয়াৰ দূৰগামী ইতিবাচক প্ৰভাৱ আৰু পৰিণাম দেশে দেখিবলৈ পাব।

সন্মানীয় অধ্যক্ষ মহোদয়,

এআই, থ্ৰীডি প্ৰিণ্টিং, ৰবটিক্স, ভাৰ্চুৱেল ৰিয়েলিটিৰ আলোচনা, আমি গেমিঙৰো তাৎপৰ্য্য কি ইয়াৰ বাবেও চেষ্টা কৰাসকলৰ ভিতৰত আছোঁ। মই দেশৰ যুৱক-যুৱতীসকলক কৈছোঁ যে বিশ্বৰ গেমিং সৃষ্টিৰ সৃষ্টিশীলতা বিশ্বৰ ৰাজধানী ভাৰত কিয় হ’ব নালাগে আৰু মই দেখিছোঁ যে আমাৰ মানুহে অতি দ্ৰুতগতিত কাম কৰি আছে। এতিয়া যেতিয়া কিছুমান মানুহে এআইৰ কথা কয়, তেতিয়া কিছুমানে এই শব্দটো ফেশ্বনত থকাৰ বাবে ব্যৱহাৰ কৰে, কিন্তু মোৰ বাবে ছিংগল AI নহয়, ডবল AI, ভাৰতৰ ডবল শক্তি, এটা AI হৈছে Artificial Intelligence আৰু আনটো AI Aspirational India। আমি স্কুলত ১০০০০ টিংকাৰিং লেব আৰম্ভ কৰিলোঁ আৰু আজি সেই টিংকাৰিং লেবৰ পৰা ওলোৱা ল’ৰা-ছোৱালীয়ে ৰবটিক্স বনাই মানুহক আচৰিত কৰি তুলিছে আৰু এই বাজেটত ৫০০০০ নতুন টিংকাৰিং লেবৰ ব্যৱস্থা কৰা হৈছে। ভাৰত এনে এখন দেশ যাৰ ইণ্ডিয়া এআই মিছনক লৈ সমগ্ৰ বিশ্ব অতি আশাবাদী আৰু বিশ্বৰ এআই প্লেটফৰ্মত ভাৰতৰ উপস্থিতিয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

এইবাৰৰ বাজেটত আমি ডিপ টেকৰ ডমেইন কমত বিনিয়োগৰ কথা কৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে ডিপ টেক আমাৰ বাবে দ্ৰুতগতিত আগবাঢ়ি যাবলৈ আৰু একবিংশ শতিকাটো সম্পূৰ্ণৰূপে প্ৰযুক্তি চালিত শতিকা, এনে অৱস্থাত আমাৰ বাবে প্ৰয়োজনীয় যে ভাৰতে deep tech ক্ষেত্ৰত অতি দ্ৰুতগতিত আগবাঢ়ক।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি অহৰহ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কথা মনত ৰাখি কাম কৰি আছোঁ, কিন্তু কিছুমান দল আছে যিয়ে অনবৰতে যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰি আছে, তেওঁলোকক প্ৰতাৰণা কৰি আছে। এই দলে নিৰ্বাচনৰ সময়ত এই ভাট্টা দিব সেই ভাট্টা দিব বুলি প্ৰতিশ্ৰুতি তো কৰে কিন্তু পূৰণ নকৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

এই দলে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ বাবে এক দুৰ্যোগ হৈ পৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি কেনেকৈ কাম কৰোঁ এয়া হাৰিয়ানাত অলপতে দেশে দেখিছে। কোনো খৰচ নোহোৱাকৈ, কোনো শ্লিপ নোহোৱাকৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ, চৰকাৰ গঠন হোৱাৰ লগে লগে যুৱক-যুৱতীসকলে চাকৰি পালে, আমি যি কওঁ, তাৰেই পৰিণাম।

সন্মানীয় অধ্যক্ষ মহোদয়,

হাৰিয়ানাত তৃতীয়বাৰৰ বাবে ভব্য বিজয় আৰু হাৰিয়ানাৰ ইতিহাসত তৃতীয়বাৰৰ বাবে জয়, এইটো স্বৰূপাৰ্থতে এক ঐতিহাসিক পৰিঘটনা।

সন্মানীয় অধ্যক্ষ মহোদয়,

মহাৰাষ্ট্ৰতো ঐতিহাসিক ফলাফল, জনতা জনাৰ্দনৰ আশীৰ্বাদ, মহাৰাষ্ট্ৰৰ ইতিহাসত শাসকীয় দলৰ হাতত প্ৰথমবাৰৰ বাবে ইমানবোৰ আসন, এয়া জনতা জনাৰ্দনৰ আশীৰ্বাদত আমি লাভ কৰিছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াই নিজৰ ভাষণত আমাৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বিষয়েও বিতংভাৱে আলোচনা কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

সংবিধানৰ ধাৰাসমূহৰ লগতে সংবিধানৰ এক মনোভাৱো আছে আৰু সংবিধানক শক্তিশালী কৰিবলৈ সংবিধানৰ আত্মাক জীয়াই ৰাখিব লাগিব আৰু মই আজি উদাহৰণসহ ক’ব বিচাৰিছোঁ। আমি তেনে মানুহ যি সংবিধানক জীয়ে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ ইয়াত এইটো সঁচা যে পৰম্পৰা আছে যে ৰাষ্ট্ৰপতি মহোদয়াই যেতিয়া ভাষণ দিয়ে তেতিয়া সেই চৰকাৰৰ সেই বছৰৰ কাৰ্যকালৰ সবিশেষ দিয়ে। একেদৰে ৰাজ্যত ৰাজ্যপালৰ ভাষণত সদনত তেওঁ সেই ৰাজ্যৰ কাম-কাজৰ সবিশেষ উল্লেখ কৰে। সংবিধান আৰু গণতন্ত্ৰৰ মনোভাৱ কি? যেতিয়া গুজৰাটৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল, সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছিল আৰু সৌভাগ্যক্ৰমে মই সেই সময়ত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ, তেতিয়া আমি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। এই সোণালী জয়ন্তী বৰ্ষত যোৱা ৫০ বছৰত সদনত ৰাজ্যপালসকলে যি ভাষণ দিছিল, অৰ্থাৎ সেই সময়ৰ চৰকাৰৰে প্ৰশংসা তাত হৈছিল। আমি ক’লোঁ যে সেই ৫০ বছৰত ৰাজ্যপালসকলে দিয়া সকলো ভাষণ, কিতাপৰ ৰূপত প্ৰস্তুত কৰা উচিত, এখন গ্ৰন্থ বনাব লাগে আৰু আজি সেই গ্ৰন্থখন সকলো পুথিভঁৰালতে উপলব্ধ। মই তো বিজেপিৰ আছিলোঁ, গুজৰাটত বেছিভাগেই আছিল কংগ্ৰেছ চৰকাৰ। সেই চৰকাৰসমূহৰ ৰাজ্যপালসকলে ভাষণ দিছিল যদিও সেয়া প্ৰসিদ্ধ কৰাৰ কাম ভাজপাই, ভাজপাৰ পৰা হোৱা এই মুখ্যমন্ত্ৰীয়ে কৰিছিল, কিয়? আমি সংবিধানক জীব জানো। আমি সংবিধানৰ প্ৰতি সমৰ্পিত। আমি সংবিধানৰ মনোভাব বুজি পাওঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

আপুনি জানে, ২০১৪ চনত আমি যেতিয়া আহিছিলোঁ, তেতিয়া মাননীয় বিৰোধী নাছিল। স্বীকৃতিপ্ৰাপ্ত বিৰোধী দল নাছিল। ইমান নম্বৰো লৈ কোনো অহা নাছিল। ভাৰতবৰ্ষৰ এনে বহু আইন আছিল যে সেই আইন অনুসৰি কাম কৰাৰ সম্পূৰ্ণ স্বাধীনতা আমাৰ আছিল, বহু কমিটী এনে আছিল য’ত লিখা আছিল যে বিৰোধী দলৰ নেতা সেইবোৰত অন্তৰ্ভুক্ত হ’ব। কিন্তু বিৰোধী নাছিলেই, স্বীকৃতিপ্ৰাপ্ত বিৰোধী নাছিল। এইটোৱেই আছিল আমাৰ সংবিধান জীয়াৰ স্বভাৱ, এইটোৱেই আছিল আমাৰ সংবিধানৰ আত্মা, এইটোৱেই আছিল আমাৰ গণতন্ত্ৰৰ মৰ্যাদা পালন কৰাৰ উদ্দেশ্য, আমি সিদ্ধান্ত লৈছিলোঁ যে যদিও মাননীয় বিৰোধী নাথাকিব, স্বীকৃতিপ্ৰাপ্ত বিৰোধী নাথাকিব, তথাপিও আটাইতকৈ ডাঙৰ দলৰ সকলো নেতা, তেওঁলোকক সভালৈ নিমন্ত্ৰণ কৰিম। এয়া গণতন্ত্ৰৰ স্পিৰিট, তেতিয়া হয় নিৰ্বাচন আয়োগৰ সমিতিসমূহ।

সন্মানীয় অধ্যক্ষ মহোদয়,

আগতে প্ৰধানমন্ত্ৰীয়ে ফাইল দাখিল কৰি ওলাইছিল, আমিয়েই বিৰোধী দলৰ নেতাকো তাত বহুৱালোঁ আৰু আমি ইয়াৰ বাবে আইনো প্ৰস্তুত কৰিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগ গঠন হ’ব, তেতিয়া বিৰোধী নেতাসকলো ইয়াৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ অংশ হ'ব, এই কাম আমি কৰিছোঁ। আৰু মই ইতিমধ্যে এই কামটো কৰিলোঁ, আমি এই কাৰণে কৰোঁ যে আমি সংবিধানক জীয়াই থাকোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

দিল্লীৰ বহু ঠাই এনেকুৱা পাব য’ত কিছুমান পৰিয়ালে নিজাকৈ মিউজিয়াম বনাই ৰাখিছে। জনতা জনাৰ্দনৰ ধনেৰে কাম হৈ আছে, গণতন্ত্ৰৰ মনোভাব কি, সংবিধানক জীয়াই থকা কাক কয়, আমি পিএম মিউজিয়াম বনালোঁ আৰু দেশৰ প্ৰথমৰ পৰা আৰম্ভ কৰি মোৰ পূৰ্বলৈকে সকলো প্ৰধানমন্ত্ৰীৰ জীৱনক আৰু তেওঁলোকৰ কাৰ্যক লৈ সেই পিএম মিউজিয়াম বনোৱা হৈছে আৰু মই বিচাৰিম যে এই পিএম মিউজিয়ামত যিসকল মহাপুৰুষ আছে, তেওঁলোকৰ পৰিয়ালৰ লোকে সময় উলিয়াই সেই মিউজিয়াম চাব লাগে আৰু তাত কিবা সংযোগ কৰিব যদি লাগে, তেন্তে তেওঁলোকে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা উচিত যাতে সেই সংগ্ৰহালয়টো সমৃদ্ধিশালী হয় আৰু দেশৰ ভেটিয়ে শিশুসকলক অনুপ্ৰাণিত কৰিব পাৰে, এইটোৱেই হৈছে সংবিধানৰ আত্মা! নিজৰ বাবে তো সকলোৱে কৰে, নিজৰ বাবে জীয়াই থকা মানুহৰ দলটো বৰ সৰু নহয়, সংবিধানৰ বাবে জীয়াই থকা মানুহ ইয়াত বহি আছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

যেতিয়া ক্ষমতা সেৱাত পৰিণত হয়, তেতিয়া ৰাষ্ট্ৰ নিৰ্মাণ হয়। যেতিয়া ক্ষমতাক উত্তৰাধিকাৰ কৰি তোলা হয়, তেতিয়া গণতন্ত্ৰৰ অন্ত পৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি সংবিধানৰ ভাবনা লৈ আগবাঢ়োঁ। আমি বিহৰ ৰাজনীতি নকৰোঁ। আমি দেশৰ ঐক্যক সৰ্বোপৰি ৰাখোঁ আৰু সেইবাবেই চৰ্দাৰ বল্লভভাই পেটেলৰ বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ আৰু ঐক্যৰ প্ৰতিমূৰ্তিৰ জৰিয়তে দেশক একত্ৰিত কৰিবলৈ কাম কৰা মহান ব্যক্তিজনক আমি স্মৰণ কৰোঁ আৰু তেওঁ বিজেপিৰ নাছিল, তেওঁ জন সংঘৰ নাছিল। আমি সংবিধানৰ দ্বাৰা জীয়াই থাকোঁ, গতিকে এই চিন্তাৰে আগবাঢ়ি যাওঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

এয়া দেশৰ দুৰ্ভাগ্য যে আজিকালি একাংশ লোকে নগৰীয়া নক্সালৰ ভাষা মুকলিকৈ কৈ আছে আৰু নগৰীয়া নক্সালসকলে কোৱা কথাবোৰ, যেনে ভাৰতীয় ৰাষ্ট্ৰৰ সন্মুখত মৰ্চা লোৱা, চহৰীয়া নক্সালৰ ভাষা কোৱা এইসকল লোকে, ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা লোকে সংবিধান বুজিব নোৱাৰে, দেশৰ ঐক্যও বুজিব নোৱাৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

সাত দশক ধৰি জম্মু আৰু কাশ্মীৰ আৰু লাডাখক সংবিধানৰ অধিকাৰৰ পৰা বঞ্চিত ৰখা হৈছিল। এয়া সংবিধানৰ লগতো অন্যায় আছিল আৰু জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ প্ৰতিও অন্যায় আছিল। আমি ৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি পেলালোঁ, এতিয়া জম্মু-কাশ্মীৰ আৰু লাডাখৰ নাগৰিকে যি অধিকাৰ লাভ কৰিছে আৰু সংবিধানৰ মাহাত্ম্য আমি জানো, সংবিধানৰ মনোভাৱেৰে আমি জীয়াই আছোঁ, সেইবাবেই আমি তেনেকুৱা শক্তিশালী সিদ্ধান্ত আমি কৰোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ সংবিধানে আমাক ভেদভাব কৰাৰ অধিকাৰ দিয়া নাই। সংবিধান পকেটত লৈ জীয়াই থকাসকলে নাজানে যে আপুনি মুছলমান মহিলাক কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলৈ বাধ্য কৰাইছিল। আমি ট্ৰিপল তালাক নাইকিয়া কৰি সংবিধানৰ মনোভাব অনুযায়ী মুছলমান কন্যাক অধিকাৰ দি সমতাৰ অধিকাৰ দিছোঁ। দেশত যেতিয়াই এনডিএ চৰকাৰ হৈছে তেতিয়াই আমি দীঘলীয়া দৃষ্টিভংগীৰে কাম কৰিছোঁ। দেশখন বিভাজিত কৰিবলৈ কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰা হৈছে নাজানো, হতাশা আৰু নিৰাশাই তেওঁলোকক কিমান দূৰলৈ লৈ যাব নাজানো, কিন্তু আমাৰ চিন্তাধাৰা কি, এনডিএৰ অংশীদাৰসকলে কোন দিশত ভাবে, আমাৰ বাবে পিছপৰি থকাসকল, যিসকল অন্তিম আৰু মহাত্মা গান্ধী জীয়ে যি কৈছিল, সেই দিশত আমাৰ মনোযোগ বেছি আৰু তাৰ পৰিণতিতে যদি আমি মন্ত্ৰালয় সৃষ্টি কৰোঁ, তেতিয়াও আমি কোনটো মন্ত্ৰালয় সৃষ্টি কৰোঁ, আমি উত্তৰ-পূবৰ বাবে এটা সুকীয়া মন্ত্ৰালয় সৃষ্টি কৰোঁ। আমি দেশত, ইমান বছৰ হ'ল, অটল জী অহাৰ সময়লৈকে এই কথা কোনেও বুজি পোৱা নাছিল, ভাষণ তো দি থাকে, আদিবাসীসকলৰ বাবে এটা সুকীয়া মন্ত্ৰালয় এনডিএয়ে সৃষ্টি কৰিলে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ দক্ষিণৰ ৰাজ্যবোৰ সাগৰৰ পাৰৰ সৈতে সংযুক্ত। আমাৰ পূবৰ বহু ৰাজ্য সাগৰৰ পাৰৰ সৈতে সংযুক্ত। তাৰ সমাজত মীন পালনৰ কাম আৰু মাছমৰীয়াৰ সংখ্যা অতি বৃহৎ। তেওঁলোকৰো যত্ন লোৱা উচিত আৰু সৰু সৰু ভূগৰ্ভস্থ পানীৰ অঞ্চলতো মাছমৰীয়া ৰূপত সমাজৰ শেষ শ্ৰেণীৰ মানুহ আছে, আমাৰ চৰকাৰেই মীন পালনৰ বাবে সুকীয়া মন্ত্ৰালয়ৰ সৃষ্টি কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

সমাজৰ নিপীড়িত আৰু বঞ্চিত লোকসকলৰ ভিতৰত এটা সম্ভাৱনা আছে, যদি দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয় তেন্তে তেওঁলোকৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব পাৰে। তেওঁলোকৰ আশা আৰু আকাংক্ষাই নতুন জীৱন সৃষ্টি কৰিব পাৰে আৰু সেয়েহে আমি এটা সুকীয়া দক্ষতা মন্ত্ৰালয়ৰ সৃষ্টি কৰিলোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

দেশত গণতন্ত্ৰৰ প্ৰথম ধৰ্ম হ'ল যে আমি ক্ষমতাক প্ৰতিজন সাধাৰণ নাগৰিকৰ ওচৰলৈ লৈ যাব লাগে, আৰু এই কথাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সমবায় খণ্ডক অধিক সমৃদ্ধিশালী আৰু সুস্থ কৰি তুলিবলৈ, আমি দেশৰ কোটি কোটি জনসাধাৰণক সংযোগ কৰাৰ সুযোগ আছে। বহু ক্ষেত্ৰত সমবায় আন্দোলনক সম্প্ৰসাৰণ কৰিব পৰা যায় আৰু সেই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয়ৰ সৃষ্টি কৰিছোঁ, ইয়াত দৃষ্টিভংগী কি সেই কথা বুজিব পাৰি।

সন্মানীয় অধ্যক্ষ মহোদয়,

জাতিৰ কথা কোৱাটো একাংশ মানুহৰ বাবে ফেশ্বন হৈ পৰিছে। যোৱা ৩০ বছৰে, বিগত ৩০ বছৰে সদনলৈ অহা অ’বিচি সম্প্ৰদায়ৰ সাংসদ, দলীয় মতানৈক্যৰ ওপৰলৈ উঠি, একত্ৰিত হৈ ৩০-৩৫ বছৰ ধৰি দাবী জনাই আহিছিল যে অ’বিচি আয়োগক সাংবিধানিক মৰ্যাদা দিব লাগে। আজি যিসকল লোকে জাতিবাদত ক্ৰীম দেখা পায়, তেওঁলোকৰ সেই সময়ত অ’বিচি সমাজখনৰ কথা মনত নপৰিল, আমিয়েই অ’বিচি সমাজখনক সাংবিধানিক মৰ্যাদা দিলোঁ। পিছপৰা শ্ৰেণী আয়োগ আজি সাংবিধানিক ব্যৱস্থাত অন্তৰ্ভুক্ত হৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

প্ৰতিটো খণ্ডত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিয়ে যাতে সৰ্বাধিক সুযোগ পায়, সেই দিশত আমি অতি শক্তিশালীভাৱে কাম কৰিছোঁ। মই আজি এই সদনৰ জৰিয়তে দেশবাসীৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, আৰু অধ্যক্ষ মহোদয় নিশ্চয় দেশবাসীয়ে মোৰ এই প্ৰশ্নটোৰ ওপৰত চিন্তা-চৰ্চা কৰিব আৰু লগতে আলোচনাও কৰিব। কোনোবাই কওকচোন, একে সময়তে সংসদত অনুসূচিত জাতিৰ একেটা পৰিয়ালৰ তিনিজন সাংসদ কেতিয়াবা হৈছে নেকি? অনুসূচিত জাতিৰ একেটা পৰিয়ালৰ তিনিজন সাংসদ কেতিয়াবা হৈছে নেকি? মই আৰু এটা প্ৰশ্ন সুধিছোঁ, কোনোবাই অনুগ্ৰহ কৰি ক'ব পাৰিবনে যে একে কালখণ্ডতে, একে সময়তে সংসদত এছটি শ্ৰেণীৰ একেটা পৰিয়ালৰ তিনিজন এমপি হৈছে নেকি?

সন্মানীয় অধ্যক্ষ মহোদয়,

কিছুমান মানুহৰ কথা আৰু আচৰণৰ মাজত কিমান পাৰ্থক্য আছে, মোৰ এটা প্ৰশ্নৰ উত্তৰত গম পালোঁ। আকাশ-পাতাল পাৰ্থক্য আছে, ৰাতি-দিনৰ পাৰ্থক্য আছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি অনুসূচিত জাতি অনুসূচিত জনজাতি সমাজখনক কেনেকৈ সবল কৰি আছোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, সমাজত উত্তেজনা সৃষ্টি নকৰাকৈ একতাৰ মনোভাব বজাই ৰাখি সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণ কেনেদৰে কৰিব পাৰি তাৰ এটা উদাহৰণ দিম। ২০১৪ চনৰ আগতে আমাৰ দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা আছিল ৩৮৭খন। আজি ৭৮০খন চিকিৎসা মহাবিদ্যালয় আছে। চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে আসনো বৃদ্ধি হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কোণ, সন্মানীয় অধ্যক্ষ মহোদয়, আৰু সেয়েহে কলেজো বাঢ়িছে আৰু আসনৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৪ চনৰ আগতে আমাৰ দেশত অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এমবিবিএছৰ আসনৰ সংখ্যা আছিল ৭৭০০। আমাৰ আগমনৰ পূৰ্বে দলিত সমাজৰ আমাৰ ৭৭০০ যুৱক-যুৱতীৰ ডাক্তৰ হোৱাৰ সম্ভাৱনা আছিল। আমি ১০ বছৰ কাম কৰিলোঁ, আজি এই সংখ্যা বৃদ্ধি পাই এছচি সমাজৰ ১৭০০০ MBBS ডাক্তৰৰ ব্যৱস্থা হৈছে। ক'ত ৭৭০০ আৰু ক'ত ১৭০০০, যদি দলিত সমাজৰ কিবা কল্যাণ আছে আৰু যদি সমাজত উত্তেজনা নোহোৱাকৈ পৰস্পৰৰ সন্মান বৃদ্ধি হৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

২০১৪ চনৰ পূৰ্বে এছটি ছাত্ৰ-ছাত্ৰীৰ বাবে এমবিবি এছৰ আসন আছিল ৩৮০০। আজি এই সংখ্যা প্ৰায় ৯০০০লৈ বৃদ্ধি পাইছে। ২০১৪ চনৰ আগতে অ’বিচিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৪০০০তকৈও কম এমবিবিএছ আসন আছিল, ১৪০০০তকৈও কম আসন আছিল। আজি এই সংখ্যা প্ৰায় ৩২০০০ লৈ বৃদ্ধি পাইছে। ৩২০০০ এমবিবিএছ চিকিৎসক অ’বিচি সমাজৰ পৰা গঢ় ল’ব।

সন্মানীয় অধ্যক্ষ মহোদয়,

যোৱা ১০ বছৰত প্ৰতি সপ্তাহত এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে, প্ৰতিদিনে এখন নতুন আইটিআই নিৰ্মাণ কৰা হৈছে, ২ দিনৰ মূৰে মূৰে এখন নতুন মহাবিদ্যালয় খোলা হৈছে, কল্পনা কৰকচোন আমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি যুৱক-যুৱতীসকলৰ বাবে কিমান বৃদ্ধি হৈছে, ইয়াৰ আপুনি অনুমান কৰিব পাৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি প্ৰতিখন আঁচনিৰ আঁৰত লাগি আছোঁ- ১০০% চেচুৰেচন, ১০০% ইয়াৰ ৰূপায়ণ, যাতে কোনো হিতাধিকাৰী বাদ পৰি নাযায়, আমি সেই দিশত কাম কৰি আছোঁ। প্ৰথমেই আমি বিচাৰোঁ যে যিজনৰ অধিকাৰ আছে তেওঁ পাব লাগে, যদি ইয়াৰ প্ৰাপ্য ব্যক্তিজনৰ বাবে আঁচনি হয় তেন্তে তেওঁৰ ওচৰলৈ যাব লাগে, ১ টকা ১৫ পইচাৰ খেল চলি থাকিব নোৱাৰে। কিন্তু কিছুমান মানুহে যি কৰিলে, মডেলেই এনেদৰে বনাইছিল যে কেইজনমান মানুহকহে দিয়া, আনসকলক অত্যাচাৰ কৰা আৰু তুষ্টিকৰণৰ ৰাজনীতি কৰা। দেশখনক বিকশিত ভাৰত হিচাপে গঢ়ি তুলিবলৈ তুষ্টিকৰণৰ পৰা মুক্তি পাব লাগিব, আমি সন্তুষ্টিকৰণৰ পথ বাছি লৈছোঁ, তুষ্টিকৰণ নহয় সন্তুষ্টিকৰণৰ, আৰু আমি সেই পথত আগবাঢ়িছোঁ। প্ৰতিখন সমাজ, প্ৰতিটো শ্ৰেণীৰ মানুহে কোনো বৈষম্য নোহোৱাকৈ নিজৰ অধিকাৰ পাব লাগে, এয়া হৈছে সন্তুষ্টিকৰণ আৰু মোৰ মতে যেতিয়া মই ১০০% চেচুৰেচনৰ কথা কওঁ তেতিয়া তাৰ অৰ্থ হ’ল আচলতে ই সামাজিক ন্যায়। এইটো আচলতে ধৰ্মনিৰপেক্ষতা আৰু এইটো আচলতে সংবিধানৰ প্ৰতি সন্মান।

সন্মানীয় অধ্যক্ষ মহোদয়,

সংবিধানৰ মনোভাব হ’ল– সকলোৱে উন্নত স্বাস্থ্য লাভ কৰক আৰু আজি কৰ্কট দিৱসো, সমগ্ৰ দেশজুৰি আৰু বিশ্বজুৰি আজি স্বাস্থ্যক লৈ যথেষ্ট চৰ্চাও চলি আছে; কিন্তু এনে কিছুমান লোক আছে যিয়ে দৰিদ্ৰই, বৃদ্ধসকলে, আৰোগ্যৰ সেৱা পাওক, সেই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে, আৰু সেয়াও নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে। আজি আয়ুষ্মানৰ সৈতে দেশৰ ৩০০০০ চিকিৎসালয় জড়িত হৈ আছে আৰু ভাল বিশেষ ব্যক্তিগত চিকিৎসালয়সমূহো ইয়াৰ সৈতে জড়িত হৈ আছে। য'ত আয়ুষ্মান কাৰ্ড থকা লোকে বিনামূলীয়া চিকিৎসা লাভ কৰে। কিন্তু, কিছুমান ৰাজনৈতিক দলে নিজৰ সংকীৰ্ণ মানসিকতাৰ কাৰণে, কু-নীতিৰ বাবে দুখীয়াৰ বাবে এই চিকিৎসালয়সমূহৰ দুৱাৰ বন্ধ কৰি ৰাখিছে আৰু ইয়াৰ লোকচান কৰ্কট ৰোগীয়ে বহন কৰিবলগীয়া হৈছে। শেহতীয়াকৈ জনস্বাস্থ্য আলোচনী লেন্সেটত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে আয়ুষ্মান যোজনাৰ অধীনত সময়মতে কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ হৈছে। চৰকাৰ কৰ্কট ধৰা পেলোৱাৰ ক্ষেত্ৰত অতি গম্ভীৰ। কিয়নো যিমান সোনকালে পৰীক্ষা হ’ব, যিমান সোনকালে চিকিৎসা আৰম্ভ হ’ব, আমি কৰ্কট ৰোগীক বচাব পাৰিম আৰু লেন্সেটে আয়ুষ্মান যোজনাক কৃতিত্ব দি কৈছে যে ভাৰতত এই দিশত বহুত ডাঙৰ কাম হৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

এই বাজেটতো আমি কৰ্কটৰ ঔষধ সস্তা কৰাৰ দিশত অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। কেৱল এয়াই নহয়, এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে আগন্তুক দিনত যিহেতু আজি কৰ্কট দিৱস, গতিকে মই নিশ্চিতভাৱে ক’ব বিচাৰোঁ যে সকলো সন্মানীয় সাংসদে ইয়াৰ সুবিধা ল’ব পাৰে নিজৰ অঞ্চলৰ এনে ৰোগীৰ বাবে, আৰু সেয়া হ’ল ৰোগীজনক আপুনি চিনি পায় হাস্পতাল সিমান নোহোৱাৰ কাৰণেও যথেষ্ট অসুবিধা হয় বাহিৰৰ পৰা অহা ৰোগীৰ, ২০০টা ডে’ কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ সিদ্ধান্ত এই বাজেটত লোৱা হৈছে। এই ডে’ কেয়াৰ চেণ্টাৰে ৰোগীৰ লগতে তেওঁৰ পৰিয়ালকো যথেষ্ট সকাহ দিব।

সন্মানীয় অধ্যক্ষ মহোদয়,

ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ বিষয়ে আলোচনা কৰি থাকোঁতে ইয়াত বৈদেশিক নীতিৰ বিষয়েও আলোচনা হ’ল আৰু একাংশ লোকে অনুভৱ কৰে যে যেতিয়ালৈকে বৈদেশিক নীতিৰ কথা নকয় তেতিয়ালৈকে তেওঁক পৰিপক্ক যেন নালাগে, সেয়েহে তেওঁলোকে অনুভৱ কৰে যে বৈদেশিক নীতিৰ কথা কোৱা দৰকাৰ লাগে দেশৰ ক্ষতি নহওক কিয়। মই এনেকুৱা মানুহক ক'ব বিচাৰিছোঁ, যদি তেওঁলোকে সঁচাকৈয়ে বৈদেশিক নীতিৰ বিষয়টোৰ প্ৰতি আগ্ৰহী আৰু বৈদেশিক নীতি বুজিব বিচাৰে আৰু ভৱিষ্যতে কিবা এটা কৰিবও বিচাৰে, মই এই কথা শশী জীৰ বাবে কোৱা নাই, তেন্তে মই এনেকুৱা মানুহক ক’ম যে এখন কিতাপ জৰুৰ পঢ়ক, হয়তো তেওঁলোকে বহুত কেতিয়া কি ক’ব লাগে, সিমান বুজি পাই যাব, সেই কিতাপখনৰ নাম হৈছে জেএফকেৰ ফৰগটৈন ক্ৰাইছিছ। জেএফ কেনেডীৰ কথা। জেএফ কেৰ ফৰগটৈন ক্ৰাইছিছ নামৰ কিতাপ এখন আছে। এই কিতাপখন এগৰাকী প্ৰখ্যাত বৈদেশিক নীতিৰ পণ্ডিতে লিখিছে আৰু তাত গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ আছে। এই গ্ৰন্থখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু তেওঁ বৈদেশিক নীতিৰো নেতৃত্ব দিছিল। এই গ্ৰন্থখনত পণ্ডিত নেহৰু আৰু তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জনএফ কেনৰ মাজত হোৱা আলোচনা আৰু সিদ্ধান্তৰ বিষয়েও বিতংভাৱে বৰ্ণনা কৰা হৈছে। যেতিয়া দেশ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেতিয়া বৈদেশিক নীতিৰ নামত কি খেল চলি আছিল, সেই কিতাপখনৰ জৰিয়তে এতিয়া পোহৰলৈ আহিছে আৰু সেয়ে এতিয়া মই ক’ম যে অলপ এই কিতাপখন পঢ়ক।

সন্মানীয় অধ্যক্ষ মহোদয়,

ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ পিছত এগৰাকী মহিলা ৰাষ্ট্ৰপতি মহোদয়া, এটা দুখীয়া পৰিয়ালৰ কন্যা, তেওঁক সন্মান কৰিব নোৱাৰে তেন্তে আপোনাৰ ইচ্ছা, কিন্তু তেওঁক নানা ধৰণৰ কথা কৈ অপমান কৰা হৈছে। মই ৰাজনীতি, হতাশা, নিৰাশা বুজিব পাৰোঁ, কিন্তু এগৰাকী ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কি কাৰণ আছে, কি কাৰণ আছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজি ভাৰত এই ধৰণৰ বিকৃত মানসিকতাক ত্যাগ কৰি, সেই চিন্তাধাৰা এৰি নাৰী নেতৃত্বাধীন বিকাশৰ মন্ত্ৰ লৈ আগবাঢ়িছে। যদি আধা জনসংখ্যাই পূৰ্ণ সুযোগ পায়, তেন্তে ভাৰত দুগুণ গতিৰে আগবাঢ়িব পাৰে আৰু এইটোৱেই মোৰ বিশ্বাস, ২৫ বছৰ ধৰি এই ক্ষেত্ৰত কাম কৰাৰ পিছত মোৰ বিশ্বাস অধিক দৃঢ় হৈ উঠিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

বিগত ১০ বছৰত আত্মসহায়ক গোট (SHG)ত এতিয়ালৈকে ১০ কোটি নতুন মহিলাই যোগদান কৰিছে আৰু এই মহিলাসকল বঞ্চিত পৰিয়ালৰ, গ্ৰাম্য পটভূমিৰ। সমাজৰ নিম্নতম স্তৰত বহি থকা এই মহিলাসকলৰ সামৰ্থ্য বাঢ়িল, তেওঁলোকৰ সামাজিক স্তৰো ওপৰলৈ উঠিল আৰু চৰকাৰে তেওঁলোকৰ সাহায্য ২০ লাখ টকালৈ বৃদ্ধি কৰিছে, যাতে তেওঁলোকে এই কামটো আগুৱাই নিব পাৰে। তেওঁলোকৰ কাৰ্যক্ষমতা বাঢ়ক, তেওঁলোকৰ দক্ষতা বাঢ়ক, সেই দিশত আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আজি ইয়াৰ গ্ৰাম্য অৰ্থনীতিত অতি ইতিবাচক প্ৰভাৱ পৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

ৰাষ্ট্ৰপতি মহোদয়াই নিজৰ ভাষণত লাখপতি দিদি অভিযানৰ বিষয়ে আলোচনা কৰিছে। আমাৰ নতুন চৰকাৰ তৃতীয়বাৰৰ বাবে গঠন হোৱাৰ পিছত এতিয়ালৈকে যি তথ্য পঞ্জীয়ন হৈছে সেই অনুসৰি ৫০ লাখৰো অধিক লাখপতি দিদিৰ তথ্য আমাৰ ওচৰলৈ আহিছে আৰু যেতিয়াৰ পৰা মই এই আঁচনিখন আগুৱাই নিছোঁ, এতিয়ালৈকে প্ৰায় ১.২৫ কোটি মহিলা লাখপতি দিদি হৈছে আৰু আমাৰ লক্ষ্য হৈছে যে আমি তিনি কোটি মহিলাক লখপতি দিদি বনাম আৰু ইয়াৰ বাবে অৰ্থনৈতিক কাৰ্যসূচীত গুৰুত্ব দিয়া হ’ব।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজি দেশৰ বহু গাঁৱত ড্ৰোন দিদিৰ চৰ্চা চলি আছে, এক মানসিক পৰিৱৰ্তন গাঁৱলৈ আহিছে, মহিলাই ড্ৰোন উৰুৱাই থকা দেখি, গাঁৱৰ মানুহৰ মহিলাগৰাকীৰ প্ৰতি দৃষ্টিভংগী সলনি হৈছে আৰু আজি নমো ড্ৰোন দিদিয়ে খেতিত কাম কৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। মুদ্ৰা যোজনাও নাৰী শক্তিৰ বাবে তেওঁলোকৰ সৱলীকৰণৰ ক্ষেত্ৰতো বৃহৎ ভূমিকা পালন কৰি আছে। কোটি কোটি মহিলাই প্ৰথমবাৰৰ বাবে মুদ্ৰা যোজনাৰ সহায়ত উদ্যোগৰ ভিতৰত নিজৰ খোজ পেলাইছে আৰু উদ্যোগপতি হিচাপে আত্মপ্ৰকাশ কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

৪ কোটি পৰিয়ালক দিয়া ঘৰৰ ভিতৰত প্ৰায় ৭৫ শতাংশ ঘৰ এনেকুৱা যাৰ মালিকানা অধিকাৰ মহিলাই লাভ কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

এই পৰিৱৰ্তনে একবিংশ শতিকাৰ শক্তিশালী ভাৰতৰ ভেটি স্থাপন কৰিছে। সন্মানীয় অধ্যক্ষ মহোদয়, বিকশিত ভাৰতৰ লক্ষ্য গ্ৰাম্য অৰ্থনীতি, ইয়াক শক্তিশালী নকৰাকৈ আমি বিকশিত ভাৰত গঢ়িব নোৱাৰোঁ আৰু সেয়েহে আমি গ্ৰাম্য অৰ্থনীতিৰ প্ৰতিটো খণ্ড স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমি জানো যে গ্ৰাম্য অৰ্থনীতিত কৃষিৰ এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিকশিত ভাৰতৰ ৪টা স্তম্ভৰ ভিতৰত আমাৰ কৃষকসকল এটা শক্তিশালী স্তম্ভ। যোৱা দশকত কৃষিৰ বাজেট ১০গুণ বৃদ্ধি কৰা হৈছে, ১০গুণ। ২০১৪ চনৰ পিছত কি হৈছিল সেই বিষয়ে কওঁ আৰু এইটো এটা বৃহৎ জাম্প।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজি ইয়াত কৃষকৰ কথা কোৱা সকলে, ২০১৪ চনৰ আগতে ইউৰিয়া বিচৰাৰ বাবে মানুহক লাঠি-চাৰ্জ কৰা হৈছিল। গোটেই ৰাতি শাৰী পাতি থিয় হ’বলগীয়া হৈছিল আৰু সেই সময়তে, যেতিয়া খেতিয়কৰ নামত সাৰ মুকলি কৰা হৈছিল, কিন্তু পথাৰ গৈ নাপাইছিল, আন ক’ৰবাত ক’লা বাজাৰীত আৰু ১ টকা আৰু ১৫ পিচাৱালা হাতৰ চাফাইৰ খেল চলিছিল। আজি কৃষকে পৰ্যাপ্ত পৰিমাণৰ সাৰ লাভ কৰিছে। কোভিডৰ মহা সংকট আহিল, সমগ্ৰ যোগান শৃংখল বিঘ্নিত হ’ল, সমগ্ৰ বিশ্বতে অনিয়ন্ত্ৰিতভাৱে মূল্যবৃদ্ধি হ’ল আৰু পৰিণাম এনে হ’ল, কিয়নো আমি ইউৰিয়াৰ ওপৰত নিৰ্ভৰশীল, আমি বাহিৰৰ পৰা আমদানি কৰিবলগা হয়, আজি ভাৰত চৰকাৰে যি ইউৰিয়াৰ বেগ ৩ হাজাৰ টকা পৰে, চৰকাৰে বোজা বহন কৰিলে আৰু কৃষকক ৩০০ৰো কম দামত দিছে, ৩০০ টকাতকৈ কম। কৃষকৰ যিমান পাৰি সিমান লাভ হওক, ইয়াৰ বাবে আমি অহৰহ কাম কৰি আছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

কৃষকে সস্তাত সাৰ পাওক, এই এটা কামৰ বাবে বিগত ১০ বছৰত ১২ লাখ কোটি টকা খৰচ কৰা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, যাৰ জৰিয়তে প্ৰায় ৩.৫ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ একাউণ্টত প্ৰৱেশ কৰিছে। আমি অভিলেখ পৰিমাণে এমএছপিও বৃদ্ধি কৰিছোঁ আৰু আগৰ তুলনাত যোৱা দশকত তিনিগুণ বেছি আমি ক্ৰয় কৰিছোঁ। কৃষকে ঋণ পাওক, সহজে ঋণ পাওক, সস্তাত ঋণ পাওক, সেয়াও তিনিগুণ বৃদ্ধি কৰা হৈছে। পূৰ্বে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত কৃষকক নিজৰ অৱস্থাতে এৰি দিয়া হৈছিল। আমাৰ কাৰ্যকালত কৃষকসকলে পিএম শস্য বীমাৰ অধীনত ২ লাখ কোটি টকা লাভ কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

জলসিঞ্চনৰ বাবে যোৱা এটা দশকত অভূতপূৰ্ব পদক্ষেপ লোৱা হৈছে আৰু যিসকল লোকে সংবিধানৰ কথা কয়, তেওঁলোকৰ বেছি অৱগত নহয়, এয়াও দুৰ্ভাগ্যজনক, খুব কম সংখ্যক লোকে গম পাব যে আমাৰ দেশত ড° বাবাচাহেব আম্বেদকাৰে পানীৰ আঁচনিক লৈ ইমানখিনি তেওঁৰ দৃষ্টিভংগী স্পষ্ট আছিল, ইমানেই ব্যাপক আছিল আৰু ইমান সমাৱেশী আছিল, যি আজিও আমাক প্ৰেৰণা দিয়ে আৰু ১০০ৰো অধিক জলসিঞ্চন প্ৰকল্প, যি দশক দশক ধৰি ওলমি আছিল, আমি সেয়া সম্পূৰ্ণ কৰাৰ অভিযান চলালোঁ, যাতে কৃষকৰ খেতিত পানী উপলব্ধ হয়। বাবাচাহেবৰ দৃষ্টিভংগীও হৈছে নদীক সংযোগ কৰা, নদীক সংযোগ কৰাৰ ওকালতি বাবাচাহেব আম্বেদকাৰে কৰিছিল। কিন্তু বছৰ বছৰ ধৰি, দশক দশক পাৰ হৈ গ’ল, একো নহ’ল৷ আজি আমি কেন-বেতৱা লিংক প্ৰজেক্ট আৰু পাৰ্বতী-কালিসিন্ধ-চম্বল লিংক প্ৰজেক্টৰ কাম আৰম্ভ কৰিছোঁ আৰু মই তো গুজৰাটৰ কেইবাখনো নদীক এনেদৰে সংযোগ কৰি বিলুপ্ত নদীক পুনৰুজ্জীৱিত কৰাৰ সফল অভিজ্ঞতাও লাভ কৰিছোঁ৷

সন্মানীয় অধ্যক্ষ মহোদয়,

প্ৰতিজন দেশবাসীৰ এয়া সপোন হোৱা উচিত। আমাৰ সকলোৰে সপোন হোৱা উচিত যে পৃথিৱীৰ প্ৰতিখন ডাইনিং টেবুলত মেড ইন ইণ্ডিয়া খাদ্যৰ পেকেট কিয় নাথাকিব। আজি মই সুখী অনুভৱ কৰিছোঁ যে ভাৰতীয় চাহৰ সমান্তৰালকৈ এতিয়া আমাৰ কফিয়েও পৃথিৱীত নিজৰ সুগন্ধি বিয়পাইছে। বজাৰত আলোড়নৰ সৃষ্টি কৰিছে। আনকি আমাৰ হালধিৰ কোভিডৰ পিছত সৰ্বাধিক চাহিদা দেখা গৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আপুনি নিশ্চয় দেখিব যে আগন্তুক সময়ত আমাৰ প্ৰচেছড ছিফুড যাৰ বাবে একাংশ লোকে বিচলিত হৈছিল, বিহাৰৰ মখানা, বিশ্ব গৈ পাব। আমাৰ মোটা শস্য অৰ্থাৎ শ্ৰী অন্নয়ো বিশ্বৰ বজাৰত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি কৰিব।

সন্মানীয় অধ্যক্ষ মহোদয়,

বিকশিত ভাৰতৰ বাবে ফিউচাৰ ৰেডি চহৰবোৰো অতি গুৰুত্বপূৰ্ণ। আমাৰ দেশখন অতি দ্ৰুতগতিত নগৰায়নৰ দিশত আগবাঢ়িছে আৰু ইয়াক প্ৰত্যাহ্বান আৰু সংকট বুলি গণ্য কৰা উচিত নহয়। এইটো এটা সুযোগ বুলি গণ্য কৰা উচিত আৰু আমি সেই দিশত আৰু অধিক কাম কৰা উচিত। আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ফলত সুযোগ সম্প্ৰসাৰণ হয়। য’ত সংযোগ বৃদ্ধি পায়, তাত সম্ভাৱনাও বৃদ্ধি পায়। দিল্লী-ইউপিক সংযোগ কৰা প্ৰথমখন নমো ৰে'ল উদ্বোধন কৰা হয় আৰু মইও তাত যাত্ৰা কৰাৰ সুযোগ পালোঁ। এনে সংযোগ, এনে আন্তঃগাঁথনি ভাৰতৰ সকলো প্ৰধান চহৰলৈ যাব লাগে, এয়া আমাৰ আগন্তুক দিনৰ প্ৰয়োজন আৰু আমাৰ দিশ।

সন্মানীয় অধ্যক্ষ মহোদয়,

দিল্লীৰ নেটৱৰ্ক দুগুণ বৃদ্ধি পালে আৰু আজি মেট্ৰ’ নেটৱৰ্ক টিয়েৰ-২ আৰু টিয়েৰ-৩ চহৰতো উপনীত হৈছে। আজি আমি সকলোৱে গৌৰৱ কৰিব পাৰোঁ, আজি ভাৰতৰ মেট্ৰ’ নেটৱৰ্কে ১০০০ কিলোমিটাৰ অতিক্ৰম কৰিলে আৰু কেৱল এয়াই নহয়, বৰ্তমান আৰু ১০০০ কিলোমিটাৰতো কাম চলি আছে। তাৰ অৰ্থ হ’ল আমি কিমান দ্ৰুতগতিত আগবাঢ়িছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

ভাৰত চৰকাৰে প্ৰদূষণ হ্ৰাস কৰাৰ দিশতো বহু পদক্ষেপ গ্ৰহণ কৰিছে। আমি দেশত ১২ হাজাৰ ইলেক্ট্ৰিক বাছ চলাবলৈ আৰম্ভ কৰিছোঁ আৰু দিল্লীকো ডাঙৰ সেৱা কৰিছোঁ, আমি দিল্লীকো দিছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ দেশত এটা নতুন অৰ্থনীতি সদায় সময়ে সময়ে সম্প্ৰসাৰিত হৈ আছে। আজি ডাঙৰ চহৰত গিগ ইকনমি এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে বিকশিত হৈছে। ইয়াৰ লগত যোগ দিছে লাখ লাখ যুৱক-যুৱতীয়ে। আমি এই বাজেটত কৈছোঁ যে শ্ৰম! ই-শ্ৰম পৰ্টেলত এনে গিগ কৰ্মীসকলে নিজকে পঞ্জীয়ন কৰক আৰু ভেৰিফিকেচনৰ পিছত তেওঁলোকক এই নতুন যুগৰ সেৱা অৰ্থনীতিত আমি কেনেকৈ সহায় কৰিম আৰু ই-শ্ৰম পৰ্টেলত অহাৰ পিছত তেওঁলোকে এটা আইডি কাৰ্ড পাওক আৰু আমি কৈছোঁ যে এই গিগ কৰ্মীসকলক আয়ুষ্মান যোজনাৰো সুবিধা দিয়া হ’ব যাতে গিগ কৰ্মীসকলে সঠিক দিশত আগবাঢ়িব পাৰে আৰু অনুমান কৰা হৈছে যে আজি দেশত প্ৰায় এক কোটি গিগ কৰ্মী আছে আৰু আমি সেই দিশতো কাম কৰি আছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

এমএছএমই খণ্ডই বিপুল সংখ্যক চাকৰিৰ সুযোগ আনে আৰু ই এনে এটা খণ্ড যিটোত নিয়োগৰ সম্ভাৱনা অপৰিসীম। এই ক্ষুদ্ৰ উদ্যোগসমূহ আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতীক। দেশৰ অৰ্থনীতিত  আমাৰ এমএছএমই খণ্ডই এক বৃহৎ অৱদান আগবঢ়াইছে। আমাৰ নীতি স্পষ্ট, এমএছএমইক সৰলতা, সুবিধা আৰু সমৰ্থন, এনে এটা খণ্ড যিটোত নিয়োগৰ সম্ভাৱনা আছে আৰু এইবাৰ আমি মিছন মেনুফেকচাৰিঙৰ ওপৰত গুৰুত্ব দিছোঁ আৰু এটা মিছন মোডত আমি মেনুফেকচাৰিং খণ্ডক অৰ্থাৎ এমএছএমইক শক্তি দিব বিচাৰোঁ আৰু এমএছএমইৰ জৰিয়তে আমি বহু যুৱক-যুৱতীক নিয়োগ প্ৰদান কৰা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিয়োগৰ বাবে প্ৰস্তুত কৰা, এনেকুৱা সমগ্ৰ পৰিৱেশ তন্ত্ৰক শক্তি প্ৰদান কৰি আমি অগ্ৰসৰ হৈছোঁ। এমএছএমই খণ্ডৰ উন্নতিৰ বাবে আমি বহু দিশত কাম আৰম্ভ কৰিছোঁ। এমএছএম ইৰ বাবে মাপকাঠী ২০০৬ চনত সৃষ্টি কৰা হৈছিল, ইয়াক আপডেট কৰা হোৱা নাই। যোৱা ১০ বছৰত আমি এই মাপকাঠী দুবাৰকৈ উন্নীত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইবাৰ আমি এক বৃহৎ জাঁপ মাৰিছোঁ। ২০২০ চনত প্ৰথমবাৰৰ বাবে, এই বাজেটত দ্বিতীয়বাৰৰ বাবে আমি এমএছএমইসমূহক আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। সকলোতে আৰ্থিক সাহায্য দিয়া হৈছে।

এমএছএমইসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান হৈছে আনুষ্ঠানিক আৰ্থিক সম্পদৰ অভাৱ। কোভিডৰ সংকটৰ সময়ত MSME সমূহক বিশেষ গুৰুত্ব দিয়া হৈছে। আমি খেলনা উদ্যোগটোক বিশেষ গুৰুত্ব দিছোঁ। আমি বস্ত্ৰ উদ্যোগক বিশেষ গুৰুত্ব দিলোঁ, তেওঁলোকক নগদ ধনৰ নাটনিৰ সন্মুখীন হ’বলৈ নিদিলোঁ আৰু কোনো নিশ্চয়তা অবিহনে ঋণ দিলোঁ। হাজাৰ হাজাৰ উদ্যোগত লাখ লাখ চাকৰিৰ সম্ভাৱনা সৃষ্টি হ’ল আৰু চাকৰি নিশ্চিতও হ’ল। ক্ষুদ্ৰ উদ্যোগৰ বাবে আমি কাষ্টমাইজড ক্ৰেডিট কাৰ্ড, ক্ৰেডিট গ্যাৰাণ্টী কভাৰেজৰ দিশত পদক্ষেপ লৈছোঁ, যাতে তেওঁলোকৰ ইজ অৱ ডুইং বিজনেছো প্ৰসাৰিত হয় আৰু তেওঁলোকে অপ্ৰয়োজনীয় নিয়ম হ্ৰাস কৰা বাবে, তেওঁলোকৰ প্ৰশাসনিক বোজা যি আছিল, এজন বা দুজন ব্যক্তিক তেওঁলোকে কামত ধন দিবলগীয়া হৈছিল, সেয়াও বন্ধ কৰি দিয়া হ'ল। এমএছএমইক উদ্গনি দিবলৈ যি আমি নতুন নীতি প্ৰস্তুত কৰিলোঁ, আপুনি জানি সুখী হ'ব যে এটা সময় আছিল ২০১৪ৰ আগতে, খেলনাৰ দৰে সামগ্ৰী আমি ৰপ্তানি কৰিছিলোঁ, আজি মই গৌৰৱেৰে ক’ব পাৰোঁ যে মোৰ দেশৰ খেলনা বনোৱা ক্ষুদ্ৰ উদ্যোগে আজি বিশ্বত খেলনা ৰপ্তানি কৰি আছে আৰু আমদানি যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। ৰপ্তানি প্ৰায় ২৩৯ শতাংশ বৃদ্ধি পাইছে। এমএছএমইৰ জৰিয়তে পৰিচালিত এনে বহু খণ্ড আছে, যিয়ে সমগ্ৰ বিশ্বতে নিজৰ স্থান দখল কৰিছে। মেড ইন ইণ্ডিয়া কাপোৰ, ইলেক্ট্ৰনিকছ, ইলেক্ট্ৰিকেল স্কাউটৰ সামগ্ৰী আজি আন দেশৰ জীৱনৰ অংগ হৈ পৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে দেশ আগবাঢ়িছে আৰু অতি আত্মবিশ্বাসেৰে আগবাঢ়িছে। বিকশিত ভাৰতৰ সপোন, এয়া কোনো চৰকাৰী সপোন নহয়। এয়া ১৪০ কোটি দেশবাসীৰ সপোন আৰু এই সপোন এতিয়া সকলোৱে যিমান শক্তি দিব পাৰে, দিয়াৰ প্ৰয়াস কৰিব লাগিব আৰু পৃথিৱীত উদাহৰণ আছে যে, ২০-২৫ বছৰৰ কালখণ্ডত বিশ্বৰ বহু দেশে নিজকে উন্নত কৰি দেখুৱাইছে, তেন্তে ভাৰতৰ তো অপৰিসীম শক্তি আছে। আমাৰ জনগাঁথনি আছে, গণতন্ত্ৰ আছে, চাহিদা আছে, আমি কিয় কৰিব নোৱাৰিম? এই বিশ্বাসেৰে আমি আগবাঢ়িব লাগিব আৰু আমিও ২০৪৭ চনৰ ভিতৰত যেতিয়া দেশৰ স্বাধীনতাৰ ১০০ বছৰ হ’ব আৰু তেতিয়ালৈকে আমি এখন বিকশিত ভাৰত হৈহে এৰিম, এই সপোন লৈ অগ্ৰসৰ হৈছে৷

আৰু সন্মানীয় অধ্যক্ষ মহোদয়,

মই বিশ্বাসেৰে কওঁ যে আমি আৰু ডাঙৰ লক্ষ্যত উপনীত হ’ব লাগিব আৰু আমি কৰিমেই আৰু সন্মানীয় অধ্যক্ষ মহোদয়, এয়া তো আমাৰ তৃতীয়টো কাৰ্যকাল মাত্ৰ। আমি দেশৰ আৱশ্যকতা অনুযায়ী, আধুনিক ভাৰত নিৰ্মাণ কৰিবলৈ, সক্ষম ভাৰত গঢ়িবলৈ আৰু বিকশিত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰিবলৈ, আমি আহিবলগীয়া বহু বছৰলৈ লাগি থাকিবলৈ ওলাইছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

মই সকলো ৰাজনৈতিক দলক আহ্বান জনাইছোঁ, সকলো নেতাক আহ্বান জনাইছোঁ, দেশবাসীক আহ্বান জনাইছোঁ, নিজস্ব ৰাজনৈতিক মতাদৰ্শ থাকিব, নিজস্ব ৰাজনৈতিক কাৰ্যসূচী থাকিব, কিন্তু দেশতকৈ ডাঙৰ একো হ’ব নোৱাৰে; আমাৰ সকলোৰে বাবে দেশ সৰ্বোপৰি আৰু আমি একেলগে এখন বিকশিত ভাৰতৰ সপোনক নিজৰ ১৪০ কোটি দেশবাসীৰ সপোনো আমাৰ সপোন, য'ত বহি থকা প্ৰতিজন সাংসদে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিবলৈ কাম কৰি আছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

মই ৰাষ্ট্ৰপতি মহোদয়াৰ অভিভাষণৰ ওপৰত নিজৰ ধন্যবাদ প্ৰকাশ কৰি আপোনাৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, সদনৰো কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches $1.5 billion maritime insurance pool, issues first covers

Media Coverage

India launches $1.5 billion maritime insurance pool, issues first covers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves Upgradation and Modernisation of Nagpur International Airport through long term license involving Private Partner under Public Private Partnership (PPP)
May 13, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the Extension of Lease Period of the Airports Authority of India (AAI)’s land leased to MIL (MIHAN India Limited) beyond 06.08.2039, so as to enable MIL to license Nagpur Airport to the Concessionaire, viz. GMR Nagpur International Airport Limited (GNIAL) for 30 years since Commercial Operation Date (COD).

This marks a major milestone in Nagpur airport’s journey to becoming a regional aviation hub under the Multi-modal International Cargo Hub and Airport at Nagpur (MIHAN) project.

In 2009, a Joint Venture Company (JVC)- MIL was formed by AAI and Maharashtra Airport Development Company Ltd. (MADC) with equity structure of 49:51 respectively. Though Airport assets of AAI were transferred to MIL in 2009 for airport operation, the lease deed got delayed due to land demarcation issues. Subsequently, AAI land has been leased to MIL up to 06.08.2039.

In 2016, MIL floated a global tender for identifying a Partner to operate the airport under the Public-Private Partnership (PPP) model. GMR Airports Ltd. (GAL) emerged as the highest bidder, with quoted revenue share of 5.76%. This was later revised to 14.49% of Gross Revenue. Subsequently, MIL annulled the bidding process in March, 2020. This annulment was successfully challenged by GAL before Hon'ble Bombay High Court. Thereafter, Hon’ble Supreme Court of India also ruled in favor of GAL. Pursuant to Supreme Court Judgement dated 27th September, 2024, MIL signed Concession Agreement with 2nd JVC, i.e. GMR Nagpur International Airport Ltd. (GNIAL) on 8th October, 2024.

A New Era for Nagpur Airport :

With extension of Lease Period of the AAI land leased to MIL beyond 06.08.2039, it would now become co-terminus with the 30 years Concession Period of GNIAL, paving the way for handing over of airport to 2nd JVC-GNIAL. This is expected to usher in a new era of growth and infrastructure advancement for Nagpur Airport. With private sector efficiency and government oversight, the Airport is poised to see significant investment, modernization, and improved passenger and cargo services — Government of India's vision for robust infrastructure development in the aviation sector.

GNIAL will take up the transformation of Nagpur's Dr. Babasaheb Ambedkar International Airport into a world-class facility with phased development envisaged to reach the ultimate capacity of handling 30 million passengers annually, positioning it as a key Airport in Central India. This transformation is set to not only enhance connectivity within the Vidarbha region, but also strengthen its economic infrastructure. Cargo handling capabilities would also be significantly boosted.